...

ভূপেন হাজৰিকাৰ জীৱনৰ আগবয়সৰ গীতসমূহকো সমানে গুৰুত্ব দিয়াৰ পোষকতা গণনাট্য সংঘৰ

ভূপেন হাজৰিকাৰ জীৱনৰ আগবয়সৰ গীতসমূহকো সমানে গুৰুত্ব দিয়াৰ পোষকতা গণনাট্য সংঘৰ

ডিব্ৰুগড়ত ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠান

চাইন অন ডেস্ক,৮ছেপ্তেম্বৰ:

বিশ্ববিশ্ৰুত শিল্পী ভূপেন হাজৰিকাই দি যোৱা গীত-মাতৰ অমূল্য সম্পদৰাজি যেনেকৈ দেশবাসীৰ বাবে আপুৰুগীয়া, তেনেকৈ শিল্পীগৰাকীৰ জীৱনৰ আগবয়সৰ তথা যৌৱনকালৰ সৃষ্টি সমূহো বহু বছৰৰ পাছতো তাৰ প্ৰাসংগিকতা আজিও বিদ্যমান। এন্ধাৰ কাতিৰ নিশাতে, ঝক্ ঝক্ ৰেল চলে, শিল ভাঙোতা, পানেই পোনাকণ, ৰংমন, ডোলাভাৰী আদি গীতবোৰ অন্যান্য গীতৰ দৰে তুলনামূলকভাৱে বহুল প্ৰচাৰ হোৱা নাই। একপ্ৰকাৰ যেন পাহৰণিৰ গৰ্ভত হেৰাই যাব ধৰা এই গীত সমূহক আজিৰ পৰিৱেশ-পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত পুনৰ সন্মুখলৈ অনাৰ অতীব প্ৰয়োজন।– ভাৰতীয় গণনাট্য সংঘৰ ডিব্ৰুগড় জিলা সমিতিয়ে অনুষ্ঠিত কৰা ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠানত অংশ গ্ৰহণ কৰি ভাষণ প্ৰসংগত এই কথা প্ৰকাশ কৰে ভাৰতীয় গণনাট্য সংঘৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি শৰৎ চন্দ্ৰ নেওগে।
ডিব্ৰুগড় আমোলাপট্টি নাট্যমন্দিৰত ৭ চেপ্তেম্বৰত গণনাট্য সংঘৰ ডিব্ৰুগড় জিলা সমিতিয়ে অনুষ্ঠিত কৰা মহান শিল্পী গৰাকীৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠানৰ আৰম্ভণিতে স্থানীয় দুগৰাকী প্ৰবীণ শিল্পী ক্ৰমে মীৰা কলিতাই ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু ৰেণু শৰ্মাই অনুষ্ঠানটি শুভ উদ্বোধন কৰি উদ্বোধনী ভাষণ প্ৰদান কৰাৰ পাছত ভূপেন হাজৰিকাৰ চিন্তাদৰ্শৰ ওপৰত মুখ্য বক্তা হিচাপে ভাষণ প্ৰদান কৰে ভাৰতীয় গণনাট্য সংঘৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি শৰৎ চন্দ্ৰ নেওগে।
স্থানীয় সাংস্কৃতিক কৰ্মী ৰাজীৱ ফুকনে আঁত ধৰা অনুষ্ঠানৰ আৰম্ভণিতে ভূপেন হাজৰিকাৰ কালজয়ী গীত মুক্তিকামী লক্ষ্য জনৰ, মৌন প্ৰকাশ শুনিছানে নাই শীৰ্ষক গীতটো উদ্বোধনী গীত হিচাবে পৰিৱেশন কৰে গণনাট্য সংঘৰ ডিব্ৰুগড় জিলাৰ শিল্পীসকলে। অনুষ্ঠানত দলীয় নৃত্য পৰিৱেশন কৰে শিল্পী নিৰ্মালী গগৈ কলিতাৰ পৰিচালনাৰ আমোলাপট্টি মধ্য অসমীয়া বিদ্যালয়ৰ শিক্ষাৰ্থী সকলে, মৃদুস্মিতা নেওগৰ পৰিচালনাৰ বৰবৰুৱাৰ শিল্পী সকলে পানেই আৰু পোনাকণ গীতৰ আধাৰত দলীয় নৃত্য আৰু প্ৰস্তুতি বৰদলৈৰ পৰিচালনাৰ নৃত্যাস্তুতি কলা কেন্দ্ৰৰ শিল্পী সকলে। একক নৃত্যৰ ভিতৰত নৃত্য শিল্পী নফিছা অঞ্জুমানৰ নৃত্য অন্যতম আকৰ্ষণ আছিল। অনুষ্ঠানত ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰা শিল্পী সকল আছিল আৰিফা বেগম, অৰুণ চেতিয়া, অনাতাঁৰ শিল্পীদ্বয় ক্ৰমে মীৰ্জা নিয়ামুদ্দিন আৰু অঞ্জুমণি দত্ত, ৰীতামণি দাস শইকীয়া, অঞ্জলি বৰুৱা,ৰঞ্জন হাজৰিকা আদি। যন্ত্ৰ সংগীত পৰিৱেশন কৰে কী বৰ্ডত দেবোৎপল দাস আৰু ভায়লিনত তৰুলতা নেওগে। ভূপেন হাজৰিকাৰ জীৱনাদৰ্শৰ ওপৰত এটি স্বৰচিত কবিতা আবৃত্তি কৰে গণনাট্য সংঘৰ সদস্যা সুবন্তি গগৈয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *