ডিব্ৰুগড়ৰ থানা চাৰিআলিত আবেগ-অনুভূতিৰে ‘জুবিন দিৱস’ পালন
গীতে-মাতে প্ৰাণৰ শিল্পীক স্মৰণ; উচিত ন্যায়ৰ দাবীত ঐক্যবদ্ধ ডিব্ৰুগড়বাসী
জ্যোতি কানৈক বিশেষ সম্বৰ্ধনা
চাইন অন ডেস্ক,২০ছেপ্টেম্বৰঃ

অনুষ্ঠানৰ আৰম্ভণিতে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বাদ্যযন্ত্ৰী তথা জুবিন গাৰ্গৰ সৈতে একাধিক অনুষ্ঠানত মঞ্চত বাদ্য সংগত কৰা চান্তো কাকতিয়ে। বন্তি প্ৰজ্বলনৰ পাছতে জুবিনৰ 
ইয়াৰ পাছতে অনুষ্ঠানৰ মঞ্চ উদ্বোধন কৰে অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই। উদ্বোধনী ভাষণত তেওঁ জুবিন গাৰ্গৰ অসমৰ সংগীত আৰু সাংস্কৃতিক ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদান স্মৰণ কৰাৰ লগতে শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাৰ ক্ষেত্ৰত উচিত ন্যায়ৰ প্ৰয়োজনীয়তাৰ বিষয়েও মন্তব্য কৰে।
অনুষ্ঠানত ডিব্ৰুগড় জিলা সাংস্কৃতিক উন্নয়ন বিষয়া সুদৰ্শন বৰাই উপস্থিত থাকি বক্তব্য প্ৰদান কৰে। লগতে জ্যেষ্ঠ সাংবাদিক ৰণ দুৱৰা, ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি জ্যোতি বৰগোহাঁই, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি বিভাস দুৱৰা,ডিব্ৰুগড় যুৱ সমাজৰ সভাপতি খগেন দত্ত, সম্পাদক টমাচ বুঢ়াগোহাঁই, ডিব্ৰুগড় আছুৰ উপদেষ্টা পাপু শইকীয়াকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।


অনুষ্ঠানৰ অন্যতম উল্লেখযোগ্য কাৰ্যসূচী আছিল বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সম্বৰ্ধনা অনুষ্ঠান। প্ৰেছ ক্লাবৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁইয়ে আঁত ধৰা এই অনুষ্ঠানত সভাপতি মনজিৎ বৰাই ভাষণ প্ৰদান কৰে। সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে সমাজকৰ্মী জ্যোতি প্ৰসাদ কানৈক বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ তৰফৰ পৰা ফুলাম গামোচা, চেলেং, প্ৰশস্তি পত্ৰ আৰু ফুলাম জাপিৰে বিশেষ সম্বৰ্ধনা জনোৱা হয়।
ইয়াৰ পাছতে ডিব্ৰু লোক সাংস্কৃতিক কেন্দ্ৰৰ শিক্ষাৰ্থীসকলে নৃত্য পৰিৱেশন কৰে। মুৰ্চনা সংগীত বিদ্যালয়ৰ অভিভাৱিকা আৰু সাহিত্য সভাৰ সদস্যসকলে কেইবাগৰাকীও শিল্পীৰ সহযোগত ‘প্ৰাণৰ মাধুৰী বুটলি বুটলি’ শীৰ্ষক সমবেত সংগীত পৰিৱেশন কৰে। জুবিনৰ জনপ্ৰিয় ‘অন্ধ আকাশ ৰূদ্ধ বতাহ’ গীতত নৃত্যাংগণ কলা কেন্দ্ৰৰ শিক্ষাৰ্থীসকলৰ নৃত্যয়ো অনুষ্ঠানৰ সৌন্দৰ্য বৃদ্ধি কৰে।
ইয়াৰ উপৰি শিশু শিল্পী তৃৰ্ষাদশী গগৈৰ গীত, ডিব্ৰু লোক সাংস্কৃতিক কেন্দ্ৰৰ শিক্ষাৰ্থীসকলৰ বাঁহীত ‘মায়াবিনী’ গীতৰ সুৰ আৰু জুবিন গাৰ্গৰ সৈতে গীত পৰিৱেশন কৰা জনপ্ৰিয় কণ্ঠশিল্পী জুপিতৰা 
বিশেষ আকৰ্ষণ হিচাপে জনপ্ৰিয় কণ্ঠশিল্পী পম্পী পূৰৱীয়ে গীতৰ শৰাই আগবঢ়ায়। আনহাতে, ইণ্ডিয়ান আইডলত জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰা শিশু শিল্পী জেনিফা আহমেদে গীত পৰিৱেশন কৰি অনুষ্ঠানৰ পৰিৱেশ জীপাল কৰি তোলে।

জুবিনৰ গীত, সুৰ আৰু স্মৃতিৰে মুখৰ হৈ পৰা এই অনুষ্ঠানৰ জৰিয়তে ডিব্ৰুগড়বাসীয়ে পুনৰ এবাৰ প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি থকা গভীৰ ভালপোৱা আৰু শ্ৰদ্ধা প্ৰকাশ কৰে। জুবিন শাৰীৰিকভাৱে নাথাকিলেও তেওঁৰ সৃষ্টি, সুৰ আৰু গান অসমৰ জনমানসত সদায় জীয়াই থাকিব—এই অনুভূতিৰে সামৰণি পৰে ‘জুবিন দিৱস’ৰ।