ত্ৰিপুৰাৰ ঐতিহ্যবাহী বাঁহ-বেতৰ শিল্পকলাৰে সজাই তোলা দুৰ্গাপূজাৰ মণ্ডপ
শাৰদীয় দুৰ্গোৎসৱৰ আনন্দত মতলীয়া আগৰতলা
চাইন অন ডেস্ক,১৬অক্টোবৰ:
ত্ৰিপুৰাৰ ঐতিহ্যবাহী বাঁহ-বেতৰ শিল্পকলাৰে সজাই তোলা হৈছে বিপ্লৱ প্লে চেণ্টাৰৰ দুৰ্গাপূজাৰ মণ্ডপ।শাৰদীয় দুৰ্গোৎসৱৰ আনন্দত মতলীয়া হৈ পৰিছে আগৰতলা।প্ৰতি বছৰৰ দৰে এইবাৰো অভিনৱ থিমেৰে দৃষ্টি আকৰ্ষণ কৰিছে আগৰতলাৰ বিপ্লৱ প্লে চেণ্টাৰে।আগৰতলা পৌৰ নিগমৰ মেয়ৰ দীপক মজুমদাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে পূজামণ্ডপটো।
বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা হয় উদ্বোধনী অনুষ্ঠানৰ।
উদ্বোধনী অনুষ্ঠানত ক্লাবৰ বিষয়ববীয়া আৰু বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
পূজামণ্ডপৰ মূল আকৰ্ষণ হৈছে ত্ৰিপুৰাৰ নিজস্ব কলা-সংস্কৃতি আৰু ঐতিহ্য।
পৰম্পৰাগত বাঁহ আৰু বেতৰ নিখুঁত কাৰুকাৰ্যৰে সজাই তোলা হৈছে সমগ্ৰ মণ্ডপটো।
গ্ৰাম্য ত্ৰিপুৰাৰ ঐতিহ্যবাহী হস্তশিল্পক দৰ্শনাৰ্থীৰ সন্মুখত তুলি ধৰাৰ প্ৰয়াস কৰিছে আয়োজকসকলে।
বাঁহ-বেতেৰে নিৰ্মিত বিভিন্ন লোকশিল্প আৰু জনজাতীয় সংস্কৃতিৰ উপাদানেৰে অনন্য ৰূপ দিয়া হৈছে পূজা মণ্ডপটোক।মা দুৰ্গাৰ প্ৰতিমাতো পৰিলক্ষিত হৈছে পৰম্পৰাগত শিল্পকলাৰ সুন্দৰ পৰশ।
পৰিৱেশ অনুকূল সামগ্ৰীৰে নিৰ্মাণ কৰা এই দৃষ্টিনন্দন পূজামণ্ডপ এইবাৰ দৰ্শনাৰ্থীৰ অন্যতম প্ৰধান আকৰ্ষণ হৈ উঠিব বুলি আশা প্ৰকাশ কৰিছে আয়োজকসকলে।