সন্ত্ৰাসবাদী আক্ৰমণৰ তথ্য প্ৰদান কৰিবলৈ NIA-এৰ আহব্বান
ফোন নম্বৰ মুকলি কৰিছে
নতুন দিল্লীঃ
ৰাষ্ট্ৰীয় তদন্ত সংস্থাই পৰ্যটকৰ ওপৰত পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে জড়িত আৰু কোনো তথ্য, ফটো বা ভিডিঅ’ লাভ কৰিব পৰা সকলো পৰ্যটক, দৰ্শনাৰ্থী আৰু স্থানীয় লোকক তৎকালীনভাৱে সংস্থাটোৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।
ইতিমধ্যে সংস্থাটোৱে আক্ৰমণৰ বিভিন্ন দিশ দেখুওৱা যথেষ্ট সংখ্যক ফটো আৰু ভিডিঅ’ নিজৰ দখললৈ লৈছে আৰু একেবোৰেই পৰীক্ষা কৰি আছে। এতিয়া ই মানৱতাৰ বিৰুদ্ধে হোৱা ভয়ানক অপৰাধৰ তদন্তত যাতে কোনো উপযোগী তথ্য বা প্ৰমাণ হেৰুৱাব নোৱাৰে তাৰ বাবে নিজৰ প্ৰচেষ্টা আৰু অধিক তীব্ৰতৰভাৱে বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে।
এন আই এয়ে নিজৰ অফিচিয়েল ৱেবছাইট আৰু ছ’চিয়েল মিডিয়া হেণ্ডেলৰ জৰিয়তে জাৰি কৰা এক আবেদনত এনে সকলো লোককে ৯৬৫৪৯৫৮৮১৬ নম্বৰ আৰু/বা লেণ্ডলাইন নম্বৰ – ০১১২৪৩৬৮৮০০ নম্বৰত এজেন্সীটোক ফোন কৰি নিজৰ ব্যক্তিগত তথ্য আৰু লগতে তেওঁলোকে শ্বেয়াৰ কৰিব বিচৰা ধৰণৰ তথ্য বা ইনপুটৰ সবিশেষ দিবলৈ আহ্বান জনাইছে। ইয়াৰ পিছত এন আই এৰ এজন জ্যেষ্ঠ বিষয়াই ফোন কৰাজনৰ সৈতে সংযোগ স্থাপন কৰিব আৰু প্ৰাসংগিক তথ্য/ফটো/ভিডিঅ’ আদি সংস্থাটোৰ সৈতে ভাগ-বতৰা কৰাৰ ব্যৱস্থা কৰিব।
আনুষ্ঠানিকভাৱে এই আক্ৰমণৰ তদন্তৰ দায়িত্বত থকা এন আই এয়ে এনে সকলো তথ্য, ফটো আৰু ভিডিঅ’ সম্পূৰ্ণৰূপে বিশদভাৱে পৰীক্ষা কৰি আক্ৰমণকাৰী আৰু তেওঁলোকৰ মোডাছ অপাৰেণ্ডিৰ যিকোনো সম্ভাৱ্য সূত্ৰ বিচাৰিবলৈ আগ্ৰহী। পৰ্যটক আৰু আনসকলে হয়তো ইচ্ছাকৃতভাৱে বা অজানিতে কিছুমান প্ৰাসংগিক বিৱৰণ দেখিছিল, শুনিছিল বা ক্লিক কৰিছিল যিয়ে কাশ্মীৰত পৰ্যটকৰ ওপৰত অভূতপূৰ্ব লক্ষ্যভিত্তিক আক্ৰমণৰ আঁৰৰ ষড়যন্ত্ৰ উন্মোচন কৰাত এন আই এক সহায় কৰিব পাৰে।
২০২৫ চনৰ ২২ এপ্ৰিলত ২৬ জন পৰ্যটকৰ মৃত্যু আৰু কেইবাজনো আহত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত কেইবাখনো ফটো আৰু ভিডিঅ’ প্ৰচলিত হোৱা দেখা গৈছে।
এন আই এৰ দলসমূহে পহলগামত শিবিৰ পাতি আক্ৰমণস্থলীত প্ৰমাণৰ বাবে পৰীক্ষা কৰাৰ লগতে ভয়ংকৰ অপৰাধৰ সাক্ষীকো জেৰা কৰি আহিছে