...

নীট পৰীক্ষাত হল উত্তীর্ণ কিন্তু শেষত হ’লগৈ গভাইত চোৰ ?

নীট পৰীক্ষাত হল উত্তীর্ণ

কিন্তু শেষত হ’লগৈ গভাইত চোৰ ?

ক’ত,কিয়,কেনেকৈ ?

আগ্রা,১৭ছেপ্টেম্বৰঃ

হ’ব খুজিছিল চিকিৎসক। কিন্তু চহকী আৰু বিলাসী জীৱন যাপনৰ মোহত পৰি হ’লগৈ গভাইত চোৰ। আগ্রা কেণ্টৰ জি আৰ পিয়ে ৰে’লৰ এচি দবাৰ যাত্ৰীৰ পৰা প্ৰভূত পৰিমাণৰ আ-অলংকাৰ, ধন-সোণ চুৰি কৰাৰ অপৰাধত উত্তৰ প্ৰদেশৰ পিলিভিটৰ পুনীত নামৰ যুৱকজনক সহযোগী লক্ষ্ণৌৰ আকাশ পালৰ সৈতে গ্ৰেপ্তাৰ কৰে। দুয়ো মিলি বিভিন্ন ৰে’লৰ এচি দবাৰ যাত্ৰীৰ পৰা বিগত বেছ কিছুকাল এই চুৰি কাৰ্য সংঘটিত কৰি আহিছে। দুয়োৰে জিম্মাৰ পৰা ২৫ লাখ টকা মূল্যৰ আ-অলংকাৰ উদ্ধাৰ হৈছে। আৰক্ষীয়ে সদৰী কৰা মতে অপৰাধত জড়িত পুনীত নীট উত্তীর্ণ ছাত্র। বিলাসী জীৱন-যাপনত অভ্যস্ত

পুনীতৰ পিতৃ সেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া, সহোদৰ বায়ু সেনাৰ বিষয়া আৰু সহোদৰা চিকিৎসক। আগ্রা কেন্ট আৰু মথুৰা ৰে’ল ষ্টেচনৰ মাজত সাধাৰণতে চুৰি কাৰ্য সংঘটিত কৰা পুনীতে আকাশৰ লগত লগ লাগি ক’ভিড কালত লক্ষ্ণৌত এখন হোকাবাৰ মুকলি কৰিছিল। ব্যৱসায়ত লোকচানৰ সন্মুখীন হোৱাৰ পিচতে দুয়ো ৰে’লত চুৰি আৰম্ভ কৰে। পুনীতে সদৰী কৰা মতে কৰ্কট ৰোগত আক্রান্ত প্রেমিকাৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় ধন সংগ্ৰহৰ বাবেও ৰে’লত চুৰি কাৰ্য সংঘটিত কৰিছে। প্রেমিকাৰ চিকিৎসাৰ নামত পুনীতে এতিয়ালৈকে ৮০ লাখ টকা ব্যয় কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *