অগপত যোগ দিয়েই জ্যোতিষীৰ ৰূপত প্ৰাক্তন অজাপ নেতাৰ
৫০ বছৰলৈ মিত্ৰজোঁটৰ চৰকাৰ থাকিব
বিৰোধীৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল হ’ব শূণ্যৰ পৰা মহাশূণ্যলৈ
চাইন অন ডেক্সঃ
‘পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ লগতে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ ফলাফল হ’ব শূণ্যৰ পৰা মহাশূণ্য।’ ডিব্ৰুগড়ত অনুষ্ঠিত অসম গণ পৰিষদৰ এক যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি এনেদৰে বিৰোধী দলসমূহক সমালোচনাৰ লক্ষ্য কৰি ল’লে অগপৰ কেন্দ্ৰীয় সভাপতি তথা মন্ত্ৰী অতুল বৰাই। ডিব্ৰুগড়ৰ চৌকিডিঙ্গীস্থিত অগপৰ কাৰ্যালয়ত উপস্থিত হৈ অগপৰ কেন্দ্ৰীয় সভাপতি অতুল বৰাই কংগ্ৰেছক সমালোচনা কৰি কয়, কংগ্ৰেছ এইবাৰ ফিল্ডত আছে বুলি ক’ব পৰা নাযায়। কংগ্ৰেছৰ প্ৰতি জনসাধাৰণৰ মোহভংগ ঘটিছে। কংগ্ৰেছে নিৰ্বাচনৰ সময়ত ডাঙৰ কথাই কয়। কংগ্ৰেছৰ উষ্ণতা ৪০ ডিগ্ৰীলৈ বৃদ্ধি পায়। ফলাফল ঘোষণাৰ পাছত ‘-0’ ডিগ্ৰীলৈ আৱনমিত হয়। এইবাৰো সেয়াই হ’বলৈ গৈ আছে। বিৰোধী দল বুলি থকা ৰাইজৰ দল বাবে অসম জাতীয় পৰিষদৰ ফলাফল ‘0’ ডিগ্ৰীৰ পৰা ‘-0’ ডিগ্ৰীলৈ অৱনমিত হ’ব। তেওঁলোকৰ ফলাফল হ’ব শূণ্যৰ পৰা মহাশূন্যলৈ। ইফালে লুৰিণজ্যোতি গগৈ নেতৃত্বাধীন অসম জাতীয় পৰিষদ এৰি অসম গণ পৰিষদত যোগদান কৰা পৰাগ বৰুৱা এইবাৰ জ্যোতিষীৰ ৰূপত। এটা দশকৰ পাছত অসম গণ পৰিষদলৈ উভতি আহিয়েই অগপ-বিজেপি মিত্ৰ দলৰ চৰকাৰক লৈ ভৱিষ্যদ্বাণী কৰিলে পৰাগ বৰুৱাই। ডিব্ৰুগড়ৰ চৌকিডিঙ্গীস্থিত অগপৰ জিলা কাৰ্যালয়ৰ চৌহদত ভৰি দিয়েই অসম জাতীয় পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ প্ৰাক্তন সভাপতি পৰাগ বৰুৱাই ভৱিষ্যদ্বাণী কৰিলে, ৫০ বছৰলৈ থাকিব অগপ-বিজেপি মিত্ৰজোঁটৰ চৰকাৰ। ১৯৯১ চনত অগপত যোগদান কৰা পৰাগ বৰুৱাই ২০১৪ চনত ত্যাগ কৰিছিল অসম গণ পৰিষদ। লুৰিণজ্যোতি গগৈ নেতৃত্বাধীন অসম জাতীয় পৰিষদত যোগদান কৰি লোকসভা নিৰ্বাচনত অজাপৰ বিপৰ্যয়ৰ পাছত ২০২৪ চনৰ নৱেম্বৰ মাহত লুৰিণজ্যোতি গগৈৰ সংগ এৰিছিল পৰাগ বৰুৱাই। প্ৰায় ডেৰ শতাধিক অজাপ নেতা-কৰ্মীক লগত লৈ বিশাল ৰে’লী কৰি আহি অগপৰ জিলা কাৰ্যালয়ত উপস্থিত হৈ আনুষ্ঠানিকভাৱে যোগদান কৰে আঞ্চলিক দলটোত। অগপৰ কেন্দ্ৰীয় সভাপতি তথা মন্ত্ৰী অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু বিধায়ক পোনাকন বৰুৱাৰ উপস্থিতিত পৰাগ বৰুৱাৰ নেতৃত্বত ডেৰ শতাধিক লোকে অজাপত যোগদান কৰে। ইফালে অগপত যোগদান কৰিয়েই পৰাগ বৰুৱাই কয়, অসমত বিকল্প আঞ্চলিক দল সৃষ্টি কৰিব পৰাটো সম্ভৱ নহয়। অসম গণ পৰিষদ এক ঐতিহাসিক আন্দোলনৰ মাজেদি জন্ম হৈছিল। এই দলৰ জৰিয়তেহে অসমৰ প্ৰকৃত সমস্যাবিলাক সমাধানৰ বাবে সুবিধা হ’ব। আমি অগপক সকলোৱে শক্তিশালী কৰাৰ প্ৰয়োজনীয়তা আছে। অগপ-বিজেপিৰ মিত্ৰতাৰে চলি থকা চৰকাৰৰ দিনত উন্নয়নৰ মুখ দেখিছে। গতিকে আমি উন্নয়নৰ লগত থাকিব লাগিব। জাতীয় সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰতো মিত্ৰজোটৰ চৰকাৰে যথেষ্ট কাম কৰিছে। মই আজি ৰাজনৈতিক জ্যোতিষী হিচাপে কৈছোঁ, আগন্তুক ৫০ বছৰলৈ মিত্ৰজোটৰ চৰকাৰে থাকিব। হয় অগপই আন কোনো দলক লৈ চৰকাৰ কৰিব, নহয় অগপক লৈ আন কোনো দলে চৰকাৰ কৰিব লাগিব। অসমক আগবঢ়াই নিয়াৰ স্বাৰ্থত অগপক শক্তিশালী কৰাৰ প্ৰয়োজন আছে। অগপত সকলো ভাষা, ধৰ্মৰ লোকৰ বাবে কাম কৰাৰ সুবিধা আছে। দলৰ পৰা আতৰি যোৱা সকলো নেতা-কৰ্মী আকৌ উভতি আহক। অগপই অসমৰ জাতীয় সমস্যাক লৈ কোনোদিন আপোচ কৰা নাই বুলি উল্লেখ কৰি পৰাগ বৰুৱাই আৰু কয়, ১৯৯১ চনতে মই অগপত যোগদান কৰিছিলোঁ। বিভিন্ন কাৰণত দলত নিষ্ক্ৰীয় হৈ আছিলোঁ। ২০১৪ চনত অগপৰ পৰা আতৰি অৰাজনৈতিক হৈ আছিলোঁ। এতিয়া মই অনুভৱ কৰিছোঁ যে, অগপক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তা আছে। অসম জাতীয় পৰিষদৰ সৈতে পৰাগ বৰুৱাই চিন্তাধাৰাৰ অমিল থকাৰ কথা উল্লেখ কৰি কয়, মোৰ চিন্তাধাৰা আৰু জাতীয় পৰিষদৰ আদৰ্শত মিল নাই। অৱশ্যে অজাপত থকাৰ সময়ত দলটোৰ হৈয়েই কাম কৰি আছিলোঁ। চিন্তাধাৰা অমিল থাকিলেও শেষ পৰ্যন্ত দলটোৰ হৈয়েই কাম কৰিছিলোঁ। অজাপৰ মিত্ৰতা কংগ্ৰেছৰ লগত আছে। কংগ্ৰেছৰ লগত মিত্ৰতা থকা দলৰ সৈতে কাম কৰাত অসুবিধা আছে। আমি যিহেতু অসম আন্দোলনৰ সৈতে জড়িত থকা ব্যক্তি। কংগ্ৰেছৰ লগত কাম কৰাৰ ব্যক্তিগত অসুবিধা আছে। ইফালে বিধায়ক পোনাকন বৰুৱাই পৰাগ বৰুৱাক ঢোলে-দগৰি আদৰি আনি কয়, পৰাগ বৰুৱাৰ অগপত পুনৰ যোগদানে আঞ্চলিক দলটোক প্ৰাসংগিক কৰি তোলাৰ উপৰি শক্তিশালী কৰি তুলিব। ডিব্ৰুগড় জিলা অগপৰ সভাপতি আদিত্য গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা যোগদান সভাত মন্ত্ৰী কেশৱ মহন্তই পৰাগ বৰুৱাৰ যোগদানে দলটোক আৰু অধিক প্ৰাসংগিক কৰি তুলিব বুলি উল্লেখ কৰে। সভাত অগপৰ কেন্দ্ৰীয় উপ-সভাপতি সুনীল ৰাজকোঁৱৰৰ লগতে ভালেসংখ্যক বিষয়ববীয়া উপস্থিত থাকে। উল্লেখযোগ্য যে, অজাপৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ড০ উৎপল শৰ্মা, জাতীয় মহিলা শক্তিৰ কেন্দ্ৰীয় উপ-সভানেত্ৰী লুকুমনি বৰা, জিলা সাধাৰণ সম্পাদক কিৰণ বৰা, জাতীয় মহিলা শক্তিৰ জিলা সাধাৰণ সম্পাদিকা দেৱজ্যোতি কোঁৱৰ শইকীয়া, কেন্দ্ৰীয় সাধাৰণ সম্পাদিকা প্ৰীতাঞ্জলী মেধি শৰ্মা আদিৰ লগতে ডেৰ শতাধিক নেতা-কৰ্মীয়ে যোগদান কৰে অগপত।