...

ডিব্ৰুগড়ত ইতিহাস সৃষ্টিৰে কলিআই থান চৌহদত মুকলি হ’ল নৱনিৰ্মিত ডাঙৰীয়া থান

ডিব্ৰুগড়ত ইতিহাস সৃষ্টিৰে কলিআই থান চৌহদত মুকলি হ’ল নৱনিৰ্মিত ডাঙৰীয়া থান
ই পূজাৰ স্থান নহয়, নতুন প্ৰজন্মক মানৱতা, ঐক্যৰ পাঠ শিকোৱাৰ আধ্যাত্মিক কেন্দ্ৰ হ’ব : অধ্যক্ষ ড° শ‍ইকীয়া
চাইন অন ডেস্ক,৭ছেপ্তেম্বৰ:

এক ইতিহাস সৃষ্টিৰে কেইবাশ বছৰ পূৰ্বে গঢ়ি উঠা ডিব্ৰুগড় শ্রীশ্রী কলি আই থান চৌহদত আজি নৱনিৰ্মিত ডাঙৰীয়া থান তথা শিৱ মন্দিৰৰ প্ৰাণ প্রতিষ্ঠা কৰা হয় ৷ পুৱাৰ পৰা মন্দিৰ চৌহদত শংখ-ঘণ্টাৰ পৱিত্ৰ ধ্বনি, হোম- যজ্ঞৰ সুৱাস আৰু শতাধিক ভক্তৰ ‘হৰ হৰ মহাদেৱ’ ধ্বনিৰে আজি মুখৰিত হৈ পৰিল ডিব্ৰুগড়ৰ এই ঐতিহ্যমণ্ডিত কলি আই থান চৌহদ। স্থানীয় ৰাইজৰ সৰ্বাত্মক সহযোগ আৰু মুক্তহস্ত দান-বৰঙণিৰে আটকধুনীয়াকৈ নিৰ্মাণ কৰি উলিওৱা নতুন ডাঙৰীয়া থানখনিৰ অন্তভাগত ডাঙৰীয়াৰ প্ৰাণ প্রতিষ্ঠা কৰি এক মাংগলিক পৰিৱেশত আনুষ্ঠানিকভাৱে ভক্তসকলৰ বাবে মুকলি কৰা হয়। শ্ৰীশ্ৰী কলি আই থান পৰিচালনা সমিতিৰ উদ্যোগত ৰাইজৰ সহযোগত নিজৰ শ্ৰম আৰু আৰ্থিক অনুদানেৰে আধ্যাত্মিক সম্পদ গঢ়ি তোলাৰ এই প্ৰচেষ্টাক উপস্থিত সকলোৱে আজি ভূয়সী প্রশংসা কৰে। আজিৰ কাৰ্যসূচীৰ মূল আকর্ষণ বৈদিক প্রথা অনুসৰি মন্দিৰৰ প্ৰাণ-প্ৰতিষ্ঠা তথা ডাঙৰীয়া থানৰ যাগ-যজ্ঞৰ মাধ্যমেৰে পুৱাই বৈদিক মন্ত্ৰোচ্চাৰণেৰে ডাঙৰীয়া থানৰ প্ৰাণ-প্ৰতিষ্ঠা সম্পন্ন কৰা হয় ৷ আজি এই ঐতিহাসিক ক্ষণত মুখ্য অতিথি হিচাপে উপস্থিত থাকি পৰিচালনা সমিতিৰ সদস্যসকলৰ স’তে মত বিনিময় কৰি অসম সাহিত্য সভাৰ আন্তঃৰাজ্য বিদেশ মৈত্রীবন্ধন উপ সমিতিৰ আহ্বায়ক, ডিব্ৰুগড় সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, ডি এইচ এছ কানৈ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ অধ্যক্ষ ড° শশীকান্ত শ‍ইকীয়াই কয়— আজিৰ দিনটো ডিব্ৰুগড়ৰ ইতিহাসত সোণালী আখৰেৰে জিলিকি থাকিব। ই এক শিল-বালি, চিমন্টেৰ গাঁথনি নহয়, ই হ’ল সমগ্ৰ মানৱ সমাজখনৰ একতা, নিষ্ঠা আৰু উমৈহতীয়া বিশ্বাসৰ এক জীৱন্ত প্রতীক । মানুহৰ মন আৰু লক্ষ্য থাকিলে দান-বৰঙণিৰে আধ্যাত্মিক ঐতিহাসিক কীর্তিস্তম্ভ গঢ়ি তুলিব পাৰি সেয়া আইথান পৰিচালনা সমিতিয়ে কৰি দেখুৱালে বুলি তেওঁ কয়। ড° শ‍ইকীয়াই কয় পৰিচালনা সমিতিৰ নিঃস্বার্থ ত্যাগ, আধ্যাত্মিকতা আৰু ভগৱানৰ প্ৰতি থকা অগাধ বিশ্বাস গঢ়ি তোলাৰ ক্ষেত্ৰত ইয়াতকৈ সুন্দৰ আৰু পৱিত্ৰ উদাহৰণ আন কোনো থাকিব নোৱাৰে। মহাদেৱ শিৱ হ’ল ত্যাগ, সংহাৰ আৰু নৱ সৃষ্টিৰ প্ৰতীক। হোম-যজ্ঞৰ জুইত আহুতি দিয়াৰ দৰে এই থানখনে সমাজৰ প্ৰতিজনৰ মাজত ভেদভাৱ আৰু অহংকাৰ, নেতিবাচক চিন্তা বিসর্জন দিব বুলিও তেওঁ কয় । তেওঁ কয়— এই মন্দিৰ, থান কেৱল পূজা কৰাৰ স্থান হৈ নাথাকে ই যেন নতুন প্রজন্মক সংস্কৃতি, মানৱতা আৰু ঐক্যৰ পাঠ শিকোৱা এক বিখ্যাত আধ্যাত্মিক কেন্দ্ৰ হৈ পৰে। যিসকল নিষ্ঠাৱান ব্যক্তি আৰু ৰাইজৰ অক্লান্ত দান-বৰঙণিৰে মন্দিৰভাগ সম্পূৰ্ণ হৈ উঠিল সেই সকলোকে তেওঁ কৃতজ্ঞতা আৰু ধন্যবাদ জনায়। এই মন্দিৰভাগে সকলোৰে জীৱনলৈ সুখ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনিব বুলি তেওঁ কয়। মন্দিৰ মুকলিৰ পিছতেই বিশ্ব শান্তি আৰু সমাজৰ কল্যাণৰ অৰ্থে আয়োজিত মহাৰুদ্ৰ যজ্ঞত বহু ভক্তই আহুতি প্ৰদান কৰে। মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি ভীমকান্ত সন্দিকৈ, যুটীয়া সম্পাদক অঞ্জন চেতিয়া, প্রবীন বৰা, উপ-সভাপতি অঞ্জন গগৈ, ধ্ৰুৱ সন্দিকৈ, সদানন্দ গগৈ, সহকাৰী সম্পাদক কুশল শ‍ইকীয়াই জানিবলৈ দিয়া মতে, প্ৰতিটো ইটাৰ পৰা আৰম্ভ কৰি মন্দিৰৰ চূড়ালৈকে প্ৰতিটো অংশতেই ভক্তপ্ৰাণ ৰাইজৰ পৱিত্ৰ অৱদান জড়িত হৈ আছে। ডিব্ৰুগড়ৰ জনপ্ৰিয় পুৰোহিত অনুপ শৰ্মাই আজি প্রায় পাঁচ ঘন্টা যাগ-যজ্ঞ, মন্ত্রপাঠ কৰি, বৈদিক পৰম্পৰা মানি ঐতিহাসিক থান তথা মন্দিৰভাগ মুকলি কৰে। অনুষ্ঠানত মন্দিৰৰ ওপৰ ভাগৰ কলহ আৰু ত্ৰিশূল ভাগ দান আগবঢ়োৱা ডিব্ৰুগড় গড়কাপ্তানি বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা ৰিজু গগৈ, বিশিষ্ট শিল্পী জিতেন দাস, ৰুবী গগৈ সন্দিকৈ, বিশিষ্ট সমাজকৰ্মী ৰঞ্জিত বৰুৱা, চিৰঞ্জীৱ ঘৰফলীয়া, প্রীতি ঘৰফলীয়াকে ধৰি ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। পূজা-অৰ্চনাৰ অন্তত সামূহিক প্ৰসাদ বিতৰণৰ যোগেদি মন্দিৰ মুকলি কৰা দিনজোৰা কাৰ্যসূচীৰ অন্ত পৰে। উল্লেখ্য যে কেইবাশ বছৰৰ পূৰ্বে আহোমৰ ৰাজত্বৰ সময়ত ডিব্ৰুগড়ত শ্ৰীশ্ৰী কলিআই থান প্ৰতিষ্ঠা হৈছিল আৰু সেই তেতিয়াৰ পৰাই দৈনিক শ শ ভক্তই থানখনলৈ আশীৰ্বাদ বিচাৰি যায়। নৱনিৰ্মিত এই মন্দিৰভাগ আজি মুকলি কৰাৰ পিছত ১০ ছেপ্টেম্বৰত এশ এজন ভকতৰ যোগেদি বছেৰেকীয়া নামভাগ সম্পন্ন হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *