কামৰূপৰ আলিকাষত নৃশংস হত্যাকাণ্ড
এজনৰ মৃত্যু, এজন গুৰুতৰ ভাৱে আহত
শুৱালকুছি,২০অক্টোবৰঃ
কামৰূপ জিলাৰ দদৰা আৰক্ষী চকীৰ অন্তৰ্গত আলিকাষত কালি সংঘটিত হয় এক ভূমিকেন্দ্ৰীক সংঘাত। যাৰ পৰিণতিত এজনৰ মৃত্যু হোৱাৰ লগতে এজন গুৰুতৰ ভাৱে আহত হয়। ভূমিকেন্দ্ৰিক বিবাদৰ বাবে সংঘটিত হোৱা এই হত্যাকাণ্ড চফেদ আলী নামৰ এগৰাকী লোকৰ মৃত্যু হয়। উল্লেখ্য যে, চফেদ আলীৰ ভূমিত সমীপৰ মিন্টু আলীয়ে ট্ৰেক্টৰেৰে মাটি চাহ কৰি থকা অৱস্থাত চফেদ আলীয়ে বাধা দিয়াত মিন্টু আলীৰ পৰিয়ালৰ লোকে চোকা অস্ত্ৰৰে চফেদ আলীক গুৰুতৰ ভাবে আহত কৰে । এই দৃশ্য প্ৰত্যেক্ষ কৰাৰ পিছত চফেদ আলীৰ পুত্ৰ ৰাহুল আলী ওৰফে মুন ঘটনাস্হলীত উপস্থিত হোৱাত ৰাহুল আলীকো চোকা অস্ত্ৰৰে গুৰুতৰ ভাবে আহত কৰে মিন্টু আলীৰ পৰিয়ালে । কালিয়ে দুয়োগৰাকীকে নাৰায়ানা হস্পিতালত ভৰ্তি কৰাই যদিও নিশাৰ ভাগত চফেদ আলীৰ মৃত্যু হয় । ইপিনে ৰাহুল আলীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে । চফেদ আলী আৰ পি এফ(RPF) ৰ অৱসৰী কৰ্মচাৰী হোৱাৰ বিপৰীতে পুত্ৰ ৰাহুল আলী এ পি আৰ অ( APRO) ৰ উপ-পৰিদৰ্শক । ইতিমধ্যে এই ঘটনাত জড়িত অভিযুক্ত মন্টু আলী ,ৰুফিয়া বেগম,জুমি বেগম, ৰাজ আহমেদক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । দুজন পলাতক বুলি জানিব পৰা গৈছে ।ঘটনাৰ জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে দদৰা আৰক্ষীয়ে । ঘটনাটোক লৈ অঞ্চলটোত এক চেপা উত্তেজনা অব্যাহত আছে ।