...

ছয় বছৰৰ বিৰতিৰ পিছত ডিব্ৰুগড়ৰ কাচাৰী ঘাটত পুনৰ অনুষ্ঠিত হ’ব ছট পূজা

ছয় বছৰৰ বিৰতিৰ পিছত ডিব্ৰুগড়ৰ কাচাৰী ঘাটত পুনৰ অনুষ্ঠিত হ’ব ছট পূজা

ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ বাবে বন্ধ হৈ আছিল পূজাৰ আয়োজন

ঘাট পৰিদৰ্শন কৰি প্ৰস্তুতি আৰম্ভ কৰিলে উদযাপন সমিতিয়ে

চাইন অন ডেস্ক,২৭অক্টোবৰ:

সুদীর্ঘ ৬ বছৰৰ বিৰতিৰ অন্তত এইবাৰ ডিব্ৰুগড়ৰ ঐতিহাসিক কাচাৰী ঘাটত পুনৰ অনুষ্ঠিত হ’ব ছট পূজা। ঘাটটোৰ অৱস্থা উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত কাচাৰী ঘাট ছট পূজা সমিতিয়ে এইবাৰ পৰম্পৰাগতভাৱে পূজাৰ আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্তই ছট ব্ৰতীসকলৰ মাজত আনন্দ আৰু উৎসাহৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে ক’ভিড মহামাৰীৰ সময়ছোৱা আৰু পৰৱৰ্তী সময়ত ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবল সোঁতৰ ফলত হোৱা গৰাখহনীয়াৰ বাবে কাচাৰী ঘাটত ছট পূজাৰ আয়োজন বন্ধ হৈ আছিল। ফলত বিগত ছয় বছৰ ধৰি ভক্তসকলে ঘাটত সমূহীয়াভাৱে পূজা-অৰ্চনা কৰাৰ পৰিৱৰ্তে নিজ নিজ ঘৰতেই ছট পূজাৰ নীতি-নিয়ম পালন কৰিবলগীয়া হৈছিল।

এইবাৰ ঘাটটোৰ অৱস্থা উন্নত হোৱা দেখি সমিতিয়ে পুনৰ পূজাৰ আয়োজন কৰিবলৈ আগবাঢ়িছে। কাচাৰী ঘাট ছট পূজা সমিতিৰ নৱনিৰ্বাচিত সভাপতি ৰামপত লাল বাৰ্মাৰ নেতৃত্বত সমিতিৰ কেইবাগৰাকীও বিষয়ববীয়া আৰু সদস্যই ঘাটটো পৰিদৰ্শন কৰি পূজাৰ প্ৰস্তুতিৰ বুজ লয়।

সভাপতি ৰামপত লাল বাৰ্মাই জানিবলৈ দিয়ে যে ছয় বছৰৰ দীঘলীয়া বিৰতিৰ পিছত পুনৰ ঘাটত ছট পূজা অনুষ্ঠিত কৰিবলৈ পোৱাটো সমিতিৰ সদস্য আৰু ব্ৰতীসকলৰ বাবে অত্যন্ত আনন্দৰ বিষয়। পূজাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে স্থানীয় শিল্পীসকলৰ অংশগ্ৰহণেৰে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

ঘাটটোত এইবাৰ ঠাইৰ পৰিমাণ সীমিত যদিও ব্ৰতীসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সমিতিয়ে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি চলাইছে। পূজাৰ আয়োজন সফল কৰি তুলিবলৈ তেওঁ সকলোৰে সহযোগিতা কামনা কৰে।

ৰামপত লাল বাৰ্মাৰ নেতৃত্বত নতুন সমিতি গঠন

ইয়াৰ পূৰ্বে সোমবাৰে সন্ধিয়া এ টি ৰোডস্থিত কাচাৰী ঘাট ছট পূজা সমিতিৰ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয়। ৰামপত লাল বাৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সৰ্বসন্মতিক্ৰমে এইবাৰ কাচাৰী ঘাটত ছট পূজাৰ আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। লগতে পূজাৰ কাম-কাজ সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে এখন নতুন উদযাপন সমিতি গঠন কৰা হয়।

নৱগঠিত সমিতিৰ সভাপতি হিচাপে ৰামপত লাল বাৰ্মাক নিৰ্বাচিত কৰা হয়। অধ্যাপক সোহন লাল যাদৱ আৰু যোগেন্দ্ৰ নাথ মিশ্ৰক উপ-সভাপতি, শৈলেন্দ্ৰ সিঙক সাধাৰণ সম্পাদক, শংকৰ যাদৱক সম্পাদক, বিনয় জয়ছোৱালক কোষাধ্যক্ষ আৰু মনোজ কুমাৰ সিঙক সহকাৰী কোষাধ্যক্ষৰ দায়িত্ব দিয়া হয়।

জিতেন্দ্ৰ শ্ৰীবাস্তৱক ঘাট সম্পাদক আৰু বচ্চা সিঙক সহকাৰী ঘাট সম্পাদক, হৰি প্ৰসাদ গেৰেডীক সাংস্কৃতিক সম্পাদক আৰু মনোজ কুমাৰ সিঙক সহকাৰী সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰা হয়।

পেণ্ডেলৰ দায়িত্ব উত্তম সাহু আৰু ৰমেশ সিঙক, বিদ্যুৎ বিভাগৰ দায়িত্ব অৰুণ শৰ্মা আৰু মহেশ যাদৱক, স্বেচ্ছাসেৱকৰ দায়িত্ব ৰোহিত পণ্ডিতক আৰু ব্যৱস্থাপনাৰ দায়িত্ব মনোজ সিং আৰু আশীষ সাহুক দিয়া হয়।

জ্যেষ্ঠ সদস্যসকলক মুখ্য উপদেষ্টাৰ দায়িত্ব

সমিতিৰ মুখ্য উপদেষ্টা হিচাপে শিৱ কুমাৰ সিং, পৱন সাহ, ৰাজ কিশোৰ সিং, ধনঞ্জয় সিং, ৰাজেশ সাহ (ৰাজা), শিৱজী প্ৰসাদ, ৰামচন্দ্ৰ দাস, সুনীল উপাধ্যায়, ৰাজেশ মিশ্ৰ, গোপাল বাৰ্মা, বিশ্বৰাম শৰ্মা, ড০ সুধাকৰ চৌবে, পংকজ শৰ্মা, মনোজ ৰজক, জগনাৰায়ণ প্ৰসাদ, কামেশ্বৰ ৰায়, ৰঞ্জিত সাহ, মহেশ সাহ, অনিল সাহ, জ্যোতিষ গুপ্তা আৰু সূৰজ সিঙক মনোনীত কৰা হৈছে।

এসময়ত হাজাৰ হাজাৰ ভক্তৰ সমাগম হৈছিল

উল্লেখযোগ্য যে কাচাৰী ঘাট ডিব্ৰুগড়ৰ অন্যতম প্ৰধান ছট পূজাস্থলী হিচাপে পৰিচিত। প্ৰতি বছৰে এই ঘাটত ছট পূজাৰ সময়ত হাজাৰ হাজাৰ ভক্তৰ সমাগম হৈছিল। ২০১৯ চনত অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও এই ঘাটত উপস্থিত হৈ ছট পূজাত অংশগ্ৰহণ কৰি পূজা-অৰ্চনা কৰিছিল।

ছয় বছৰৰ বিৰতিৰ পিছত পুনৰ কাচাৰী ঘাটত ছট পূজাৰ আয়োজনৰ সিদ্ধান্তই সমিতিৰ সদস্য আৰু ভক্তসকলৰ মাজত ব্যাপক উৎসাহৰ সৃষ্টি কৰিছে। সীমিত ঠাইৰ মাজতে ব্ৰতীসকলৰ সুবিধা নিশ্চিত কৰি পূজাৰ আয়োজন সফল কৰি তুলিবলৈ সমিতিয়ে প্ৰস্তুতি অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *