...

বৃহত্তৰ জকাই অঞ্চলত মহান শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলী

বৃহত্তৰ জকাই অঞ্চলত মহান শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলী

চাইন অন ডেস্ক,২০ছেপ্তেম্বৰ:

অসমীয়াৰ হিয়াৰ আমঠু কিংবদন্তি শিল্পী জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকীত শিল্পীজনালৈ ডিব্ৰুগড় জিলাৰ বৃহত্তৰ জকাই অঞ্চলৰ ৩০খন গাঁৱৰ ৰাইজে ঘৰৰ পদূলি পদুলিয়ে বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাৰ্ঘ নিবেদন কৰে।জকাই ৰূপজ্যেতি সংঘ,জকাই চামগুৰি ধ্ৰুৱজ্যেতি সংঘ, জকাই হাঁহচৰা জেউতি সংঘৰ ,জকাই উলোম গাঁও পূবেৰুণ সংঘ আৰ জকাই শৰাইঘাট নিউষ্টাৰ সংঘ প্ৰমূখ্যে বেচৰকাৰী অনুষ্ঠান সমূহে মহানায়ক বিশ্ববিশ্ৰুত শিল্পী জুবিন গাৰ্গৰ স্মৃতিত সামূহিক বন্তি প্ৰজ্বলন কৰি শিল্পীগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ নিবেদন জনায়।উল্লেখযোগ্য জকাই শৰাইঘাট নিউষ্টাৰ সংঘ উদ্যোক্তা সকলে শৰাইঘাট চাৰি আলিত শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলী জনোৱাৰ উপৰিও হৰেঘাট দলংৰ ৰেলিংৰ দুয়োকাষে পাছশ গছি বন্তি প্ৰজ্বলন কৰি শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ জনায়।আনহাতে সমগ্ৰ জকাই অঞ্চলতেই শিল্পীগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ জ্ঞাপন কৰাৰ লগতে “মায়াবিনী” গীত পৰিবেশন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *