...

তিনিচুকীয়াৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ২০০ কোটি টকা

তিনিচুকীয়াৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ২০০ কোটি টকা

৫০ কোটি টকাৰে নিৰ্মাণ হ’ব আধুনিক প্ৰেক্ষাগৃহ

চাইন অন ডেস্ক,২৯ অক্টোবৰঃ

তিনিচুকীয়া জিলাৰ আন্তঃগাঁথনি উন্নয়ন আৰু নগৰ সৌন্দৰ্যবৰ্ধনৰ বাবে বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপৰ কথা ঘোষণা কৰে। ইয়াৰ ভিতৰত পথ নিৰ্মাণ আৰু নলা-নৰ্দমা উন্নয়নৰ বাবে ২০০ কোটি টকাৰ প্ৰস্তাৱিত বিনিয়োগ, সংহত জিলা আয়ুক্তৰ কাৰ্যালয় আৰু ৫০ কোটি টকা ব্যয়সাপেক্ষে এখন আধুনিক প্ৰেক্ষাগৃহ নিৰ্মাণৰ পৰিকল্পনা অন্যতম।

বুধবাৰে সন্ধিয়া মানৱ কল্যাণ পূজা ভৱনত অনুষ্ঠিত এখন সভাত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে স্বীকাৰ কৰে যে ৰাজ্যৰ আন অঞ্চলৰ তুলনাত তিনিচুকীয়াই আন্তঃগাঁথনি উন্নয়ন আৰু নগৰ সৌন্দৰ্যবৰ্ধনৰ ক্ষেত্ৰত পৰ্যাপ্ত গুৰুত্ব লাভ কৰা নাই। তেওঁ কয় যে বাণিজ্যিকভাৱে গুৰুত্বপূৰ্ণ এই চহৰখনৰ নাগৰিক সা-সুবিধা, ৰাজহুৱা আন্তঃগাঁথনি আৰু শিক্ষাৰ পৰিৱেশ উন্নত কৰাৰ বাবে চৰকাৰে অধিক তৎপৰতা গ্ৰহণ কৰিব।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “ৰাজ্যৰ অৰ্থনীতিলৈ তিনিচুকীয়াৰ জনসাধাৰণে যথেষ্ট অৱদান আগবঢ়াই আহিছে। কিন্তু আন্তঃগাঁথনি উন্নয়ন আৰু সৌন্দৰ্যবৰ্ধনৰ ক্ষেত্ৰত চহৰখন পিছপৰি ৰোৱা বুলি এটা ধাৰণা গঢ় লৈ উঠিছে। মুখ্যমন্ত্ৰী হিচাপে মই অনুভৱ কৰোঁ যে ইয়াত যিমানখিনি কাম কৰিব লাগিছিল, সিমানখিনি আমি কৰিব পৰা নাই। তিনিচুকীয়াৰ বাবে আৰু অধিক কাম কৰাৰ প্ৰয়োজন আছে।”

নগৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বিশেষ পদক্ষেপ ঘোষণা কৰি তেওঁ কয় যে জিলাখনৰ পথ নিৰ্মাণ আৰু নলা-নৰ্দমা ব্যৱস্থাৰ উন্নয়নৰ বাবে ২০০ কোটি টকা আবণ্টন দিয়াৰ ব্যৱস্থা কৰা হ’ব। এই ধনৰাশিৰে কোনবোৰ পথ আৰু নলা-নৰ্দমা ব্যৱস্থাৰ উন্নয়নক অগ্ৰাধিকাৰ দিয়া হ’ব, সেয়া নিৰ্ধাৰণ কৰিবলৈ তিনিচুকীয়া পৌৰসভা, স্থানীয় বিধায়ক আৰু ৰাইজৰ সৈতে আলোচনা কৰাৰ পোষকতা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

ইয়াৰ উপৰি বিভিন্ন চৰকাৰী বিভাগক একেটা স্থানতে সংস্থাপন কৰাৰ উদ্দেশ্যে এখন সংহত জিলা আয়ুক্তৰ কাৰ্যালয় নিৰ্মাণৰ পৰিকল্পনাৰ কথাও তেওঁ ঘোষণা কৰে। ইয়াৰ ফলত প্ৰশাসনিক কাম-কাজ অধিক সুচল হোৱাৰ লগতে জনসাধাৰণে চৰকাৰী সেৱা লাভ কৰাত সুবিধা পাব বুলি আশা কৰা হৈছে।

এহাজাৰ দৰ্শকৰ আসন-ব্যৱস্থাসম্পন্ন এখন আধুনিক প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে ৫০ কোটি টকা ব্যয় কৰা হ’ব। আন প্ৰস্তাৱিত প্ৰকল্পসমূহৰ ভিতৰত আছে বাছ আস্থান, বহুমহলীয়া পাৰ্কিং ব্যৱস্থা, কচুজান ষ্টেডিয়ামৰ উন্নীতকৰণ, উন্নত পথবাতি আৰু জিলা পুথিভঁৰালৰ আধুনিকীকৰণ।

ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে তিনিচুকীয়া পৌৰসভাৰ অধীনত ১৫সংখ্যক বিত্ত আয়োগৰ পুঁজিৰে ৰূপায়ণ কৰা চাৰিটা নাগৰিক উন্নয়নমূলক প্ৰকল্প পৰিদৰ্শন কৰে। এই প্ৰকল্পকেইটাত মুঠ ৮ কোটি টকাতকৈ অধিক ধন ব্যয় কৰা হৈছে।

প্ৰকল্পকেইটাৰ ভিতৰত আছে তামুলবাৰীৰ শ্বহীদ পিয়লি ফুকন খেলপথাৰৰ উন্নয়ন আৰু সৌন্দৰ্যবৰ্ধন, শ্ৰীপুৰীয়াৰ বৰগোঁহাই পুখুৰীৰ পুনৰুজ্জীৱন তথা মহাত্মা গান্ধী পাৰ্ক আৰু বিষ্ণু ৰাভা পাৰ্কৰ সৌন্দৰ্যবৰ্ধন।

খেলপথাৰ উন্নয়ন প্ৰকল্পটোৰ বাবে ৪.৫৪ কোটি টকা আৰু পুখুৰী পুনৰুজ্জীৱন প্ৰকল্পটোৰ বাবে ২.৩৩ কোটি টকা ব্যয় নিৰ্ধাৰণ কৰা হৈছে। আনহাতে, মহাত্মা গান্ধী পাৰ্কৰ বাবে ৪৫.৯০ লাখ টকা আৰু বিষ্ণু ৰাভা পাৰ্কৰ বাবে ৫৭.২৭ লাখ টকা ব্যয় ধাৰ্য কৰা হৈছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰায় ১.৫ কোটি টকা ব্যয়েৰে প্ৰস্তুত কৰা ‘সমগ্ৰ সেৱা’ নামৰ এটা ডিজিটেল মঞ্চও মুকলি কৰে। এই ব্যৱস্থাৰ জৰিয়তে পৌৰসভাৰ বিভিন্ন সেৱা নাগৰিকৰ স্মাৰ্টফোনত উপলব্ধ হ’ব। এই এপ্লিকেচনৰ সহায়ত নাগৰিকে আৱৰ্জনা সংগ্ৰহ কৰা বাহনৰ অৱস্থান বাস্তৱ সময়ত নিৰীক্ষণ কৰিব পাৰিব। ইয়াৰ উপৰি সম্পত্তি কৰ পৰিশোধ, ব্যৱসায়িক অনুজ্ঞাপত্ৰ আৰু নিৰ্মাণৰ অনুমতিৰ বাবে আবেদন তথা পৌৰসভা সম্পৰ্কীয় অভিযোগ দাখিল কৰাৰ সুবিধাও লাভ কৰিব। এই কামসমূহৰ বাবে পৌৰসভাৰ কাৰ্যালয়লৈ যোৱাৰ প্ৰয়োজন নহ’ব।

উচ্চ শিক্ষাৰ ক্ষেত্ৰতো তিনিচুকীয়াত এখন বিশ্ববিদ্যালয় আৰু এখন অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপনৰ পৰিকল্পনাৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ উল্লেখ কৰে। জিলাখনত চিকিৎসা মহাবিদ্যালয় স্থাপনৰ পিছত এই পদক্ষেপসমূহ গ্ৰহণ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

তেওঁ কয়, “যোৱা নিৰ্বাচনী প্ৰচাৰৰ সময়ত আমি প্ৰতিখন জিলাতে এখন চিকিৎসা মহাবিদ্যালয়, এখন বিশ্ববিদ্যালয় আৰু এখন অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপনৰ প্ৰতিশ্ৰুতি দিছিলোঁ। তিনিচুকীয়াত চিকিৎসা মহাবিদ্যালয় স্থাপন হোৱাৰ পিছত ইয়াতো এখন বিশ্ববিদ্যালয় আৰু এখন অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপনৰ বাবে প্ৰচেষ্টা চলোৱা হ’ব।”

ঔদ্যোগিক বিকাশৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে তিনিচুকীয়াত বিনিয়োগ আৰু উদ্যোগ স্থাপনৰ অনুকূল পৰিৱেশ গঢ়ি তোলাৰ প্ৰয়োজন আছে। জিলাখনৰ অৰ্থনৈতিক সম্ভাৱনা অধিক শক্তিশালী কৰাৰ লগতে উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবলৈ তেওঁ ৰাইজৰ সহযোগিতা কামনা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *