...

অৰুণাচলৰ বৃহৎ নদীবান্ধ বিৰোধী সংগ্ৰামলৈ পূৰ্ণ সমৰ্থন ডিব্ৰুগড় জিলা নাগৰিক সন্মিলনৰ

অৰুণাচলৰ বৃহৎ নদীবান্ধ বিৰোধী সংগ্ৰামলৈ পূৰ্ণ সমৰ্থন ডিব্ৰুগড় জিলা নাগৰিক সন্মিলনৰ

অহিংস পদ্ধতিৰে আন্দোলন তীব্ৰ কৰি তোলাৰ আহ্বান
জলবোমা নিৰ্মাণৰ বাবে লাখ লাখ গছ কটা পৰিহাৰ কৰক

চাইন অন ডেস্ক,২৪অক্টোবৰঃ

অৰুণাচলৰ বৃহৎ নদীবান্ধ বিৰোধী সংগ্ৰামলৈ পূৰ্ণ সমৰ্থন আগবঢ়াইছে ডিব্ৰুগড় জিলা নাগৰিক সন্মিলনে। অৰুনাচলৰ চিয়াং নদীত নিৰ্মীয়মান বৃহৎ নদীবান্ধটোৰ বিৰোধিতা কৰি স্থানীয় ৰাইজে যি আন্দোলন আজি কিছুদিনৰ পৰা চলাই আহিছে, অতি সম্প্ৰতি দেখা গৈছে সেই আন্দোলনে হিংসাত্মক ৰূপ লৈছে। অৰুণাচলৰ চিয়াং জিলাত আদি বানে কেবাং ইউনাইটেড (এই বি কে ইউ)ৰ উদ্যোগত আৰু এছ এ ৱাই এ, আদি গালো ৱেলফেয়াৰ ছ’চাইটি, এছ আই এফ এফ এফ ৱাই ডব্লিউৰ সহযোগত যোৱা ২৩ অক্টোবৰত যি ১২ ঘণ্টীয়া বন্ধৰ আহ্বান দিছিল, সেই বন্ধৰ সময়ছোৱাত বহুকেইখন ঠাইত আন্দোলনে হিংসাত্মক ৰূপ ধাৰণ কৰা দেখা গ’ল। এনে হিংসাত্মক ব্যৱস্থাই অতি গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজনীয় বুলি ভবা মূল বৃহৎ নদীবান্ধ বিৰোধী আন্দোলনটোক বিপথে পৰিচালিত কৰিব পাৰে। সেয়েহে কোনো কাৰণতে যাতে আন্দোলনটোৱে হিংসাত্মক ৰূপ ধাৰণ নকৰে তাৰ প্ৰতি সচেষ্ট হৈ থাকিবলৈ আন্দোলনকাৰী সকললৈ এক বিবৃতিৰ যোগে আহ্বান জনায় ডিব্ৰুগড় জিলা নাগৰিক সন্মিলনৰ সভাপতি শৰৎ চন্দ্ৰ নেওগ আৰু সাধাৰণ সম্পাদক উত্তম কুমাৰ চেতিয়াই।
সংবাদ মাধ্যমৰ জ্ঞাতাৰ্থে প্ৰেৰণ কৰা উক্ত বিবৃতিটোৰ যোগে জিলা সন্মিলনৰ সভাপতি আৰু সাধাৰণ সম্পাদকদ্বয়ে লগতে এই কথাও দোহাৰে যে, অৰুণাচল প্ৰদেশৰ বিভিন্ন নদীসমূহৰ ওপৰত নিৰ্মিয়মান আৰু প্ৰস্তাৱিত নদীবান্ধ সমূহৰ বিৰোধিতা কৰি ইতিমধ্যে সন্মিলনে নিজৰ স্থিতি প্ৰকাশ কৰিছে। সেই বক্তব্যতে ডিব্ৰুগড় জিলা নাগৰিক সন্মিলনে কেৱল চলিত আন্দোলনটোক সমৰ্থন জনোৱাই নহয়, বৃহৎ নদীবান্ধ সমূহ বন্ধ কৰিবৰ বাবে চৰকাৰৰ সংশ্লিষ্ট বিষয়া- মন্ত্ৰী আদিলৈ দাবী পত্ৰও ইতিমধ্যে প্ৰেৰণ কৰিছে। সন্মিলনে গভীৰ ভাৱে উপলব্ধি কৰে যে, চিয়াং, দিবাঙকে ধৰি অৰুণাচলত নিৰ্মীয়মান আৰু প্ৰস্তাৱিত বৃহৎ নদীবান্ধ সমূহে পাহাৰীয়া অঞ্চলৰ জটিল ভূতাত্ত্বিক গঠন, ভূমিকম্পৰ আশংকা, অতিবৃষ্টি আৰু ভূমিস্খলনৰ পৰিপ্ৰেক্ষিতত গুৰুতৰ বিপদৰ সৃষ্টি কৰিব। ইয়াৰ প্ৰভাৱ কেৱল অৰুণাচলতে আবদ্ধ নেথাকি অসমৰো স্বাভাৱিক জনজীৱন বিপৰ্যস্ত কৰি তুলিব।
ডিব্ৰুগড় জিলা নাগৰিক সন্মিলনৰ সভাপতি শৰৎ চন্দ্ৰ নেওগ আৰু সাধাৰণ সম্পাদক উত্তম কুমাৰ চেতিয়াই উক্ত বিবৃতিটোৰ যোগে স্পষ্ট কৰি দিয়ে যে, বিদ্যুৎ উৎপাদনৰ নামত প্ৰকৃতি, জন সুৰক্ষা আৰু ভৱিষ্যত প্ৰজন্মৰ স্বাৰ্থক আওকাণ কৰি কেৱল কৰ্পৰেট মুনাফাৰ বাবে জৈৱ বৈচিত্ৰ্য ধ্বংস কৰিবলৈ এৰি দিব নোৱাৰি। ইতিমধ্যে বাতৰিত প্ৰকাশ পাইছে যে, কামেলা আৰু আপাৰ সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বাবে দাখিল কৰা বনভূমি হস্তান্তৰৰ প্ৰস্তাৱ অনুসৰি দুয়োটা প্ৰকল্প মিলাই ৬০১১ হেক্টৰৰো অধিক বনভূমি চিৰদিনলৈ নিঃশেষ কৰা হ’ব। তাৰ বাবে কটা হ’ব প্ৰায় ২৪ লাখ ৭৫ হেজাৰ ৯৪৬ জোপা গছ। এনেধৰণে লাখ লাখ গছ কাটি বিদ্যুৎ উৎপাদনৰ নামত বৃহৎ ব্যৱসায় কৰাৰ উদ্দেশ্যে গঢ়ি তোলা জলবোমা সদৃশ বৃহৎ নদীবান্ধ নিৰ্মাণৰ বিৰোধিতা কৰিছে ডিব্ৰুগড় জিলা নাগৰিক সন্মিলনে। অৰুণাচলত গঢ়ি তোলা বৃহৎ নদীবান্ধ বিৰোধী আন্দোলনৰ সকলো আন্দোলনকাৰীকে শান্তি শৃংখলা বজাই ৰাখি আন্দোলন তীব্ৰতৰ কৰাৰ বাবে আহ্বান জনোৱাৰ লগতে অসমৰ সকলো শ্ৰেণীৰ ৰাইজক বৃহৎ নদীবান্ধ বিৰোধী সংগ্ৰামলৈ সমৰ্থন আগবঢ়াবলৈ বিবৃতিটোৰ যোগে আহ্বান জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *