ৰাজ্যত বৃদ্ধি পাইছে কৰ্কট ৰোগত আক্ৰান্তৰ সংখ্যা !
ডিব্ৰুগড় কেঞ্চাৰ চেন্টাৰত ৬ বছৰত ১৪ হাজাৰ ৰোগীৰ চিকিৎসা
চাইন অন ডেস্ক,২৬ছেপ্তেম্বৰঃ
ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা৷ বিগত বৰ্ষৰ তুলনাত চলিত বৰ্ষত অস্বাভাৱিকভাৱে কৰ্কট ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে৷ অসম চিকিৎসা মহাবিদ্যালয়ত অৱস্থিত ডিব্ৰুগড় কেঞ্চাৰ চেন্টাৰত যোৱা ৬ বছৰত প্ৰায় ১৪ হাজাৰ জন কৰ্কট ৰোগীৰ চিকিৎসা কৰা হৈছিল৷ আজি এক সংবাদমেলৰ জৰিয়তে ডিব্ৰুগড় কেঞ্চাৰ চেন্টাৰৰ পৰিচালন সঞ্চালক ডাঃ নৱজ্যোতি চৌধুৰীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ২০২২ চনৰ ১৮ এপ্ৰিলৰ পৰা ২০২৬ চনৰ ২৫ ছেপ্তেম্বৰলৈকে ১৪,০২৮ জন কৰ্কট ৰোগীক চিকিৎসা কৰা হৈছে৷ ইয়াৰে ২০২২-২৩ বৰ্ষত ১২৮১ জন, ২০২৩-২৪ বৰ্ষত ২৯১০ জন, ২০২৪-২৫ বৰ্ষত ৩৪৫৬ জন, ২০২৫-২৬ বৰ্ষত ৩৭৩০ জন আৰু ২০২৬ বৰ্ষৰ ২৫ ছেপ্তেম্বৰলৈকে ২৬৫১ জন ৰোগীক চিকিৎসা প্ৰদান কৰা হৈছে৷ অৰ্থাৎ বিগত বৰ্ষৰ তুলনাত চলিত বৰ্ষত কৰ্কট ৰোগত আক্ৰান্তৰ সংখ্যা সাংঘাতিকধৰণে বৃদ্ধি পোৱাৰ কথা সদৰি কৰিছে ডাঃ চৌধুৰীয়ে৷ অৱশ্যে অৰুণাচল আৰু নাগালেণ্ডত কৰ্কট ৰোগে ভয়াৱহৰূপত ছানি ধৰাৰ কথা প্ৰকাশ কৰিছে৷ নাগালেণ্ডত স্বাভাৱিক অৱস্থালৈ উভতি আহিছে যদিও অৰুণাচল প্ৰদেশত এই ৰোগত আক্ৰান্তৰ সংখ্যাক দিনক দিনে বৃদ্ধি পাই আহিছে বুলি প্ৰকাশ কৰিছে৷ উল্লেখ্য যে, অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিচালিত ডিব্ৰুগড় কেঞ্চাৰ চেন্টাৰত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা অত্যাধুনিক প্ৰশিক্ষণ কাৰ্যসূচী আজি সফলতাৰে সামৰণি পৰে৷ ‘আছাম হেল্থ ইন ফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট এণ্ড মেনেজমেণ্ট ছ’চাইটি’ৰ সহযোগত ৰক্ত কেন্দ্ৰৰ প্ৰযুক্তিবিদসকলৰ বাবে অনুষ্ঠিত কৰা প্ৰশিক্ষণ কাৰ্যসূচীত অসমৰ চিকিৎসা মহাবিদ্যালয়সমূহত ৰক্ত বেংকৰ প্ৰযুক্তিবিদসকলৰ দক্ষতা বিকাশৰ জৰিয়তে ৰাজ্যৰ জনসাধাৰণক নিৰাপদ তেজ যোগান ধৰাত সুবিধা দিব পৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ এই প্ৰশিক্ষণত ব্যৱহাৰিক প্ৰশিক্ষণৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়। প্ৰযুক্তিবিদসকলে যাতে নিজে হাতে-কামে পৰীক্ষা কৰিব পাৰে, তাৰ বাবে ৰক্ত বেংকৰ পৰীক্ষাগাৰত চাৰিটা ৱৰ্কষ্টেচন স্থাপন কৰা হৈছে। ‘ট্ৰেন্সফিউচন মেডিচিনত শেহতীয়া অগ্ৰগতি’ বিষয়ক তাত্ত্বিক বক্তৃতাৰ ব্যৱস্থা কৰা হয়, য’ত স্বেচ্ছাসেৱী ৰক্তদাতা অনুপ্ৰেৰণা, ৰক্ত বেংক চিৰোলজি, উন্নত উপাদান প্ৰস্তুতি আৰু ৰক্ত বেংকৰ নিয়ম আদি অন্তৰ্ভুক্ত কৰা হয়। ইয়াৰোপৰি, অনলাইন নথিপত্ৰকৰণৰ ওপৰত ৰাজ্যিক ৰক্ত সংবহন পৰিষদৰ দুজন বিষয়াই বক্তৃতা প্ৰদান কৰে৷ ইফালে এই সংবাদমেলত ডাঃ চৌধুৰীয়ে লগতে জানিবলৈ দিয়ামতে, ডিব্ৰুগড় কেঞ্চাৰ চেন্টাৰত বৰ্তমান মেডিকেল অংক’লজী, ৰেডিঅ’শ্বন অংক’লজী, চাৰ্জিকেল অংক’লজী, পেলিয়েটিভ চিকিৎসা, এনােষ্টেচিঅ’লজী আৰু ক্ৰিটিকেল কেয়াৰ, ট্ৰেন্সফিউচন মেডিচিন, ৰেডিঅ’লজী আৰু ইমেজিং, লেবৰেটৰী মেডিচিন, নিউক্লিয়াৰ মেডিচিন, জৰুৰীকালীন চিকিৎসা, আই.চি.ইউ., এইছ.ডি.ইউ., কেমাে ডে’ কেয়াৰ, হেমাট’–অংক’লজী, পেডিয়েট্ৰিক অংক’লজীৰ চিকিৎসা উপলব্ধ হৈ আছে৷ ডিচেম্বৰ মাহত আন এটা চিকিৎসা ব্যৱস্থা উপলব্ধ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে ডিব্ৰুগড় কেঞ্চাৰ চেন্টাৰে৷ অস্থিমজ্জা অৰ্থাৎ বন মেৰ’ সংৰোপনৰ চিকিৎসাৰ ব্যৱস্থা উপলব্ধ হ’ব ডিচেম্বৰ মাহত৷ দুদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীত ডিব্ৰুগড় কেঞ্চাৰ চেণ্টাৰৰ মেডিকেল ডাইৰেক্টৰ ড° এন চৌধুৰী, অমৃতা হাস্পতালৰ অধ্যাপক ড° ৰাহুল কাটাৰিয়া, অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক ড° অদিতি শৰ্মা, বৰপেটা কেঞ্চাৰ চেণ্টাৰৰ চিকিৎসা বিষয়া ড° মোস্তফা মহম্মদ আল আমান, ড° এম ডি ফখৰুল আলম চৌধুৰী আৰু এএছবিটিচিৰ কাৰিকৰী ছুপাৰভাইজাৰ তথা ই-ৰক্তকোষ পৰ্টেলৰ ন’ডেল বিষয়া ড° ৱাচিম জাবেদ চৌধুৰীয়ে অংশগ্ৰহণ কৰে৷