...

ডিব্ৰুগড়ত নিখিল ভাৰত বংগ সাহিত্য সন্মিলনৰ

ডিব্ৰুগড়ত নিখিল ভাৰত বংগ সাহিত্য সন্মিলনৰ

ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী পালন

চাইন অন ডেস্ক,১০ছেপ্টেম্বৰ:

সংগীত সূৰ্য,সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়তো নিখিল ভাৰত বংগ সাহিত্য সন্মিলন, ডিব্ৰুগড় শাখাৰ উদ্যোগত স্থানীয় মাৰোৱাৰী পট্টিস্থিত “বিৰাজ আশ্ৰম”ত এক অনুষ্ঠান অনুষ্ঠিত হয়৷ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত সুধাকণ্ঠৰ কালজয়ী গীত পৰিৱেশনেৰে মহান শিল্পীগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়৷ অনুষ্ঠানত বিশিষ্ট বক্তা হিচাপে উপস্থিত থাকি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড॰ অৰবিন্দ ৰাজখোৱা আৰু মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ অধ্যাপক ড॰ চন্দন চুতীয়াই সুধাকণ্ঠৰ জীৱন, কৰ্ম আৰু সৃষ্টিৰ বিভিন্ন দিশ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়৷ অনুষ্ঠানত নিখিল ভাৰত বংগ সাহিত্য সন্মিলনৰ ডিব্ৰুগড় শাখাৰ সম্পাদিকা তথা ডি এইচ এছ কানৈ মহাবিদ্যালয় [স্বায়ত্তশাসিত]ৰ অধ্যাপিকা ড॰ ৰীতা পোদ্দাৰে ড॰ ভূপেন হাজৰিকাৰ বিশ্বজনীন দৰ্শনৰ ওপৰত আলোকপাত কৰে৷ মৈত্ৰেয়ী বৰুৱা ভৌমিকে আঁত ধৰা অনুষ্ঠানত সুধাকণ্ঠ ড॰ হাজৰিকা কেৱল অসমৰ মাটি আৰু মানুহৰ শিল্পী হৈ থকা নাছিল, তেওঁৰ সৃষ্টিত প্ৰতিফলিত হৈছিল সমগ্ৰ বিশ্ব মানৱতাৰ প্ৰতি গভীৰ আত্মিক দায়বদ্ধতা৷ বিশেষকৈ ‘মানুহে মানুহৰ বাবে’ গীতটোৰ মাজেৰে তেওঁ মানৱতা, ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ যি অমৰ বাৰ্তা আগবঢ়াই গৈছে, সেই বাৰ্তা আজিৰ সমাজতো সমানে প্ৰাসংগিক বুলি উল্লেখ কৰে৷ সমাজৰ সকলো ধৰণৰ সংকীৰ্ণতা আঁতৰাই মানৱীয় প্ৰমূল্যবোধ আৰু বিশ্ব ভাতৃত্ববোধ সুদৃঢ় কৰাৰ ক্ষেত্ৰত ড॰ হাজৰিকাৰ সৃষ্টিৰ গুৰুত্ব অপৰিসীম বুলি মন্তব্য কৰি ড॰ পোদ্দাৰে সুধাকণ্ঠৰ বিশাল সৃষ্টিকামী চিন্তা-চেতনাক নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ অনুষ্ঠানত মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ অধ্যাপক ড॰ শেখৰ পুৰকায়স্থয়ো বক্তব্য আগবঢ়াই সুধাকণ্ঠৰ শিল্পীসত্তা আৰু সমাজ-সচেতন সৃষ্টিশীলতাৰ বিভিন্ন দিশৰ বিষয়ে আলোকপাত কৰে৷ অনুষ্ঠানত সাংস্কৃতিক কাৰ্যসূচীত বিশিষ্ট শিল্পী অজন্তা ভট্টাচাৰ্য আৰু সুবীৰ চৌধুৰীয়ে ড॰ ভূপেন হাজৰিকাৰ কেইবাটাও কালজয়ী গীত পৰিৱেশন কৰে৷ ইয়াৰ উপৰি বহুসংখ্যক শিল্পীয়ে সুধাকণ্ঠৰ গীত, কবিতা আৰু গীতৰ আধাৰত নৃত্য পৰিৱেশন কৰে৷ সংগীত আৰু নৃত্যৰ মনোমোহা পৰিৱেশনে অনুষ্ঠানটোক এক বিশেষ মাত্ৰা প্ৰদান কৰে৷ অনুষ্ঠানত বক্তাসকলে কয় যে ড॰ ভূপেন হাজৰিকাৰ সৃষ্টিৰ মূল সুৰ হৈছে মানুহৰ প্ৰতি মানুহৰ ভালপোৱা, সামাজিক সমতা, সম্প্ৰীতি আৰু ঐক্য৷ তেওঁৰ কালজয়ী সৃষ্টিয়ে কেৱল এটা প্ৰজন্মকে নহয়, প্ৰজন্মৰ পিছত প্ৰজন্মক মানৱীয়তাৰ পথ দেখুৱাই যাব৷ সুধাকণ্ঠৰ গীত আৰু চিন্তা-চেতনাই চিৰদিন মানৱ সমাজক একতাৰ ডোলেৰে বান্ধি ৰাখিব বুলিও তেওঁলোকে মত প্ৰকাশ কৰে৷ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷

Leave a Reply

Your email address will not be published. Required fields are marked *