হাজো-শুৱালকুছি সমষ্টিৰ নাগৰিক সমাজৰ উদ্যোগত কালি সন্ধিয়া মধ্য শুৱালকুছিৰ ন-পাৰা দুৰ্গা পূজা মণ্ডপত এখন গুৰুত্বপূৰ্ণ প্ৰবুদ্ধ নাগৰিক সভা অনুষ্ঠিত হয়। বংশৰ ভৃঙ্গেশ্বৰ হাইস্কুলৰ অৱসৰী প্ৰধান শিক্ষক ভগৱান বৈশ্যৰ সভাপতিত্বত অনুষ্ঠিত এই সভাৰ মূল বিষয়বস্তু আছিল “গণতন্ত্ৰ বচাও, অৰাজকতা হাটাও”। ৰাজ্যখনত শান্তি-শৃংখলা বজায় ৰখা আৰু গণতান্ত্ৰিক মূল্যবোধ অক্ষুণ্ণ ৰখাৰ বাবে আহ্বান জনাই অনুষ্ঠিত হোৱা এই সভাত হাজো-শুৱালকুছি সমষ্টিৰ বিধায়ক প্ৰকাশ চন্দ্ৰ দাস, বিজেপি ৰাজ্যিক কৃষক মৰ্চাৰ সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্য্য, বিজেপি অসম ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি ৰাকেশ দাস, শুৱালকুছি জিলা পৰিষদৰ সদস্য ধীৰাজ মহন্ত, বিজেপি উত্তৰ কামৰূপ জিলাৰ সভাপতি ভাস্কৰ কলিতা আৰু জিলাখনৰ সহ-প্ৰভাৰী অনুপ মেধিয়ে সভাত বিষয় বস্তুৰ ওপৰত মূল্যবান ভাষণ প্ৰদান কৰে।বক্তাসকলে নিজৰ বক্তব্যত সমাজত সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰি উপস্থিত ৰাইজৰ মাজত এক ইতিবাচক আৰু সজাগতামূলক বাৰ্তা প্ৰেৰণ কৰে। তেওঁলোকে ভাষণত কংগ্ৰেছ দলে এচ আই আৰৰ বিৰুদ্ধাচাৰণ কৰা কাৰ্যৰ তীব্ৰ সমালোচনা কৰে। দেশৰ নিৰ্বাচনী আয়োগ এটা স্বতন্ত্ৰ সংস্থা, ইয়াত চৰকাৰৰ হস্তক্ষেপত নচলে। নিৰ্বাচনী আয়োগে সদায় স্বতন্ত্ৰ ভাৱে কাম কৰে। গতিকে বিৰোধী দলে দেশৰ নিৰ্বাচনী আয়োগ আনৰ দ্বাৰা পৰিচালিত হোৱা বুলি সমালোচনা কৰাটো অপ্ৰাসংগিক বুলি বিধায়ক প্ৰকাশ চন্দ্ৰ দাসে ভাষণত উল্লেখ কৰে। সভাত সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিশিষ্ট জ্যেষ্ঠ নাগৰিকসকলৰ লগতে সাধাৰণ ৰাইজৰ উপস্থিতিয়ে সভাখন সাফল্যমণ্ডিত কৰি তোলে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Notify me of follow-up comments by email.
Notify me of new posts by email.