...

ডিব্ৰুগড়ৰ বগীবিলত সুধাকণ্ঠৰ মৃত্যু বাৰ্ষিকী উদযাপন

ডিব্ৰুগড়ৰ বগীবিলত সুধাকণ্ঠৰ মৃত্যু বাৰ্ষিকী উদযাপন

অনুষ্ঠানত সাংবাদিক প্ৰশান্ত শইকীয়াক সংবাদ ৰত্ন বঁটা প্ৰদান

চাইন অন ডেস্ক,৬নৱেম্বৰ:

ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ মৃত্যু বার্ষিকী অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড় জিলাৰ বৰবৰুৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত বগীবিল পঞ্চায়তৰ প্ৰেক্ষাগৃহত কালি লুইতপুৰীয়া লোক সাংস্কৃতিক কলা কেন্দ্ৰ,বগীবিল ব্ৰহ্মপুত্ৰ কলা কেন্দ্ৰ আৰু আশা ৰেঙণি নাট্যগোষ্ঠীৰ যৌথ উদ্যোগত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ ১৫ সংখ্যক মৃত্যুবাৰ্ষিকী পালন কৰা হয় । সুধাকণ্ঠৰ প্রতিমূৰ্তিৰ সম্মুখত বন্তি প্রজ্বলন, মাল্যার্পণ আৰু সুধাকণ্ঠৰ গীতে -মাতে সাংস্কৃতিক কাৰ্যসূচীৰে শুভাৰম্ভ কৰা হয়। বন্তি প্রজ্বলন কৰে গাঁৱৰ ৯২ বৰ্ষীয় বয়োজ্যেষ্ঠ সমাজকর্মী দণ্ডিধৰ গগৈ,ৰুদ্ৰেশ্বৰ বৰুৱা, চন্দ্ৰ শইকীয়াৰ লগতে উদ্যোক্তা সকলে। প্ৰতিচ্ছবিত মাল্যার্পণ কৰে অনুষ্ঠানত উপস্থিত থকা আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকলে। ইয়াৰ পিছতে ড° হাজৰিকাৰ জীৱন-কৃতিৰ ওপৰত বক্তব্য দাঙি ধৰি অতিথি সকলে নিজৰ অভিমত ব্যক্ত কৰে। অনুষ্ঠানটি বছৰে বছৰে পালন কৰি থাকিবলৈ তিনিওটা অনুষ্ঠানলৈ সকলোৱে আহ্বান জনায়। ৰঞ্জুমনি বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনিৰ আঁতধৰে শিল্পী তথা লুইতপুৰীয়া লোক সাংস্কৃতিক কলা কেন্দ্ৰৰ অধ্যক্ষ বিপিন বৰা আৰু লাবণ্য দাসে। অনুষ্ঠানত ড০ হাজৰিকাৰ গীত পৰিৱেশন কৰে শিল্পী ৰতন গগৈ, সুন্দৰ নৃত্য পৰিৱেশন কৰে নৃত্য শিল্পী চন্দনা বৰদলৈ আৰু নিৰন্ত দাসে। ব্ৰহ্মপুত্ৰ কলা কেন্দ্ৰৰ শিল্পী সকলে দিহা নাম পৰিবেশন কৰে। উল্লেখ্য যে উক্ত সাংস্কৃতিক অনুষ্ঠানতে লুইতপুৰীয়া লোক সাংস্কৃতি কলা কেন্দ্ৰ,বগীবিল ব্ৰহ্মপুত্ৰ কলা কেন্দ্ৰ আৰু আশা ৰেঙণি নাট্যগোষ্ঠী তৰফৰ পৰা যৌথভাবে ‘সংবাদ ৰত্ন বঁটা ২০২৬’ প্ৰদান কৰে বিশিষ্ট সাংবাদিক প্ৰশান্ত শইকীয়াক। একেটা অনুষ্ঠানতে টেকেলা চিৰিং গাঁওৰ শিল্পী নিশামনি বৰুৱাক ‘লোক সংস্কৃতি সাধনা বটাঁ’ প্ৰদান কৰা হয়।সুধাকণ্ঠৰ অমৰ সৃষ্টিৰাজিক চিৰস্মৰণীয় কৰি ৰাখিবলৈ আয়োজিত এই অনুষ্ঠানত বটাঁ প্ৰাপক গৰাকীয়ে ড°ভূপেন হাজৰিকাই অসমৰ সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে আৰু ৰাইজৰ মৰমতে এই সন্মান পাবলৈ সক্ষম হোৱা বুলি বঁটা প্ৰাপক প্ৰশান্ত শইকীয়াই ভাষণ প্ৰসংগত কয় আৰু ৰাইজৰ আশীৰ্বাদ শিৰত লৈ সকলকে শ্ৰদ্ধাজনাই এই বটাঁ গ্ৰহণ কৰিছে বুলি নিজৰ অভিমত ৰাজহুৱাকৈ প্ৰকাশ কৰে। প্ৰশান্ত শইকীয়াক এই বঁটা প্ৰদান কৰাৰ বাবে ডিব্ৰুগড়ৰ জ্যেষ্ঠ সাংবাদিক তথা অসম আদিত্য কাকতৰ সম্পাদক মনজিৎ বৰাই শুভেচ্ছা জ্ঞাপন কৰে। অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক এম হাছিম আলী,অসম আই.টি.আই, ডিব্ৰুগড় সঞ্চালক গৌতম দাস, লুইতপুৰীয়া লোক সাংস্কৃতিক কলা কেন্দ্ৰৰ সভাপতি উদয় কৃষ্ণ হাজৰিকা, সাংস্কৃতিক বিভাগৰ আহ্বায়ক অচ্যুৎ দাস,বগীবিল ব্ৰহ্মপুত্ৰ কলা কেন্দ্ৰৰ সভানেত্ৰী স্মৃতি গগৈ চুতীয়া, অধ্যক্ষ প্ৰকাশ লোহাৰ,আশা ৰেঙণি নাট্যগোষ্ঠীৰ সভাপতি ধন দাস, সম্পাদিকা লাৱণ্য দাস, পপী শইকীয়াৰ লগতে ডিব্ৰুগড়ৰ বগীবিল তথা দাঁতি-কাষৰীয়া অঞ্চলৰ শুভাকাংক্ষী আৰু কলা- সংস্কৃতিপ্ৰেমী ৰাইজৰ উপস্থিতি থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *