...

আলোকচিত্র শিল্পী সৌৰভ দুৱৰাৰ

আলোকচিত্র শিল্পী সৌৰভ দুৱৰাৰ

‘ফিছিং নেট ইন উইণ্টাৰ মৰ্ণিং’লৈ আন্তঃজাতিক স্বীকৃতি

ডিব্ৰুগড়ত আনন্দৰ বন্যা

চাইন অন ডেস্ক,২নৱেম্বৰঃ

ফটোগ্রাফীক ছ’চাইটি অব ইণ্ডিয়াই অনুষ্ঠিত কৰা ২৪ সংখ্যক ইণ্টাৰনেচনেল চেলন-২০২৬ আলোকচিত্র প্রতিযোগিতাত আলোকচিত্র শিল্পী সৌৰভ দুৱৰাৰ আলোকচিত্র ‘ফিছিং নেট ইন উইণ্টাৰ মর্ণিং’ শীর্ষক ছবিখনত আন্তঃজাতিক স্বীকৃতি প্রদান কৰিছে। যোৱা ছেপ্টেম্বৰ মাজত অনুষ্ঠিত এই প্রতিযোগিতা বিশ্বৰ বিভিন্ন প্রান্তৰ চাৰিশ দহজন আলোকচিত্র শিল্পীৰ এহেজাৰ ছশ চল্লিশখন আলোকচিত্ৰৰ মাজৰ পৰা ‘অপেন কালাৰ’ শিতানত এই ছবিখনে স্বীকৃতি লাভ কৰিছে। ইয়াৰ আগতেও দুৱৰাৰ এই ছবিখনে আন্ত:ৰ্জতিক লোকচিত্র প্রতিযোগিতাত পুৰস্কাৰ লাভ কৰিছিল। ১৯৩৭ চনত স্থাপিত ফটোগ্রাফীক ছ’চাইটি অব ইণ্ডিয়াই আয়োজন কৰা এই বিখ্যাত প্রতিযোগিতাত বিচাৰক হিচাবে আছিল মহম্মদ আলী ছালিম (ই এছ এ), এঞ্জেলিঅ’ দি টমাছ (ফ্রান্স) আৰু সুব্রত ব্যাশাক (ভাৰত)।
এই প্রতিযোগিতা বিশ্বৰ প্রধান আৰু ৰাষ্ট্ৰীয় ফটোগ্রাফীক সংস্থাসমূহৰ কঠোৰ নিৰ্দেশনা, অনুমোদন আৰু স্বীকৃতিৰ অধীনত অনুষ্ঠিত হয়। ইয়াৰ আগতেও দুৱৰাৰ কেইবাখনো আলোকচিত্র আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় পর্যায়ত প্রতিযোগিতাত পুৰস্কৃত হৈছে। দুৱৰাৰ এই সাফল্যত ডিব্ৰুগড়বাসীয়ে যথেষ্ট সন্তুষ্টি প্রকাশ কৰি,তেখেতক অভিনন্দন আৰু আন্তৰিক শুভেচ্ছাৰে উপচাই পেলাইছে।উল্লেখযোগ্য যে সৌৰভ দুৱৰাই বিগত চাৰি দশক ধৰি এই ফটোগ্ৰাফীৰ সতে জড়িত থকাৰ লগতেই অসমীয়া প্ৰতিদিন কাকতৰ সৈতেও জড়িত হৈ আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *