সদৌ অসম আহোম সভাৰ ১৩৩সংখ্যক প্ৰতিষ্ঠা দিৱস
বিশিষ্ট তাই গৱেষক -সাহিত্যিক ড° পুষ্প গগৈক সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱা সোঁৱৰণী বঁটা
চাইন অন ডেক্সঃ
পদ্মনাথ গোহাঞিবৰুৱা এজন প্ৰকৃত অসমীয়া। এজন প্ৰকৃত জাতীয়তাবাদী ব্যক্তি আছিল।’জয় আই অসম’ নোকোৱাকৈ তেওঁ অসমীয়া জাতিৰ বাবে যিখিনি কৰি গল।কোনেও কোনো কালে অমান্য কৰিব নোৱাৰে কিন্তু অসমীয়া ভাষা-সাহিত্যৰ বাবে অহোপুৰুষাৰ্থ অৱদান দি যোৱা সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱা আজিও সম্পূৰ্ণ উপেক্ষিত। ডিব্ৰুগড়ত সদৌ অসম আহোম সভাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান ক্ৰমে ডিব্ৰুগড় জিলা আহোম সভাৰ উদ্যোগত, ডিব্ৰুগড় সদৰ আঞ্চলিক আহোম সভা আৰু ডিব্ৰুগড় বাসী ৰাইজৰ সহযোগত অনুষ্ঠিত আহোম সভাৰ ১৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰদান কৰা পদ্মনাথ গোহাঞিবৰুৱা বঁটা গ্ৰহণ কৰি বিশিষ্ট তাই গৱেষক,লিখক সাহিত্যিক, ভাস্কৰ্য ক’লাবিদ ড° পুষ্প গগৈয়ে এনেদৰে মন্তব্য কৰে। বঁটা গ্ৰহণ কৰি ইতিমধ্যে অসমীয়া ভাষা সাহিত্যৰ কাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱা বিষয়ে বৃহৎ গৱেষণা মুলক গ্ৰন্থ আৰু তথ্য চিত্ৰ ৰচনা কৰা বিশিষ্ট তাই গৱেষক গৰাকীয়ে লগতে কয় যে, ৰাজ্য চৰকাৰৰ ফালৰপৰা হওঁক বা জাতীয় অনুষ্ঠান অসম সাহিত্য সভাই হওঁক; পদ্মনাথ গোহাঞিবৰুৱাৰ প্ৰতি যেনেদৰে গুৰুত্ব দিব লাগিছিল দিয়া নাই। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই যেনদৰে সাহিত্য সভা আৰু অসম চৰকাৰৰ পৰা যিমান গুৰুত্ব পালে, তেনেদৰে পদ্মনাথ গোহাঞিবৰুৱাই নাপালে।পদ্মনাথ গোহাঞিবৰুৱাই অসমীয়া জাতিৰ প্ৰতি অসমীয়া ভাষা -সংস্কৃতিৰ প্ৰতি যি দায়িত্ববোধ দেখুৱাই গ’ল সেইয়া আছিল অতুলনীয়। যাৰ তুলনা বেলেগৰ সৈতে নাই। অসমীয়া সাহিত্যৰ কাৰণে লক্ষ্মীনাথ বেজবৰুৱাৰতকৈ কোনো গুণে কম নাছিল গোহাঞিবৰুৱা। তেওঁ জাতিৰ কথা নভবা হ’লে, অসমীয়া সমাজ সংস্কৃতিৰ বাবে কাম নকৰা হ’লে, ব্যক্তিগত ভাৱে আৰু বহু সমৃদ্ধিশালী ৰচনা উলিয়াবলৈ সক্ষম হল হয়। অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সভাপতি গোহাঞিবৰুৱাক অসম সাহিত্য সভাইয়ো গুৰুত্ব নিদিয়া বুলি উদ্বেগ প্ৰকাশ কৰে তেওঁ। তেওঁ ২৩ বছৰ বয়সতে কলিকতাৰ পৰা আহি আহোম সভাৰ দৰে অনুষ্ঠান জন্ম দি বৃহৎ জনগোষ্ঠীটোক আগুৱাই নিয়াৰ প্ৰচেষ্টা কৰি গল। আহোম আজি ৰাজনৈতিক মেৰপেছত খণ্ড-বিখণ্ড হ’ল বুলি উদ্বেগ প্ৰকাশ কৰি আহোম সকলক বিভিন্ন সময়ত সকলো ফালৰ পৰাই উপেক্ষিত কৰা বুলি কয়।যাৰ বাবে আহোমে নিজৰ ঐতিস্যময় কৃষ্টি -সংস্কৃতিক হেৰুওৱা উপক্ৰম হোৱা বুলি কয়। পদ্মনাথ গোহাঞিবৰুৱাই আহোম জনগোষ্ঠীৰ বাবে যি উদ্দেশ্যেৰে আহোম সভা গঠন কৰিছিল ,বৃহত্তৰ আহোম জনগোষ্ঠীটোক সংগঠিত আৰু সংঘবদ্ধ কৰাৰ বাবে ১৩৩ বছৰীয়া আহোম সভাই পুনৰ সেই প্ৰচেষ্টাৰে আগুৱাই যোৱাৰ বাবে আহ্বান জনায়।
সদৌ অসম আহোম সভাৰ সভাপতি শশাঙ্ক নেওগৰ সভাপতিত্ব অনুষ্ঠিত হোৱা মুকলি সভাৰ উদ্বোধন কৰে ডিব্ৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰঞ্জন চাংমাইয়ে। উদযাপন সমিতিৰ যুটীয়া সম্পাদক দিগন্ত ফুকনে আঁত ধৰা মুকলি সভাত বিশিষ্ট লেখক তথা তাই আহোম ভাষা সাহিত্যৰ গৱেষক ড° পুষ্প গগৈক সদৌ অসম আহোম সভাৰ প্ৰতিষ্ঠাপক সভাপতি সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱা বঁটা হিচাপে অংগ বস্ত্ৰ, স্মাৰক, প্ৰশস্তি পত্ৰ,নগদ ধন।মুকলি সভাত নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকি তিনিচুকীয়া মহিলা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মূৰব্বী অধ্যাপক উত্তম দুৱৰাই ছয়শ বছৰীয়া আহোম ৰাজত্ব কৰা ৰাজ্যত আহোম সকলে পৰৱৰ্তী সময়ত কেনেকৈ তেওঁলোকৰ নিজা ভাষা-সংস্কৃতিক হেৰুৱাব ধৰিলে এই সন্দৰ্ভত বিস্তৃত সাৰ গৰ্ভ বক্তব্য প্ৰদান কৰে। সদৌ অসম আহোম সভাৰ সাধাৰণ সম্পাদক তপন কুমাৰ গগৈয়ে আদৰণি ভাষণ আগবঢ়োৱা মুকলি সভাত উদযাপন সমিতিৰ সভাপতি ৰঞ্জিত বৰুৱাই আদৰণি সমিতিৰ হৈ লিখিত ভাষণ পাঠ কৰে।
প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ইন্দ্ৰ গগৈৰ সম্পাদনাত প্ৰকাশিত স্মৃতিগ্ৰন্থ উন্মোচন কৰে ডিব্ৰুগড় কানৈ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জয়দেব গগৈয়ে।
সভাত সন্মানীয় অতিথি হিচাপে মৰাণ সভাৰ সভাপতি ৰাজীৱ বৰা,মটক সন্মিলনীৰ সাধাৰণ সম্পাদক কিৰণ ৰাজখোৱা, চুতীয়া জাতি সন্মিলনীৰ সভাপতি বিবুল হাজৰিকা, টিংখং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অশোক গগৈ, বিশিষ্ট সমাজ সেৱক অমৃত বুঢ়াগোহাঁই, অতুল বৰগোহাঁই,দুৰ্লভ চেতিয়া, ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি জ্যোতি বৰগোহাঁই,আহোম সভাৰ বিত্তীয় সম্পাদক দুৰ্লভ গগৈ, সাংগঠনিক সম্পাদক ৰাজীৱ বৰগোহাঁই, প্ৰচাৰ সম্পাদক হীৰালাল ফুকন,আহোম সভাৰ সাধাৰণ সম্পাদক তপন কুমাৰ গগৈ,সদৌ অসম আহোম সভাৰ প্ৰাক্তন সভাপতি মহেন বুঢ়াগোহাঁই, প্ৰাক্তন সভাপতি হেম কান্ত দিহিঙীয়াকে প্ৰমুখ্যে কৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মুকলি সভাৰ পাছতে গন্ধেশ্বৰ চমুৱা, ৰুবী গগৈ সন্দিকৈ আৰু ভূৱন গগৈ পৰিচালনাৰে তাই ভাষৰ গীত-নৃত্য পৰিৱেশন কৰা লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।
আনহাতে পুৱাৰ ভাগত প্ৰতিকুল বতৰৰ মাজতে ডিব্ৰুগড় জিলা আদালতৰ সন্মুখত থকা আহোম সভাৰ প্ৰতিষ্ঠাপক সভাপতি সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ প্ৰতিমূৰ্ত্তিত বন্তি প্ৰজ্বলন কৰে সদৌ অসম আহোম সভাৰ সম্পাদক তপন গগৈয়ে।আনহাতে প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে পুৱাৰ ভাগত চাফাই অভিযান কাৰ্যসূচী ৰখাৰ লগতে মৈদাম তৰ্পণ কৰে কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ধিৰেণ চেতিয়াই। ইয়াৰ পাছতে মুলুং সকলৰ দ্বাৰা ডামফি পুজা অনুষ্ঠিত হ’য়।আহোম সভাৰ পতাকা উত্তোলন কৰে সদৌ অসম আহোম সভাৰ সভাপতি শংশাংক নেওগ আৰু উদযাপন সমিতিৰ পতাকা উত্তোলন কৰে আদৰণি সমিতিৰ সভাপতি ৰঞ্জিত বৰুৱাই।