...

বৰবৰুৱাৰ চেঁচা আলিয়াচুক গাৱঁৰ খেতিপথাৰত বনৰীয়া ম’হৰ আতংক

বৰবৰুৱাৰ চেঁচা আলিয়াচুক গাৱঁৰ খেতিপথাৰত বনৰীয়া ম’হৰ আতংক

আক্ৰমণত গুৰুতৰভাৱে আহত কুশল চাংমাই

শশ বিঘা ধাননীত বনৰীয়া ম’হৰ উপদ্ৰৱ, বন বিভাগৰ ভূমিকাক লৈ ক্ষুব্ধ স্থানীয় ৰাইজ

চাইন অন ডেস্ক,২৯অক্টোবৰ:

ডিব্ৰুগড়ৰ খোৱাঙ সমষ্টিৰ অন্তৰ্গত বৰবৰুৱাৰ চেঁচা আলিয়া চুকত বনৰীয়া ম’হৰ উপদ্ৰৱে আতংকিত কৰি তুলিছে স্থানীয় ৰাইজক।যোৱা ২৭অক্টোবৰৰ দিনা ধাননি পথাৰত ধান দাই থকা অৱস্থাতে বনৰীয়া ম’হৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় কুশল চাংমাই নামৰ খেতিয়ক গৰাকীৰ।
স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, দীৰ্ঘদিন ধৰি অঞ্চলটোত বনৰীয়া ম’হৰ উপদ্ৰৱ অব্যাহত আছে। ফলত অঞ্চলটোৰ শশ বিঘা ধাননিৰ বিস্তৃত এলেকাত বনৰীয়া ম’হে উপদ্ৰৱ চলোৱাত কৃষকসকলৰ মাজত আতংকৰ সৃষ্টি হৈছে। ধান চপোৱাৰ সময়তে এনে পৰিস্থিতিৰ সৃষ্টি হোৱাত কৃষকসকলৰ নিৰাপত্তাক লৈও উদ্বেগ বৃদ্ধি পাইছে।
ইফালে, বনৰীয়া ম’হৰ উপদ্ৰৱ ৰোধৰ ক্ষেত্ৰত খোৱাং আঞ্চলিক বন বিভাগৰ ভূমিকাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। ৰাইজৰ অভিযোগ অনুসৰি, বন বিভাগৰ কৰ্মীসকলে মাজে-সময়ে অঞ্চলটো পৰিদৰ্শন কৰিলেও সমস্যাটোৰ স্থায়ী সমাধানৰ ক্ষেত্ৰত বিশেষ ফলপ্ৰসূ পদক্ষেপ পৰিলক্ষিত হোৱা নাই। আনকি, পৰিদৰ্শনৰ সময়ত জোতাত বোকা লাগিব বুলি অজুহাত দেখুৱাই বনকৰ্মীসকলে দায়িত্ব সামৰে বুলিও অভিযোগ উত্থাপন কৰিছে একাংশ স্থানীয় লোকে।বনৰীয়া ম’হৰ আক্ৰমণত এজন ব্যক্তি গুৰুতৰভাৱে আহত হোৱাৰ ঘটনাই অঞ্চলবাসীৰ মাজত অধিক আতংকৰ সৃষ্টি কৰিছে। সেয়ে, বনৰীয়া ম’হৰ উপদ্ৰৱ নিয়ন্ত্ৰণৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে কৃষক আৰু সাধাৰণ ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ বন বিভাগৰ ওচৰত দাবী জনাইছে স্থানীয় ৰাইজে।এক ১২জনীয়া বনৰীয়া ম’হৰ জাকটোৱে এফালৰ পৰা খেতিপথাৰ গছকি, মহতিয়াই খাই তহিলং কৰিছে বুলিও ৰাইজে জানিবলৈ দিছে।বনৰীয়া ম’হৰ উপদ্ৰৱত আতংকিত হৈ ধান দাবলৈ দাৱনীয়ে খেতিপথাৰলৈ যাবলৈও আশংকা প্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *