দক্ষিণ শালমাৰা-মানকাচৰ জিলাত বাল্যবিবাহৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান
আটক ৪১ গৰাকী অভিযুক্ত
মানকাচৰ,২৮অক্টোবৰ:
মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিচতে সমগ্ৰ ৰাজ্যৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাতো বাল্যবিবাহৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাইছে জিলা আৰক্ষীয়ে।
যোৱানিশা জিলাখনৰ বিভিন্ন থানাৰ পৰা অভিযুক্ত সমূহক আনি সোধ-পোছ অব্যাহত ৰখা হৈছে। মুঠ ৪১ গৰাকী বাল্যবিবাহৰ লগত জড়িত ব্যক্তিক আটক কৰিবলৈ সক্ষম হোৱা আৰক্ষীয়ে ইতিমধ্যে তেওঁলোকক 
থানাভিত্তিক গ্ৰেপ্তাৰৰ তালিকা মতে, খাৰুৱাবান্ধা আৰক্ষী থানাৰ এলেকাৰ পৰা ১৩ জন, দক্ষিণ শালমাৰা আৰক্ষী থানা এলেকাৰ পৰা , ১২ জন, মানকাচৰ আৰক্ষী থানা এলেকাৰ পৰা ৭ জন,কালাপানী আৰক্ষী চকী এলেকাৰ পৰা , ৫ জন, সুখচৰ আৰক্ষী থানা এলেকাৰ পৰা ৪ জন।
সামাজিক ব্যাধিৰূপে বিবেচিত এই বাল্যবিবাহৰ বিৰুদ্ধে জিলা প্ৰশাসন আৰু আৰক্ষীয়ে ভৱিষ্যতেও এনে অভিযান অব্যাহত ৰাখিব বুলি জানিব পৰা গৈছে। আটক হোৱা আটাইকেই গৰাকী ব্যক্তিৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
