বৰবৰুৱাৰ কুহিয়াৰ বাৰী ৫২নং বি ৰাষ্ট্ৰীয় পথৰ দাঁতিত পলিথিন সামগ্ৰী:ব্যাপক প্ৰদূষণ
চাইন অন ডেস্ক,২৯অক্টোবৰ:
ডিব্ৰুগড় জিলাৰ বৰবৰুৱাৰ কুহিঁয়াৰ বাৰী ৫২নং বি ৰাষ্ট্ৰীয় পথৰ দাঁতিত পৰি থকা অদ্ৰৱণীয় পলিথিন, সাগৰ ফেনা,প্লাষ্টিক,ঘৰত ব্যৱহৃত বৰ্জনীয় পেলনীয়া জাৱৰ জোথঁৰ, শাক-পাচলি ,হাহঁ কুকুৰা চাল, পাখি, হাড়, আদি পেলনীয়া অদ্ৰৱণীয় সামগ্ৰীৰ পৰা হোৱা দুগন্ধই ব্যাপক মাত্ৰাত প্ৰদূষণ হোৱা বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে।উল্লেখযোগ্য যে বৰবৰুৱাৰ কুহিঁয়াৰ বাৰী ৫২নং বি ৰাষ্ট্ৰীয় পথৰ দাঁতিত একাংশ লোকে অস্বাভাৱিক ভাৱে ঘৰত ব্যৱহাৰ কৰা শাক পাচলিৰ পেলনীয়া অংশ, হাঁহ, কুকুৰা, ব্ৰয়লাৰ পাখি, হাড়, চাল, গাহৰিৰ হাড়, চাল, পেলনীয়া জাৱৰ জোথৰ পথৰ দাঁতিতে পেলাই থৈ
যোৱাৰ পিছত কুকুৰে ভক্ষণ কৰাৰ ফলত ৰদ আৰু বৰষুণত নিৰ্গত হোৱা প্ৰদূষণে সামগ্ৰিক ভাৱে পথেৰে অহাযোৱা কৰা যাত্ৰীবাহী গাড়ী,তথা স্থানীয় খনিকৰ, দুলীয়া, কুহিঁয়াৰ বাৰী গাঁৱৰ জনজীৱনত প্ৰভাৱ বিস্তাৰ কৰা পৰিলক্ষিত হৈছে।বিশেষকৈ শিক্ষানুষ্ঠানলৈ অহা যোৱা কৰা ছাত্ৰ-ছাত্ৰীসকলে বৰবৰুৱাৰ কুহিঁয়াৰ বাৰী ৫২নং বি পথৰ দাঁতিৰ অদ্ৰৱণীয় পলিথিন, সাগৰ ফেনাকে ধৰি বৰ্জনীয় জাৱৰ জোথঁৰ পৰা নিৰ্গত প্ৰদূষণে অতীষ্ঠ কৰি আহিছে বুলিও স্থানীয় ৰাইজে উদ্বেগ প্ৰকাশ কৰিছে।স্থানীয় সচেতন ৰাইজে বৰবৰুৱাৰ কুহিঁয়াৰ বাৰী ৫২নং বি পথৰ দাঁতিত অদ্ৰৱণীয় সামগ্ৰীৰ পৰা হোৱা প্ৰদূষণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিবলৈ ডিব্ৰুগড় জিলাৰ আয়ুক্তৰ প্ৰতি আহ্বান জনাইছে।