বৰবৰুৱাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ আধাৰুৱা চাইডবামে আনিছে মৃত্যুৰ শংকা
পথ দুৰ্ঘটনাৰ তীব্ৰ আশংকা:বৰবৰুৱা আৰু লেজাই কলাখোৱা ছাত্ৰ সন্থাৰ উদ্বেগ
চাইন অন ডেস্ক,২৪অক্টোবৰ:
ডিব্ৰুগড় জিলাৰ বৰবৰুৱাৰ ৰাষ্ট্ৰীয় ঘাইপথত চাইডবাম আধাৰুৱা হোৱাৰ ফলত যিকোনো মূহুৰ্ততে পথ দুৰ্ঘটনাৰ আশংকা প্ৰকাশ কৰিছে বৰবৰুৱা আৰু লেজাই কলাখোৱা আঞ্চলিক ছাত্ৰ সন্থাই।উল্লেখযোগ্য যে
বৰবৰুৱাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ চাইডবাম আধাৰুৱাকৈ এৰাৰ পৰিপ্ৰেক্ষিতত ঘাইপথত পথ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আশংকা নুই কৰিব নোৱাৰি বুলি বৰবৰুৱা আৰু লেজাই কলাখোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বই গভীৰ উদ্বেগ আৰু ক্ষোভ প্রকাশ কৰিছে।বৰবৰুৱা আৰু লেজাই কলাখোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি আৰু সম্পাদকে বৰবৰুৱাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ চাইডবাম সম্পূৰ্ণ কৰাৰ লগতে পথৰ সুৰক্ষা ব্যৱস্থা নিশ্চিত কৰাৰ বাবে ডিব্ৰুগড় জিলাৰ আয়ুক্তৰ প্ৰতি দাবী জনাইছে।