...

বাল্য বিবাহ-কইনা উদ্ধাৰ

বাল্য বিবাহ-কইনা উদ্ধাৰ

দ’ৰা সহ আটক পাঁচ

কামৰূপ,১৭অক্টোবৰ:

কামৰূপৰ নগৰবেৰাত আৰক্ষীৰ তৎপৰতাত বন্ধ কৰা হ’ল এখন প্ৰস্তাৱিত বাল্যবিবাহ। ঘটনাৰ সতে জড়িত থকাৰ অভিযোগত পাঁচজন লোকক আটক কৰাৰ লগতে ১৭ বছৰীয়া কইনাৰূপী এগৰাকী কিশোৰীক উদ্ধাৰ কৰে আৰক্ষীয়ে।
প্ৰাপ্ত তথ্য অনুসৰি, ১৬ অক্টোবৰৰ নিশা নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত কল্যাণপুৰ গাঁৱৰ খাজামুদ্দিনৰ বাসগৃহত এগৰাকী নাবালিকাৰ বিবাহৰ আয়োজন কৰা বুলি আৰক্ষীয়ে খবৰ লাভ কৰে। ইয়াৰ পিছতে নগৰবেৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া এছ আই হৰজিৎ দাসৰ নেতৃত্বত এছ আই দিব্যজ্যোতি ৰাজবংশীসহ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ অভিযান চলায়।
আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা কল্যাণপুৰ গাঁৱৰ ১৭ বছৰীয়া কইনাক উদ্ধাৰ কৰে। এই ঘটনাৰ সতে জড়িত থকাৰ অভিযোগত প্ৰস্তাৱিত দৰা ছফিকুল ইছলামসহ পাঁচজন লোকক আটক কৰা হয়। লগতে বিবাহৰ পোছাক আৰু অন্যান্য সামগ্ৰীও আৰক্ষীয়ে জব্দ কৰে।
ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীয়ে প্ৰয়োজনীয় আইনগত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *