ধুবুৰী,২৭ছেপ্তেম্বৰ:
পৰ্বতঝোৰা মহকুমাৰ অন্তৰ্গৰ বগৰীবাৰীৰ ঐতিহাসিক মা মহামায়া মন্দিৰত আজি পুৱাৰ ভাগতে অসমৰ ৰাজ্যপাল লক্ষণ প্ৰসাদ আচাৰ্যই সপত্নীক উপস্থিত হৈ সকলোৰে মঙ্গল কামনা কৰি দেবী মা মহামায়াৰ ওচৰত পূজা অৰ্চনা প্ৰদান কৰে। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই নিচা মুক্ত ভাৰত সংকল্প যাত্ৰাৰ লগতে আন আন কাৰ্যসূচীত অংশ গ্ৰহণ কৰাৰ উদ্দেশ্য কালি ধুবুৰীত উপস্থিত হৈ আজি পুৱা ৯ বজাত পোনে পোনে আজি নামনি অসমৰ আধ্যাত্মিক চেতনাৰ শক্তিপীঠ স্বৰূপ বগৰীবাৰীৰ মা মহামায়া মন্দিৰত উপস্থিত হোৱাৰ লগে লগে মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ লগতে মহকুমাখনৰ প্ৰশাসনিক বিভাগৰ বিষয় ববীয়াসকলে ৰাজ্যপাল গৰাকীৰ উষ্ম আদৰণী জনায়। পিছৰ কাৰ্যসূচী অনুসৰি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মা মহামায়া মন্দিৰত মূৰ দ্বাৰেদি প্ৰৱেশ কৰি মা মহামায়াৰ ওচৰত সকলোৰে মঙ্গল কামনা কৰি প্ৰণিপাদ জনায়। পিছত মা মহামায়া মন্দিৰৰ মূখ্য পুজাৰীৰ মন্ত্ৰ উচ্চাৰণৰ যোগেদি মা মহামায়াৰ ওচৰত নিয়ম নীতি অনুসৰি পূজা অৰ্চনা কৰে। পূজা অৰ্চনাৰ শেষত ৰাজপালজনে সাংবাদিকসকলৰ আগত নিজৰ মন্তব্য প্ৰকাশ কৰি কয় যে নিশা মুক্ত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচীৰ সাফল্যমন্ডিত কৰাৰ লগতে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ দিক্ষিত ভাৰত লক্ষ্য সুনিশ্চিত কৰাৰ বাৰে মা মহামায়াৰ আশীৰ্বাদ বিচাৰে। লগতে কয় যে নিশা মুক্ত ভাৰত কৰাৰ বাবে ভাৰতৰ প্ৰধান মন্ত্ৰী আৰু গৃহ মন্ত্ৰীয়ে যথেষ্ঠ ধৰণৰ পদক্ষেপ হাতত লৈছে আৰু ইয়াৰ সুফল লাভ কৰিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰে। আনকি ৰাজ্যপাল গৰাকীয়ে কয় যে দীক্ষিত ভাৰতৰ লক্ষ্যত উপনীত হবলৈ আমাৰ দেশৰ যুৱ শক্তিক নিছা ভুক্ত পৰিবেশৰ মাজেদি আগবঢ়াই লৈ যাব লাগিব। ৰাজ্যপাল গৰাকীয়ে আনকি উল্লেখ কৰে যে ভাৰতৰ মুঠ জনসংখ্যাৰ ৬৫% শতাংশই যুৱ শক্তি। এনে ক্ষেত্ৰত আমাৰ যুৱ শক্তিক সঠিকভাবে আগবঢ়াই লৈ যাব পাৰিলে মোদীজীৰ দীক্ষিত ভাৰত লক্ষ্যত উপনীত হোৱাটো নিশ্চিত হব বুলি ৰাজ্যপাল লক্ষণ প্ৰসাদ আচাৰ্যই মত ব্যক্ত কৰে। পিছত ৰাজ্যপালজনে মা মহামায়া মন্দিৰৰ ঐতিহাসিক পঠভূমি আৰু পৌৰাণিক ঐতিহ্য বিষয়ে প্ৰশাসনিক বিষয়াসকলৰ পৰা বুজ লয়। লগতে মা মহামায়া মন্দিৰৰ সামগ্ৰীক ব্যৱস্থাপনা আৰু পৰিৱেশ সন্দৰ্ভত মন্দিৰ পৰিচালনা সমিতিৰ লগত মত বিনিময় কৰে। পিছত ৰাজ্যপাল গৰাকীয়ে পৰৱৰ্তী কাৰ্যসূচীত অংগ গ্ৰহণ কৰাৰ উদ্দেশ্য ধুবুৰী অভিমূখে যাত্ৰা কৰে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Notify me of follow-up comments by email.
Notify me of new posts by email.