...

প্রথম টি-২০ত ঐতিহাসিক জয় ভাৰতৰ

প্রথম টি-২০ত ঐতিহাসিক জয় ভাৰতৰ

৪ উইকেটত পৰাস্ত নিউজিলেণ্ড

সঞ্জু-শ্রেয়াছ-নমনৰ দৰ্শনীয় বেটিং

ক্রাইস্টচাৰ্ছ:

নিউজিলেণ্ড ভ্রমণৰ প্রথমখন টি-২০ মেচতে ঐতিহাসিক বিজয় সাব্যস্ত কৰিলে টীম ইণ্ডিয়াই। ঘৰুৱা দল নিউজিলেণ্ড আৰু টীম ইণ্ডিয়াৰ মাজত কালিৰে পৰা আৰম্ভ হোৱা পাঁচ দিনীয়া টি-২০ মেচৰ শৃংখলাটোৰ ক্রাইষ্টচাৰ্ছত অনুষ্ঠিত মেচখনত ভাৰতে ঘৰুৱা দলটোক ৪ উইকেটত পৰাস্ত কৰে আৰু শৃংখলাটোত ১-০ৰ গুৰুত্বপূৰ্ণ অগ্রগতি লাভ কৰে। মেচখনত কিবি বাহিনীয়ে জয়ৰ বাবে বান্ধি দিয়া ২২৬ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি ভাৰতে ১৯.৪ অভাৰত ৬টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়। মন কৰিবলগীয়া যে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্রিকেটত ভাৰতে সৰ্ববৃহৎ জয়ৰ লক্ষ্য অতিক্ৰম কৰি অভিলেখ সৃষ্টি কৰে। ইয়াৰ পূৰ্বে ভাৰতে ২০২৩ চনত অস্ট্রেলিয়া আৰু ২০২৬
চনত নিউজিলেণ্ডৰ বিৰুদ্ধে ২০৯ ৰানৰ জয়ৰ লক্ষ্য অতিক্ৰম কৰিছিল। ২২৬ ৰানৰ জয়ৰ লক্ষ্যৰে বেটিং কৰিবলৈ আহি সঞ্জু ছেমছন আৰু অভিষেক শর্মাই প্রথম উইকেটত মাত্র ৩৫টা বলত ৯৩ ৰান সংগ্ৰহ কৰি দলটোক বিস্ফোৰক আৰম্ভণি দিয়ে। অভিষেকে ২৯ ৰান কৰি বিদায় লয়। অভিষেক আউট হোৱাৰ কিছু সময় পিছতে সঞ্জু ছেমছনে ৩৩ ৰানত ৬৭, তিলক বাৰ্মাই ৬ আৰু ঈশান কিশনে মাত্র ১ ৰান কৰি বিদায় লয়। দলীয় স্ক’ৰ ১২২ ৰানত চাৰিটাকৈ উইকেট হেৰুৱাই দলটোৱে বিপদত পৰিছিল। অৱশ্যে অধিনায়ক শ্রেয়াছ আয়াৰে অক্ষৰ পেটেলৰ সৈতে পঞ্চম উইকেটত ৪৫ ৰান সংগ্ৰহ কৰি দলৰ বিপৰ্যয় ৰোধ কৰে। অক্ষৰে ২৪ ৰানৰ অৱদান আগবঢ়ায়। ইপিনে, ২৮টা বলত ৪২ ৰান কৰা শ্রেয়াছে নমনধীৰৰ সৈতে ষষ্ঠ উইকেটত ৪৩ ৰান সংগ্ৰহ কৰি দলৰ জয়ৰ পথ প্রশস্ত কৰি তোলে। শেষৰপিনে নমনধীৰে ১৫টা বলত ৫টা চাৰি আৰু দুটা ছয়েৰে অপৰাজিতভাবে ৪২
ৰান সংগ্ৰহ কৰি দলৰ জয় নিশ্চিত কৰে। নীতিশ কুমাৰ ৰেড্ডীয়ে ২ ৰান কৰি অপৰাজিত হৈ থাকে। নিউজিলেণ্ডৰ হৈ মাইকেল ব্রেছৱেল আৰু মিচেল ছাণ্টনাৰ উভয়ে সর্বাধিক দুটাকৈ উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে প্রথমে বেটিং কৰি গ্লেন ফিলিপছৰ ৪০টা বলত অপৰাজিত ৮২ আৰু ফিন এলেনৰ ২৪টা বলত ৪৫ ৰানৰ সহায়ত নিউজিলেণ্ডে নির্ধাৰিত ২০ অভাৰত ৪টা উইকেট হেৰুৱাই ২২৫ ৰান সংগ্ৰহ কৰে। বেভন জেকবছে ৩১, ডাৰিল মিচেলে ২৮ আৰু টিম ছেইফার্টে ২৪ ৰানৰ অৰিহণা আগবঢ়ায়। ভাৰতীয় দলটোৰ হৈ অৰ্শদীপ সিং, মায়ংক যাদৱ আৰু অক্ষৰ পেটেলে এটাকৈ উইকেট লাভ কৰে। ইপিনে, সুদীৰ্ঘ ৪ বছৰৰ পিছত ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন কৰা ভুবনেশ্বৰ কুমাৰে ৪ অভাৰত ৪৯ ৰান খৰচ কৰি উইকেট লাভ কৰিবলৈ সক্ষম নহ’ল। শৃংখলাৰ দ্বিতীয়খন মেচ শনিবাৰে ক্রাইষ্টচাৰ্ছতে অনুষ্ঠিত হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *