...

ৰাজ্যত অতিশ্ৰীঘেই আত্মপ্ৰকাশ মটক জনগোষ্ঠীৰ ৰাজনৈতিক মঞ্চৰ

ৰাজ্যত অতিশ্ৰীঘেই আত্মপ্ৰকাশ মটক জনগোষ্ঠীৰ ৰাজনৈতিক মঞ্চৰ

১৫ নবেম্বৰত ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ৰাজনৈতিক অভিবৰ্তন

চাইন অন ডেস্ক,৬নবেম্বৰ:

ৰাজ্য ৰাজনৈতিক ক্ষেত্ৰখনত আৰু এটা ৰাজনৈতিক দল গঠনৰ দিশে আগবাঢ়িছে। সমাগত মটক স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৰাজ্য অন্যতম এটি আদিম ভূমিপুত্ৰ মটক জনগোষ্ঠীৰ লোকসকলক ৰাজনৈতিকভাৱে শক্তিশালী আৰু একত্ৰিত কৰি এক উমৈহতীয়া ৰাজনৈতিক মঞ্চৰ গঠনৰ দিশে আগবাঢ়িছে মটক ৰাইজ। আজি শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয়ত অনুষ্ঠিত হয় গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠকত মটক জনগোষ্ঠীৰ আটাইকেইটা ভাতৃ সংগঠনৰ নেতৃত্বৰ লগতে মটক জনগোষ্ঠীৰ বুদ্ধিজীৱি, সাহিত্যিক, সাংবাদিক আৰু মটকৰ সচেতন নাগৰিকে অংশগ্ৰহণ কৰে। মটক জনগোষ্ঠীৰ পিতৃ সংগঠন সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন, মটক মহিলা পৰিষদ, সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ অসম মটক ছাত্ৰ সন্থাৰ বিষয়-ববীয়াসকলে অংশগ্ৰহণ কৰে। আজি বৈঠকত শ্ৰীঘ্ৰেই মটক জনগোষ্ঠীৰ ৰাইজৰ বাবে ৰাজনৈতিক মঞ্চৰ গঠন কৰা লগতে অহা ১৫ নবেম্বৰত ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এখন ৰাজনৈতিক অভিবৰ্তন অনুষ্ঠিত কৰা সিদ্ধান্ত গ্ৰহণ কৰা হয়। আজি সভাত সদৌ অসম মটক সন্মিলনৰ সভাপতি চান্দকুমাৰ গোঁহাই, সম্পাদক কিৰণ ৰাজখোৱা, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ মুখ্য উপদেষ্টা ৰঞ্জিত গোঁহাই, মিন্টু বৰপাত্ৰ, সভাপতি স্বৰূপ গোহাঁই, উপ-সভাপতি গিৰীশ পাত্ৰ, প্ৰশান্ত চেতিয়া, সাধাৰণ সম্পাদক অমলেন্দু ফুকন, প্ৰচাৰ সম্পাদক গোলাপ লাহন, মটক মহিলা পৰিষদৰ সভানেত্ৰী সুবৰ্ণপাত্ৰ গোহাঁই, সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা অনুপ চেতিয়া লগতে সদৌ অসম মটক ছাত্ৰ সন্থাৰ বিষয়-ববীয়াসকলে অংশগ্ৰহণ কৰে।বৈঠকৰ জৰিয়তে মটক জনগোষ্ঠীৰ সকলো ৰাইজকেই ৰাজনৈতিক এই অভিবৰ্তনত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *