...

হঠাতে চলন্ত নৈশ ছুপাৰ বাছত নৱজাতকৰ ক্ৰন্দন !

হঠাতে চলন্ত নৈশ ছুপাৰ বাছত নৱজাতকৰ ক্ৰন্দন !

চালক বাবুল বৰপাত্ৰৰ তৎপৰতা

বাছৰ মালিকে আগবঢ়ালে ৫ হাজাৰ টকাৰ আৰ্থিক সাহায্য

চাইন অন ডেস্ক,২৯অক্টোবৰ:

 

কেতিয়াবা জীৱনৰ যাত্ৰাপথত এনে কিছুমান ঘটনা সংঘটিত হয়, যিয়ে মানৱতাৰ প্ৰতি মানুহৰ বিশ্বাস অধিক দৃঢ় কৰি তোলে।ৰাজ্যখনত সংঘটিত তেনে এক বিশেষ ঘটনাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।
গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখে গৈ থকা এখন নৈশ ছুপাৰ বাছত সংঘটিত এনে এক ঘটনাই সকলোৰে হৃদয় জয় কৰিছে। কাজিৰঙাৰ সমীপত চলন্ত বাছখনতে প্ৰসৱ বেদনাত আক্ৰান্ত এগৰাকী মহিলাই এটি কন্যা সন্তান জন্ম দিয়ে। বাছৰ চালক বাবুল বৰপাত্ৰৰ তৎপৰতা আৰু সহযাত্ৰীসকলৰ সহযোগিতাৰ ফলত এই জৰুৰী পৰিস্থিতিত মহিলাগৰাকীক সহায় আগবঢ়োৱা সম্ভৱ হয়
প্ৰাপ্ত তথ্য অনুসৰি, ‘আইদেউ জান’ নামৰ নৈশ ছুপাৰ বাছখন গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখে গৈ থকা অৱস্থাত কাজিৰঙাৰ সমীপত এগৰাকী গৰ্ভৱতী মহিলাৰ হঠাতে প্ৰসৱ বেদনা আৰম্ভ হয়। মহিলাগৰাকীৰ কষ্ট দেখি বাছখনৰ ভিতৰত হুৱাদুৱা লাগে। এনে পৰিস্থিতিত চালক বাবুল বৰপাত্ৰই পৰিস্থিতিৰ গুৰুত্ব বুজি তাৎক্ষণিকভাৱে বাছখন পথৰ কাষত নিৰাপদ স্থানত ৰখায়।

ঘটনাটোৰ বিষয়ে বৰ্ণনা কৰি চালক বাবুল বৰপাত্ৰই কয় যে তেওঁ বাছ চলাই গৈ থকা সময়তে ভিতৰৰ পৰা চিঞৰ-বাখৰ শুনিবলৈ পায়। কি হৈছে বুলি সোধাত যাত্ৰীসকলে এগৰাকী মহিলাৰ সন্তান জন্ম হ’বলৈ ওলোৱাৰ কথা জনায়।
চালকগৰাকীয়ে কয়, “কেইবাজনো যাত্ৰীয়ে বাছৰ লাইট বন্ধ কৰিবলৈ কৈছিল। মই লগে লগে ‘এক মিনিট’ বুলি কৈ বাছখন পথৰ কাষত ৰখাই দিওঁ। বাছখন ৰখোৱাৰ লগে লগেই সন্তান জন্মৰ প্ৰক্ৰিয়া আৰম্ভ হয়।”
তেওঁৰ মতে, মহিলাগৰাকীক ব্যক্তিগত আবুৰ প্ৰদান কৰাৰ উদ্দেশ্যে বাছখনত থকা সকলো পুৰুষ যাত্ৰীক বাহিৰলৈ নামি যাবলৈ কোৱা হয়। তাৰ পিছত কম্বল আৰু কাপোৰৰ সহায়ত বাছৰ ভিতৰতে অস্থায়ীভাৱে প্ৰসৱৰ ব্যৱস্থা কৰা হয়। বাছৰ কৰ্মচাৰী আৰু আন যাত্ৰীসকলেও নিজৰ সাধ্য অনুসৰি সহায়ৰ হাত আগবঢ়ায়।
“সেই সময়ত আমি কি কৰিব লাগে সেয়া ভালদৰে বুজি পোৱা নাছিলোঁ। তথাপি সকলোৱে মিলি সহায় কৰিবলৈ চেষ্টা কৰিলোঁ। সন্তান জন্ম হোৱাৰ পিছতে আমি এম্বুলেঞ্চলৈ খবৰ দিওঁ,” বুলি চালকগৰাকীয়ে জানিবলৈ দিয়ে।
বাবুল বৰপাত্ৰই জনোৱা মতে, মহিলাগৰাকী পৰিয়ালৰ সাতগৰাকী সদস্যৰ সৈতে যাত্ৰা কৰি আছিল। তেওঁলোক জাগীৰোডৰ পৰা ডিমৌলৈ যাবলৈ বাছখনত উঠিছিল। সন্তান জন্মৰ পিছতে এম্বুলেঞ্চ আহি উপস্থিত হয় আৰু মাতৃ তথা নৱজাতক কন্যা

সন্তানটিক চিকিৎসাৰ বাবে ওচৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়। উপলব্ধ তথ্য অনুসৰি, মাতৃ আৰু নৱজাতক দুয়োৰে স্বাস্থ্যৰ অৱস্থা স্বাভাৱিক বুলি জানিব পৰা গৈছে।
এই ঘটনাই বাছখনত থকা যাত্ৰীসকলৰ মাজত স্বস্তি আৰু আনন্দৰ পৰিৱেশ সৃষ্টি কৰে। কিছু সময় আগলৈকে উদ্বেগ আৰু উৎকণ্ঠাৰে ভৰি থকা বাছখনত নৱজাতকৰ কান্দোন শুনাৰ লগে লগে আনন্দৰ পৰিৱেশে বিৰাজ কৰে।
ইফালে, এই মানৱীয় ঘটনাৰ প্ৰতি সঁহাৰি জনাই বাছখনৰ মালিকেও মহিলাগৰাকীক ৫ হাজাৰ টকাৰ আৰ্থিক সাহায্য আগবঢ়ায়।
কাজিৰঙাৰ সমীপত সংঘটিত এই ঘটনাই পুনৰ প্ৰমাণ কৰিলে যে বিপদৰ সময়ত মানুহৰ কাষত থিয় দিয়াটোৱেই মানৱতাৰ প্ৰকৃত পৰিচয়। চালক, বাছৰ কৰ্মচাৰী আৰু সহযাত্ৰীসকলৰ ঐক্যবদ্ধ প্ৰচেষ্টাই এগৰাকী প্ৰসূতিক তাৎক্ষণিক সহায় আগবঢ়োৱাৰ লগতে মানৱীয় সংবেদনশীলতা আৰু সহযোগিতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিলে।

Leave a Reply

Your email address will not be published. Required fields are marked *