ঢকুৱাখনাত কাতিতে কলপকা দিছে ধানে!
হেঁপাহৰ পথাৰখনৰ আমোলমোল গোন্ধত ভাগৰ হেৰাইছে কৃষকৰ
পুলকজ্যোতি বৰা,ঢকুৱাখনা,২৮ অক্টোবৰ:
কাতিতে কলপকা দিছে ধানে।কৃষকৰ নাকেৰে উজাই আহিছে পকা ধানৰ ফুৰফুৰীয়া গোন্ধ।দাৱনীৰ খিল খিলি জাকৈৱা হাঁহিৰ জোৱাৰ উঠিছে পথাৰত।কাতিৰ গা-ভৰা পথাৰ।
প্ৰাণচঞ্চলা পথাৰ ভৰিছে সোণৰঙী ধানেৰে।

আঘোণলৈও এতিয়াও বহুদিন বাকী,কিন্তু কাতি মাহতেই ঢকুৱাখনাৰ বিস্তীৰ্ণ পথাৰত সোণালী হৈছে ধাননি।পকা ধানৰ আমোল মোল গোন্ধই মতলীয়া কৰি তুলিছে কৃষকৰ
আঘোণ আঘোণ লগা পৰিৱেশ এতিয়া ঢকুৱাখনাৰ একাংশ কৃষি পথাৰত।আঘোনলৈ আৰু মাজত কেইবাটাদিন বাকী থাকোতেই জাক জাক দাৱনীয়ে হাতত কাঁচি লৈ নামি পৰিছে সোণোৱালী ধান চপোৱাত ।কপালত ঘাম আৰু হাতত পকা ধানৰ পাতৰ আঁচোৰ ,অথচ বুকুত অপাৰ আনন্দ। দাৱনী সকলৰ হাঁহি – খিকিন্দালীৰে মুখৰিত হৈ পৰিছে বৃস্তীৰ্ণ পথাৰ। বিস্তীৰ্ণ কৃষি পথাৰত মলয়াৰ বা লাগি আনন্দত নাচি উঠা সোণোৱালী লখিমীৰ জিৰজিৰ শব্দ , কাচিৰ খচখচনি আৰু আৰু বিৰিয়াৰ ঝনঝনা শব্দই যেন সৃষ্টি কৰিছে এক অনবদ্য সুৰ। আনপিনে দাৱনীৰ সমানে 