ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সুধাকণ্ঠৰ শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠান সম্পন্ন
৮০ শিক্ষাৰ্থীৰ অংশ গ্ৰহণ
চাইন অন ডেস্ক,৬নবেম্বৰ:
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ড° ভূপেন হাজৰিকা পৰিবেশ্য কলা অধ্যয়ন কেন্দ্ৰত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ স্মৃতি দিৱস উদযাপন কৰা হয়৷ পুৱা সুধাকণ্ঠৰ প্ৰতিকৃতি সন্মুখত বন্তি প্ৰজ্বলন কৰে পৰিবেশ্য কলা কেন্দ্ৰৰ অধ্যক্ষ ড° পল্লৱী ডেকা বুজৰবৰুৱা,বিশিষ্ট নাট্যশিল্পী জ্যোতি নাৰায়ণ নাথ
আৰু বিশিষ্ট সত্ৰীয়া সংস্কৃতিৰ সাধক উপেন বৰুৱা বৰবায়নে৷ ইয়াৰপিছতে ‘জিলিকাব লুইতৰে পাৰ’-শীৰ্ষক এটি মনোজ্ঞ অনুষ্ঠান ৰূপায়ণ কৰা হয়৷অনুষ্ঠানটি শুভাৰম্ভ কৰি বক্তব্য প্ৰদান কৰে বিশিষ্ট আবৃত্তিকাৰ জিন্তি হাজৰিকাই৷অনুষ্ঠানত সুধাকণ্ঠৰ জীৱন-দৰ্শন আৰু অৱদানৰ বিষয়ে বিস্তাৰিত ভাৱে আলোকপাত কৰে প্ৰাধ্যাপক ড° পল্লৱী ডেকা বুজৰবৰুৱাই৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পাঁচ বছৰীয়া সংহত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ অধীনত ড° ভূপেন হাজৰিকা পৰিৱেশ্য কলা কেন্দ্ৰত অধ্যয়নৰত বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ আশীগৰাকী শিক্ষাৰ্থীয়ে অনুষ্ঠান ব্যৱস্থাপনা কাকতৰ অংশৰূপে পৰিকল্পনা আৰু ব্যৱস্থাপনাৰে ৰূপায়ন কৰা এই অনুষ্ঠানটিত কাকতৰ তত্ত্বাৱধায়ক ড° মৃণাল কুমাৰ বৰুৱাই সুধাকণ্ঠৰ স্মৃতিত আয়োজিত অনুষ্ঠানটিৰ সম্পৰ্কে এটি আভাস দাঙি ধৰে৷ ছাত্ৰ- ছাত্ৰীসকলে পৰিৱেশন কৰা ‘মানুহে মানুহৰ বাবে’- শীৰ্ষক সমবেত সংগীত,ভূপেন হাজৰিকা গীতত সৃষ্টিমূলক নৃত্য আৰু সুধাকণ্ঠৰ অৱদান সম্পৰ্কে ছাত্ৰ-ছাত্ৰীয়ে প্ৰদান কৰা বক্তব্যই সমগ্ৰ অনুষ্ঠানটি প্ৰাণৱন্ত কৰি তোলে৷উল্লেখযোগ্য যে,সন্ধিয়া বিশ্ববিদ্যালয়ৰ বিজ্ঞান আৰু সংস্কৃতি উদ্যানত থকা সুধাকণ্ঠৰ প্ৰতিকৃতিৰ সন্মুখত সামূহিকভাৱে বন্তি প্ৰজ্বলন কৰে৷