ডিব্ৰুগড়ৰ সাংস্কৃতিক মহাসভা সদৰ আঞ্চলিক সমিতিৰ উদ্যোগত জুবিন দিৱস উদযাপন
চাইন অন ডেস্ক,২০ছেপ্টেম্বৰ:
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ প্ৰথম বাৰ্ষিকী ৰাজ্যজুৰি জুবিন দিৱস হিচাপে পালন কৰাৰ সমান্তৰালকৈ ডিব্ৰুগড়ৰ সাংস্কৃতিক মহাসভা অসমৰ সদৰ আঞ্চলিক সমিতিৰদ্বাৰা ডিব্ৰুগড়ৰ আমোলাপট্টি নাট্য মন্দিৰ প্ৰাংগণত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে প্ৰথম বাৰ্ষিক “জুবিন দিৱস” পালন কৰা হয়। সমাজকৰ্মী অনিল দুৱৰা, সাংস্কৃতিক কৰ্মী মনোজ কুমাৰ বৰুৱা, অনাতাঁৰ শিল্পী মীৰ্জা নিয়ামুদ্দিন আহমেদ,সদৰ আঞ্চলিক সমিতিৰ বিভিন্ন গৰাকী বিষয়ববীয়াৰ লগতে স্থানীয় বিভিন্ন জুবিন অনুৰাগীয়ে প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শিল্পী গৰাকীক শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। শিল্পী কুমুদ ৰঞ্জন দাসৰ গীতৰ শৰাইৰ লগতে উপস্হিত ৰাইজে সমস্বৰে ‘মায়াবিনী ৰাতিৰ বুকুত’ শীৰ্ষক গীতটি পৰিৱেশন কৰি পৰিৱেশ আবেগিক কৰি তোলে। জুবিন দিৱস উপলক্ষে উপস্থিত ৰাইজৰ হৈ অনিল দুৱৰা, দিলীপ কুমাৰ দাস, মনোজ কুমাৰ বৰুৱাই জুবিন গাৰ্গৰ কৰ্মৰাজিৰ স-শ্ৰদ্ধ স্মৰণ কৰে। আঞ্চলিক সমিতিৰ যুটীয়া সম্পাদক চন্দনজ্যোতি কলিতা আৰু দেৱীকা দেৱীয়ে উপস্থিত সকলকে ধন্যবাদ জ্ঞাপন কৰে।