...

জনজাতীয় পৰিয়ালৰ ভূমি অধিকাৰ সুনিশ্চিত কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক

জনজাতীয় পৰিয়ালৰ ভূমি অধিকাৰ সুনিশ্চিত কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক

৫০ বিঘালৈকে ভূমি আবণ্টন আৰু মিছন বসুন্ধৰা ৪.০ৰ অধীনত

নিষ্পত্তি নোহোৱা গোচৰ পুনৰীক্ষণৰ সন্দৰ্ভত আলোচনা

চাইন অন ডেস্ক,২৮অক্টোবৰঃ

জনজাতীয় পৰিয়ালসমূহৰ দীৰ্ঘদিনীয়া ভূমি সমস্যা সমাধান আৰু ভূমিৰ অধিকাৰ সুনিশ্চিত কৰাৰ লক্ষ্যৰে আজি ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। দুদিনীয়া ভ্ৰমণসূচীৰে ডিব্ৰুগড় আৰু তিনিচুকীয়ালৈ অহা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰ, ধেমাজি আৰু মাজুলীৰ জিলা আয়ুক্তসকলৰ লগতে বন বিভাগৰ বিষয়াসকল আৰু বিভিন্ন জনজাতীয় সংগঠনৰ প্ৰতিনিধিৰ সৈতে এই বৈঠকত মিলিত হৈ জনজাতীয় লোকসকলৰ ভূমি নিষ্পত্তি সম্পৰ্কীয় বিভিন্ন বিষয়ৰ ওপৰত বিস্তৃত আলোচনা কৰে। বৈঠকত বিশেষকৈ মিছন বসুন্ধৰাৰ ৰূপায়ণ, জনজাতীয় অধ্যুষিত অঞ্চলসমূহত ভূমি নিষ্পত্তিৰ ক্ষেত্ৰত সন্মুখীন হোৱা বিভিন্ন সমস্যা, জনজাতীয় পৰিয়ালসমূহলৈ ৫০ বিঘালৈকে ভূমি আবণ্টনৰ বিষয় আৰু মিছন বসুন্ধৰা ২.০ তথা ৩.০ৰ অধীনত নিষ্পত্তি নোহোৱা গোচৰসমূহ মিছন বসুন্ধৰা ৪.০ৰ অধীনত পুনৰীক্ষণ কৰাৰ সন্দৰ্ভত আলোচনা কৰা হয়। জনজাতীয় পৰিয়ালসমূহে যাতে দীৰ্ঘদিন ধৰি বসবাস কৰি অহা ভূমিৰ আইনী অধিকাৰ লাভ কৰিব পাৰে, সেই লক্ষ্যৰে চৰকাৰৰ ভূমি নীতি আৰু নিষ্পত্তি প্ৰক্ৰিয়াক অধিক ফলপ্ৰসূ কৰাৰ বিষয়টোও বিশেষ গুৰুত্ব লাভ কৰে। উল্লেখ্য যে অসমৰ বিভিন্ন প্ৰান্তত যুগ যুগ ধৰি বসবাস কৰি অহা বহু জনজাতীয় পৰিয়ালে নিজৰ দখলত থকা ভূমিত খেতি-বাতি কৰাৰ লগতে ঘৰ-বাৰী নিৰ্মাণ কৰি জীৱন নিৰ্বাহ কৰি আহিছে। কিন্তু বিভিন্ন কাৰণত বহু পৰিয়ালে এতিয়াও ভূমিৰ ম্যাদী পট্টা অথবা আইনী অধিকাৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই। ফলত ভূমিৰ মালিকীস্বত্বক লৈ সৃষ্টি হোৱা অনিশ্চয়তাই পৰিয়ালসমূহৰ বৰ্তমানৰ লগতে ভৱিষ্যৎ প্ৰজন্মকো প্ৰভাৱিত কৰি আহিছে। ইফালে, জনজাতীয় লোকসকলৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনাইছে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি দেৱানন্দ চেলেঙে। মুখ্যমন্ত্ৰীৰে হোৱা আলোচনাৰ অন্ততঃ দেৱানন্দ চেলেঙে কয় যে, জনজাতীয় লোকসকলৰ ভূমি সমস্যা সমাধান কৰাটো দীৰ্ঘদিনীয়া দাবী। এই সমস্যাৰ স্থায়ী সমাধানৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপে খিলঞ্জীয়া জনজাতীয় লোকসকলৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব৷ দেৱানন্দ চেলেঙে লগতে কয় যে অসমৰ জনজাতীয় লোকসকলে যুগ যুগ ধৰি নিজৰ নিজৰ ভূমিত বসবাস কৰি অহাৰ লগতে কৃষিকাৰ্য আৰু অন্যান্য জীৱিকাৰ জৰিয়তে পৰিয়াল পোহপাল দি আহিছে। তথাপি ভূমিৰ আইনী অধিকাৰ লাভৰ ক্ষেত্ৰত তেওঁলোকে বিভিন্ন অসুবিধাৰ সন্মুখীন হৈ আহিছে। বিশেষকৈ ম্যাদী পট্টা নথকাৰ ফলত বহু পৰিয়ালে নিজৰ দখলত থকা ভূমিৰ ওপৰত সম্পূৰ্ণ অধিকাৰ সাব্যস্ত কৰিব পৰা নাই। সেয়েহে জনজাতীয় লোকসকলৰ ভূমি সমস্যাৰ সমাধান আৰু তেওঁলোকৰ অধিকাৰ সুৰক্ষিত কৰাটো সময়ৰ আহ্বান বুলি তেওঁ মন্তব্য কৰে। তেওঁ লগতে কয় যে চৰকাৰী আৰু বেচৰকাৰী ভূমিৰ লগতে ভিলেজ গ্ৰেজিং ৰিজাৰ্ভ আৰু প্ৰফেচনেল গ্ৰেজিং ৰিজাৰ্ভ ভূমিত বসবাস কৰি অহা জনজাতীয় পৰিয়ালসমূহৰ সমস্যাসমূহো গুৰুত্বসহকাৰে বিবেচনা কৰা উচিত। বন অধিকাৰ আইনৰ অধীনত প্ৰাপ্য অধিকাৰ প্ৰদানৰ লগতে ভূমি নিষ্পত্তিৰ ক্ষেত্ৰত থকা জটিলতাসমূহ দূৰ কৰাৰ বাবে চৰকাৰে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজনীয় বুলিও তেওঁ প্ৰকাশ কৰে। চেলেঙে আশা প্ৰকাশ কৰে যে চৰকাৰৰ এই পদক্ষেপসমূহ বাস্তৱায়িত হ’লে জনজাতীয় পৰিয়ালসমূহৰ দীৰ্ঘদিনীয়া ভূমি সমস্যাৰ সমাধানৰ পথ মুকলি হ’ব। ইয়াৰ ফলত পৰৱৰ্তী প্ৰজন্মই নিজৰ ভূমিৰ অধিকাৰক লৈ অনিশ্চয়তাৰ সন্মুখীন হ’বলগীয়া নহ’ব আৰু খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ সামাজিক তথা অৰ্থনৈতিক নিৰাপত্তা অধিক সুদৃঢ় হ’ব। আজিৰ এই বৈঠকত ভৈয়াম জনজাতি মন্ত্ৰী ডাঃ ৰনোজ পেগু, জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই, শ্ৰম মন্ত্ৰী ৰামেশ্বৰ তেলীকে ধৰি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী আৰু জনজাতি সংগঠনসমূহৰ বিষয়ববীয়াসকল উপস্থিত থাকে৷

Leave a Reply

Your email address will not be published. Required fields are marked *