কিদৰে ঘাতক ঘনকান্তই হত্যা কৰিছিল?
গাড়ী পাৰ্কিঙক লৈ আৰম্ভ হোৱা তৰ্কই ৰূপ ল’লে নৰসংহাৰৰ!
চাইন অন ডেস্ক, ৫নৱেম্বৰ:

সত্যেন্দ্ৰ পাঠকৰ ভাষ্য অনুসৰি, হোটেলখনৰ সমীপত গাড়ী ৰখাক কেন্দ্ৰ কৰিয়েই প্ৰথমে ঘনকান্ত গগৈৰ সৈতে বাক-বিতণ্ডাৰ সূত্ৰপাত হৈছিল। পাৰ্কিঙত ঠাই নথকাত অলপ আঁতৰত গাড়ী ৰখাই তেওঁলোক হোটেলৰ ভিতৰলৈ আহিছিল। সেই সময়তে ঘনকান্ত গগৈয়ে গাড়ীখন পাৰ্কিঙত ৰখাৰ বিষয়ক লৈ আপত্তি দৰ্শাইছিল। ইয়াকে কেন্দ্ৰ কৰি দুয়োপক্ষৰ মাজত কিছু সময় উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল।

গুলীৰ শব্দ শুনি প্ৰাণৰ মমতাত সকলোৱে ইফালে-সিফালে দৌৰিবলৈ ধৰে। সত্যেন্দ্ৰ পাঠকেও আন লোকৰ সৈতে পলায়নৰ চেষ্টা কৰে। তেওঁ এখন কম্পিউটাৰ মেৰামতিৰ দোকানৰ ভিতৰত আশ্ৰয় ল’বলৈ সোমাই যায়। কিন্তু ঘাতক ঘনকান্ত গগৈয়ে তাতো উপস্থিত হৈ নাৰায়ণ দাসক লক্ষ্য কৰি গুলীচালনা কৰে। সেই সময়তে সত্যেন্দ্ৰ পাঠককো ঠেলা মাৰি গুলীচালনা কৰাত তেওঁৰ পিঠিৰ ফালে গুলী লাগে আৰু তেওঁ মাটিত ঢলি পৰে।

সত্যেন্দ্ৰ পাঠকৰ ভাষ্যত প্ৰকাশ পোৱা এই ভয়ংকৰ অভিজ্ঞতাই হোটেল বিলাস ইনত সেইদিনা সংঘটিত নৃশংস হত্যাকাণ্ডৰ বিভীষিকাময় ছবিখন পুনৰ স্পষ্ট কৰি তুলিছে।