...

পেহেলগামলৈ কিদৰে আহিছিল সন্ত্ৰাসবাদীৰ দল ?

Spread the love

পেহেলগামলৈ কিদৰে আহিছিল সন্ত্ৰাসবাদীৰ দল ?

কেনেকৈ কৰিছিল আক্ৰমণ ?

সকলো তথ্য NIA ৰ হাতত পৰিছে

সন্ত্ৰাসবাদীয়ে ব্যৱহাৰ কৰিছিল AK-47 আৰু আমেৰিকান M4 ৰাইফল

প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পাইছে সন্ত্ৰাসবাদী দলটোৱে ঘন হাবি, পাহাৰীয়া পথ অতিক্ৰম কৰি প্ৰায় ২০ ৰ পৰা ২২ ঘণ্টা খোজ কাঢ়ি আহি উপস্থিত হৈছিল মিনি ছুইজাৰলেণ্ড বৈছাৰণ উপত্যকাত

 

 

চাইন অন ডেক্সঃ

জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ পাহেলগামৰ বৈছাৰণ উপত্যকাত যোৱা ২২ এপ্ৰিলত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্তৰ দায়িত্ব হাতত লৈছে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ নিয়াই। এই আক্ৰমন সন্দৰ্ভত ইতিমধ্যে কেইটাবাও গুৰুত্বপূৰ্ণ তথ্য তদন্তকাৰী সংস্থা নিয়াৰ হাতত পৰিছে।

ঘটনাৰ প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পাইছে আক্ৰমণকাৰী সন্ত্ৰাসবাদী দলটোৱে ঘন হাবি, জংঘল, পাহাৰীয়া পথ অতিক্ৰম কৰি প্ৰায় ২০ ৰ পৰা ২২ ঘণ্টা খোজ কাঢ়ি আহি উপস্থিত হৈছিল মিনি ছুইজাৰলেণ্ড বৈছাৰণ উপত্যকাত। সন্ত্ৰাসবাদী এই দলটোক এই পথ দেখুৱাইছিল পেহেলগামৰ স্থানীয় সন্ত্ৰাসবাদী আদিলে।

ধৰ্ম অনুসৰি চিনাক্ত কৰি গুলিচালনা: চাক্ষুষ সাক্ষীৰ জবানবন্দী

২২ এপ্ৰিলত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত তেওঁলোক কিমান নৃশংস আছিল সেয়া চাক্ষুষ সাক্ষীসকলে স্পষ্টকৈ উল্লেখ কৰিছে। তেওঁলোকেই জানিবলৈ দিয়া মতে সন্ত্ৰাসবাদী দলটোৱে প্ৰথমে লোকসকলক এটা স্থানলৈ আনি তেওঁলোকৰ ধৰ্মীয় পৰিচয় সুধিছিল।

তাৰ পাছতেই তেওঁলোকক ‘কলিমা’ পঢ়িবলৈ নিৰ্দেশ দিছিল। যিসকলে নিজকে হিন্দু হিচাপে পৰিচয় দিলে আৰু যিসকলে কলিমা মাতিবলৈ নোৱাৰিলে তেওঁলোকৰ ওপৰতে নিৰবিচাৰে গুলীচালনা কৰিলে।

চাক্ষুষ সাক্ষীসকলে প্ৰকাশ কৰা মতে সন্ত্ৰাসবাদী দলটোৱে প্ৰথমে চাৰিজনক লক্ষ্য কৰি গুলী চলাইছিল যদিও পাছত আতংক সৃষ্টি হোৱাৰ লগে লগে ধাৰাসাৰ গুলীবৰ্ষণ আৰম্ভ কৰে।

সন্ত্ৰাসবাদীয়ে ব্যৱহাৰ কৰিছিল AK-47 আৰু আমেৰিকান M4 ৰাইফল

বৈছাৰণ উপত্যকাৰ ঘটনাস্থলীৰ পৰা যি কাৰ্ট্ৰিজ উদ্ধাৰ কৰা হৈছে, তাৰ পৰা জানিব পৰা গৈছে যে আক্ৰমণত AK-47 আৰু আমেৰিকাত নিৰ্মিত M4 ৰাইফল ব্যৱহাৰ কৰা হৈছিল। এই অস্ত্ৰৰ ব্যৱহাৰে আক্ৰমণকাৰীৰ পৰিকল্পনাক স্পষ্ট কৰি তুলিছে।

আক্ৰমণৰ পূৰ্বে সন্ত্ৰাসবাদীসকলে পৰ্যটকৰ পৰা মোবাইল ফোনো কাঢ়ি লৈছিল। যাতে কোনেও তেওঁলোকৰ লোকেচন ট্ৰেকিং কৰিব নোৱাৰে।

নিয়াই সংগ্ৰহ কৰিছে আক্ৰমণৰ ভিডিঅ’

পেহেলগামৰ বৈছাৰণ উপত্যকাত সংঘটিত হোৱা সেই নাৰকীয় ঘটনাৰ বহু দৃশ্য মোবাইলত আবদ্ধ হৈছে। সেই সময়ত ঘটনাস্থলীত উপস্থিত থকা এগৰাকী ফটোগ্ৰাফাৰে লুকাই লুকাই সেই দৃশ্য সংগ্ৰহ কৰিছিল।

এই ভিডিঅ’ত আক্ৰমণকাৰীৰ নৃশংসতা স্পষ্টকৈ প্ৰকাশ পাইছে। সেই ভিডিঅ’ এতিয়া NIA ৰ হাতলৈ আহিছে আৰু ইয়েই তদন্ত প্ৰক্ৰিয়াত গুৰুত্বপূর্ণ প্ৰমাণ হিচাপে বিবেচিত হৈছে।

ভাৰতীয় সেনাৰ বিষয়াও আছিল এই ঘটনাৰ সাক্ষী

প্ৰকাশিত খবৰ মতে, সেইদিনা সন্ত্ৰাসবাদীৰ আক্ৰমণৰ সময়ত সেই স্থানত এজন ভাৰতীয় সেনাৰ বিষয়াও উপস্থিত আছিল। অৱশ্যে তেওঁ সাধাৰণ পৰ্যটকৰ দৰেই সেই স্থানলৈ ফুৰিবলৈহে গৈছিল। তেওঁ কৰ্তব্যৰত অৱস্থাত নাছিল।

আক্ৰমণৰ পাছতে এইগৰাকী সেনা বিষয়াই ঘটনাৰ কিছু গুৰুত্বপূৰ্ণ ক্লু নিয়াৰ হাতত অৰ্পণ কৰিছে। তেওঁ প্ৰদান কৰা সেই তথ্যই তদন্ত প্ৰক্ৰিয়াত যথেষ্ট সহায় কৰিব বুলি জানিব পৰা গৈছে।

স্থানীয় সন্ত্ৰাসবাদী আদিলৰ সন্ধানত সেনা
ইতিমধ্যে স্পষ্ট হৈছে এই ঘটনাৰ সৈতে স্থানীয় যুৱক তথা সন্ত্ৰাসবাদী গোটটোৰ সদস্য আদিল ঠোকাৰ জড়িত হৈ আছে। আদিলেই সন্ৰানাসবাদী দলটোক বৈছাৰণলৈ পথ দেখুৱাই লৈ আনিছিল।
সেই আদিলৰ সন্ধানতে আছে সেনা, সুৰক্ষা বাহিনী। আদিলক গ্ৰেপ্তাৰ কৰিব পাৰিলেই আক্ৰমণৰ সকলো বিষয় স্পষ্ট হৈ পৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *