...

পি এম শ্ৰী বিন্ধাকটা উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ প্ৰথম সতীৰ্থ সন্মিলন

পি এম শ্ৰী বিন্ধাকটা উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ প্ৰথম সতীৰ্থ সন্মিলন

পুৰণি সতীৰ্থৰ মিলনত উজলি উঠিল শৈশৱৰ সোণালী স্মৃতি
আৱেগিক হৈ পৰিল প্ৰাক্তন শিক্ষাৰ্থী

চাইন অন ডেস্ক,২৪ অক্টোবৰঃ

সোণালী জয়ন্তী বৰ্ষ গৰকা পি এম শ্ৰী বিন্ধাকটা উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰথমখন সতীৰ্থ সন্মিলন। বিদ্যালয় জীৱনৰ সোণালী দিনবোৰ পুনৰ সুঁৱৰি চোৱা আৰু দীৰ্ঘদিনৰ মূৰত পুৰণি সতীৰ্থ তথা শিক্ষাগুৰুসকলৰ সৈতে মত-বিনিময় কৰাৰ উদ্দেশ্যে অনুষ্ঠিত এই সন্মিলনে বিদ্যালয়খনৰ চৌহদত এক আৱেগিক আৰু সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰে। সোণালী জয়ন্তী বৰ্ষত উপনীত হোৱা শিক্ষানুষ্ঠানখনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই সন্মিলন আছিল এক বিশেষ ক্ষণ। বহু দিনৰ মূৰত একেখন বিদ্যালয়ৰ চৌহদত একত্ৰিত হৈ প্ৰাক্তন শিক্ষাৰ্থীসকলে অতীতৰ স্মৃতি ৰোমন্থন কৰে। বিদ্যালয়ৰ শ্ৰেণীকোঠা, খেলপথাৰ আৰু শিক্ষাগুৰুসকলৰ সান্নিধ্যত কটোৱা দিনবোৰৰ কথা সুঁৱৰি বহুতে আৱেগিক হৈ পৰে। বিদ্যালয়খনৰ প্ৰধান শিক্ষক বিৰাজ দিহিঙ্গীয়াই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটোত শিক্ষক অনুপম বুঢ়াগোহাঁই আৰু বিবেক সোণোৱালে আঁত ধৰে। অনুষ্ঠানত বিদ্যালয়খনৰ প্ৰাক্তন শিক্ষক গোপীনাথ হালোৱা, লক্ষ্মী শংকৰ প্ৰসাদ, প্ৰদীপ দিহিঙীয়া, নিমুধৰ বৰুৱা, খিৰেশ্বৰ দাস, বিশ্ব কোঁৱৰ, নিপক বৰিৰ লগতে দুৰ্লভ হাজৰিকা আৰু ভালেসংখ্যক প্ৰাক্তন ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। সতীৰ্থ সন্মিলনত প্ৰাক্তন শিক্ষাৰ্থীসকলে নিজৰ বিদ্যালয় জীৱনৰ বিভিন্ন অভিজ্ঞতা আৰু স্মৃতিৰ কথা ব্যক্ত কৰে। এসময়ত একেলগে পঢ়া, খেলা-ধূলা কৰা আৰু শিক্ষাগুৰুসকলৰ পৰা শিক্ষা গ্ৰহণ কৰা দিনবোৰৰ স্মৃতিয়ে উপস্থিতসকলক নষ্টালজিক কৰি তোলে। সময়ৰ সোঁতত বিভিন্ন স্থানত কৰ্মজীৱন আৰু ব্যক্তিগত জীৱনত ব্যস্ত হৈ পৰা প্ৰাক্তন সতীৰ্থসকলৰ এই পুনৰ্মিলনে পুৰণি সম্পৰ্কবোৰক পুনৰ সজীৱ কৰি তোলে। বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা অনুষ্ঠানত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে ‘সোঁৱৰণী সুৰ’ শীৰ্ষক সমবেত সংগীত পৰিৱেশন কৰে। সাংস্কৃতিক কাৰ্যসূচীৰ অংশ হিচাপে মামনি পাটনায়ক আৰু চালু মুড়াই ঝুমুৰ গীত পৰিৱেশন কৰে। ইয়াৰ উপৰি দলীয় নৃত্য আৰু কৃষ্ণ নৃত্যকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *