...

ডিব্ৰুগড়ত “ৰক্তহীনতা মুক্ত চাহ বাগিচা” শীৰ্ষক অভিলাষী পাইলট প্ৰকল্পৰ শুভাৰম্ভণি

ডিব্ৰুগড়ত “ৰক্তহীনতা মুক্ত চাহ বাগিচা” শীৰ্ষক অভিলাষী পাইলট প্ৰকল্পৰ শুভাৰম্ভণি

ৰক্তহীনতা মুক্ত ভৱিষ্যতৰ সুদূৰপ্ৰসাৰী লক্ষ্য

চাইন অন ডেস্ক,১ নৱেম্বৰ:

ডিব্ৰুগড় জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য সমিতিৰ যৌথ উদ্যোগত আজি “ৰক্তহীনতা মুক্ত চাহ বাগিচা” শীৰ্ষক এক অভিলাষী, মানৱীয় আৰু সুদূৰপ্ৰসাৰী পাইলট কাৰ্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভণি কৰা হয়।

“ৰক্তহীনতা মুক্ত চাহ বাগিচা” এই উদ্যোগৰ অধীনত ডিব্ৰুগড় জিলাৰ ৬ টা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মুঠ ৮ খন চাহ বাগিচা ক্ৰমে – দক্ষিণ জালান নগৰ চাহ বাগিচা, মনোহাৰী চাহ বাগিচা, লেংৰাই চাহ বাগিচা, জুটলিবাৰী চাহ বাগিচা, লেপেটকটা চাহ বাগিচা, মৰাণ চাহ বাগিচা, দিনজয় চাহবাগিচা আৰু আচাবাম চাহ বাগিচাত এই প্ৰকল্পৰ অধীনত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব।

এই প্ৰকল্পৰ মূল দৰ্শন হৈছে নিৰ্বাচিত বাগিচা কেইখনক ৰক্তহীনতা মুক্ত কৰাৰ সমান্তৰালভাৱে এক বহনক্ষম আচৰণগত পৰিৱৰ্তনৰ সৃষ্টি কৰা। অৰ্থাৎ কেৱল সাময়িক চিকিৎসা প্ৰদানেই নহয়, জনসচেতনতা আৰু আচৰণ পৰিৱৰ্তনৰ জৰিয়তে যাতে পৰৱৰ্তী প্ৰজন্মলৈকে এই বাগিচাসমূহ ৰক্তহীনতা মুক্ত হৈ থাকে, তাৰ বাবে এক বহনক্ষম পৰিৱেশ-তন্ত্ৰ আৰু স্বাস্থ্য সংস্কৃতি গঢ়ি তোলা।

এই প্ৰকল্পৰ আজিৰ শুভাৰম্ভণি কাৰ্যসূচী অত্যন্ত উৎসাহ-উদ্দীপনাৰে সম্পন্ন হয়। লেপেটকটা চাহ বাগিচাত জিলা উপায়ুক্ত শ্ৰী বিক্ৰম কৈৰীয়ে উপস্থিত থাকি প্ৰথম দিনৰ কাৰ্যসূচীৰ আনুষ্ঠানিক পৰিদৰ্শন কৰে। তেওঁক সহকাৰী জিলা আয়ুক্ত শ্ৰী কাৰ্তিকেয় কুমাৰে সংগ দিয়ে। আনহাতে, দক্ষিণ জালান নগৰ চাহ বাগিচাত অনুষ্ঠিত কাৰ্যসূচীত ভাৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা: সৌমেন্দ্ৰ কুমাৰ ভাগৱতীয়ে জিলা পৰ্যায়ৰ বিষয়াসকলৰ সৈতে অংশগ্ৰহণ কৰে। একেদৰে, জিলাখনৰ আটাইকেইখন নিৰ্বাচিত বাগিচাতে জিলা প্ৰতিনিধি, মহকুমা স্বাস্থ্য বিষয়া, ব্লকৰ বিষয়া-কৰ্মচাৰী আৰু বাগিচা পৰিচালনা গোটৰ উপস্থিতিত সজাগতা, বেছলাইন জৰীপ আৰু হিম’গ্লবিন পৰীক্ষাৰে প্ৰথম দিনৰ কাৰ্যসূচী আৰম্ভ কৰা হয়।

উল্লেখযোগ্য যে, এই কাৰ্যসূচীক ১২ মাহৰ সু-পৰিকল্পিত কৰ্ম-আঁচনি হিচাপে ৰূপায়ণ কৰা হ’ব। ইয়াক – বেছলাইন মেপিং বা প্ৰাৰম্ভিক স্বাস্থ্য জৰীপ, ক্লিনিকেল কেয়াৰ বা চিকিৎসা সেৱা প্ৰদান, নিউট্ৰিচনেল শ্বিফ্ট বা পুষ্টি আৰু খাদ্যাভ্যাসৰ পৰিৱৰ্তন আৰু ইমপেক্ট অডিট বা প্ৰভাৱ মূল্যায়ন এই চাৰিটা পৰ্যায়ত বিভক্ত কৰা হৈছে। স্বাস্থ্য, সমাজ কল্যাণ, শিক্ষা আৰু বাগিচা পৰিচালনা সমিতিৰ আন্তঃবিভাগীয় সমন্বয়ৰ জৰিয়তে এই প্ৰকল্প ৰূপায়ণ কৰা হ’ব।

এই কাৰ্যসূচীৰ অধীনত বাগিচা সমূহৰ ০-৫ বছৰলৈকে ল’ৰা-ছোৱালী উভয়কে আৰু ৫ বছৰৰ ঊৰ্ধ্বৰ কিশোৰী, মহিলা, গৰ্ভৱতী আৰু প্ৰসূতি মাতৃসকলক বিশেষভাৱে অন্তৰ্ভুক্ত কৰা হৈছে।

উল্লেখযোগ্য যে, ৰক্তহীনতা কেৱল এক স্বাস্থ্যজনিত সমস্যাই নহয়, ই মাতৃ-শিশুৰ মৃত্যু, শিশুৰ শাৰীৰিক-মানসিক বিকাশত বাধা আৰু কৰ্মক্ষমতা হ্ৰাসৰ অন্যতম মূল কাৰণ। বিশেষকৈ চাহ জনগোষ্ঠীৰ মহিলা আৰু কিশোৰীসকলৰ মাজত ইয়াৰ প্ৰাদুৰ্ভাৱ অধিক। এই প্ৰেক্ষাপটত ডিব্ৰুগড় জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ এই সময়োপযোগী আৰু সুদূৰপ্ৰসাৰী পদক্ষেপে “এনিমিয়া মুক্ত ভাৰত”ৰ সপোনক বাস্তৱায়িত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হ’ব। যদিও বৰ্তমান এই অভিযান পৰীক্ষামূলকভাৱে আঠখন নিৰ্বাচিত চাহ বাগিচাত এক পাইলট প্ৰকল্প হিচাপে আৰম্ভ কৰা হৈছে, তথাপি ইয়াৰ সফল ৰূপায়ণে সংশ্লিষ্ট বাগিচাসমূহৰ মহিলাসকলৰ স্বাস্থ্য সূচকত উল্লেখযোগ্য উন্নতি সাধন কৰাৰ লগতে ভৱিষ্যতে এই সফল আৰ্হি জিলাখনৰ অন্যান্য বাগিচাসমূহলৈ সম্প্ৰসাৰণৰ পথ প্ৰশস্ত কৰি পৰ্যায়ক্ৰমে ডিব্ৰুগড় জিলাৰ প্ৰতিখন চাহ বাগিচাকে ৰক্তহীনতা মুক্ত কৰাৰ বহু-প্ৰত্যাশিত লক্ষ্যৰ দিশত এক সুদূৰপ্ৰসাৰী, বৈজ্ঞানিক আৰু বহনক্ষম আৰ্হি হিচাপে পথ প্ৰদৰ্শক হ’ব বুলি আশা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *