লাহোৱালত ৫ বছৰীয়া কনমানিৰ ৰহস্যজনক মৃত্যু
আজি পৰ্যন্ত হত্যাকাৰীক কৰায়ত্ত কৰিব নোৱাৰাত উত্তপ্ত পৰিস্থিতি
দোষীক ফাঁচি দিয়াৰ দাবীৰে আটছাৰ হুংকাৰ
চাইন অন ডেস্ক,২৩অক্টোবৰ:

কনমানি মীনা মাঝিৰ এই কৰুণ আৰু ৰহস্যজনক মৃত্যুক লৈ ক্ষোভিত হৈ পৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্হা চমুকৈ আটছা । আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ৰ কেন্দ্ৰীয় সমিতিৰ এক উচ্চস্তৰীয় সজাতি দলে ভুক্তভোগী পৰিয়ালটোক সাক্ষাৎ কৰে। আটছাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক লখিন্দৰ কুৰ্মি আৰু বিত্ত সম্পাদক সুনীল পাতৰৰ নেতৃত্বত যোৱা এই সজাতি দলটোৱে শোকসন্তপ্ত পিতৃ-মাতৃক সমবেদনা জ্ঞাপন কৰাৰ লগতে ঘটনাৰ সবিশেষ বুজ লয়।পৰিয়ালটোক সাক্ষাৎ কৰাৰ পিছতে সংবাদ মাধ্যমৰ সন্মুখত আটছাৰ নেতৃদ্বয়ে লাহোৱাল আৰক্ষী প্রশাসনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে। সহকাৰী সাধাৰণ সম্পাদক লখিন্দৰ কুৰ্মিয়ে ক্ষোভেৰে কয়, “২০ অক্টোবৰৰ দিনা ৰাতিপুৱা নিখোজ হোৱা ৫ বছৰীয়া কনমানি এজনীৰ মৃতদেহ চেচা নৈত উদ্ধাৰ হোৱাৰ পিছতো আৰক্ষীয়ে এতিয়ালৈকে কোনো এজন দোষীকো কৰায়ত্ত কৰিব নোৱাৰাটো অতি লজ্জাজনক। এয়া এক ধৰ্ষণ কৰি পৰিকল্পিত হত্যাকাণ্ড বুলি আমাৰ সন্দেহ হৈছে।” ইফালে বিত্ত সম্পাদক সুনীল পাতৰে আৰক্ষীক কঠোৰ সকীয়নি দি কয় যে, অতি শীঘ্ৰে যদি এই জঘন্য হত্যাকাণ্ডৰ সৈতে জড়িত নৰপিশাচক কৰায়ত্ত কৰি কঠোৰতম শাস্তি তথা ফাঁচিশালৰ ব্যৱস্থা কৰা নহয়, তেন্তে আটছাই তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব।স্থানীয় ৰাইজেও অভিযোগ কৰা মতে, বকুল চাপৰি গাঁৱৰ কনমানি মীনাক কোনো দুৰ্বৃত্তই অপহৰণ কৰি হত্যা কৰাৰ পিছত প্ৰমাণ নষ্ট কৰাৰ উদ্দেশ্যে চেচা নৈত পেলাই দিছিল ।কনমানিজনীৰ এনে অকাল আৰু কৰুণ মৃত্যুৱে পিতৃ সূৰুজ মাঝি আৰু মাতৃ পূজা মাঝিক সম্পূৰ্ণৰূপে ভাঙি পেলাইছে। বৰ্তমান ন্যায়ৰ আশাত চকুৰ পানী টুকিছে দুৰ্ভগীয়া পিতৃ-মাতৃয়ে। লাহোৱাল আৰক্ষীয়ে এই স্পৰ্শকাতৰ ঘটনাক কেনেধৰণে তদন্ত কৰে আৰু কেতিয়ালৈ দোষীক জালত পেলায়, সেইয়া এতিয়া লক্ষণীয় হ’ব। সমগ্ৰ ডিব্ৰুগড় জিলাজুৰি এতিয়া এটাই দাবী উঠিছে— “কনমানি মীনা মাঝিক ন্যায় লাগে আৰু হত্যাকাৰীক কঠোৰতম শাস্তি দিব লাগে।”