...

সোনোৱাল-কছাৰী পৰিষদৰ নির্বাচন

সোনোৱাল-কছাৰী পৰিষদৰ নির্বাচন

ডিব্ৰুগড়ত পোনাকণ বৰুৱাৰ নেতৃত্বত তৎপৰতা অসম গণ পৰিষদ

চাইন অন ডেস্ক,৬ছেপ্টেম্বৰ:

অচিৰেই অনুষ্ঠিত হ’ব সোনোৱাল-কছাৰী স্বায়ত্তশাসিত পৰিষদীয় নির্বাচন। ইতিমধ্যে এই নিৰ্বাচনৰ বাবে চূড়ান্ত ভোটাৰ তালিকাও প্রকাশ পাইছে। ইয়াৰ বাবে সকলো ৰাজনৈতিক দলৰ তৎপৰতাও বৃদ্ধি পাইছে।সেয়ে এই নিৰ্বাচনক লৈ তৎপৰ অগপ। ডিব্ৰুগড়ৰ চৌকিডিঙ্গীত থকা অগপ ডিব্ৰুগড় জিলা কার্যালয়ত এই নির্বাচনক লৈ সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ ৰাজ্যখনত থকা ৩২ টা পৰিষদীয় সমষ্টিৰ প্ৰতিনিধিসকলক লৈ অগপ দলৰ এখন গুৰুত্বপূৰ্ণ নির্বাচনী প্রস্তুতি পর্যালোচনা সভা কালি অনুষ্ঠিত হৈ যায়। অগপ সোনোৱাল-কছাৰী স্বায়ত্তশাসিত পৰিষদীয় নির্বাচনী সমিতিৰ সভাপতি পুতুল সোনোৱালৰ সভাপতিত্বত অনুষ্ঠিত সভাত শদিয়া, ছৈখোৱা, ডাঙৰী, ডিৰাক-চোমনি, তিনিচুকীয়া, বুটীদিহিং, ৰংচঙী, টেঙাখাত, খেৰেমীয়া, কমাৰগাঁও, নাহৰকটীয়া, খাটুৱা, লেপেটকটা, মানকটা, কুটুহা, খোৱাং, বামুণবাৰী, তিনটেঙীয়া, চহৰীকটা, বাম-ৰজাবাৰী, বৰহোলা, বজালকটা, গোলাঘাট, দৈয়াং, বিহপুৰীয়া, তেলাহী কেকুৰি, বগীনদী, গোগামুখ, বাটঘৰীয়া, ধেমাজি, চিলাপথাৰ আৰু জোনাইপৰিষদীয় সমষ্টিত সোনোৱাল কছাৰী জনগোষ্ঠীয় অগপ প্রতিনিধি, সংশ্লিষ্ট বিধানসভা আৰু জিলা সমিতিৰ সভাপতি-সম্পাদকৰ লগতে অগপ দলৰ ভাতৃ-ভগ্নী সংগঠনৰ নেতৃবৃন্দৰ উপস্থিতিত অনুষ্ঠিত সভাত সোনোৱাল-কছাৰী স্বায়ত্তশাসিত পৰিষদীয় নিৰ্বাচনৰ দলীয় প্রস্তুতিৰ পৰ্যালোচনা আগবঢ়াব দলৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক, প্রাক্তন বিধায়ক পোনাকণ বৰুৱাই। সভাত আগন্তুক নির্বাচন পূৰ্ণ শক্তিৰে যুঁজিবলৈ সংকল্প গ্রহণ কৰে। টীয়ক সমষ্টিৰ বিধায়ক বিকাশ শইকীয়াও অংশগ্রহণ কৰা সভাই অহা ৮ ছেপ্টেম্বৰত শদিয়াত, ৯ ছেপ্টেম্বৰত ধেমাজিত, ১০ ছেপ্টেম্বৰত নাহৰকটীয়া, টিংখাং আৰু খোৱাঙত নিৰ্বাচনৰ বাবে সাংগঠনিক সভা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰা হয়। অন্যহাতে, এই সময়ছোৱাৰ মাজতে নিৰ্বাচনৰ বাবে প্রার্থিত্বৰ বাবে আবেদন আৰু প্রার্থিত্ব বাছনিৰ বাবে জিলা আৰু সমষ্টি সমিতিসমূহক ব্যৱস্থা ল’বলৈ সভাই নির্দেশনা দিয়ে। একে সময়তে সভাই ৰাজ্যখনত যিহেতু বিজেপি-অগপ দলৰ মিত্ৰজোঁটৰ চৰকাৰ চলি আছে গতিকে এই নির্বাচনো মিত্ৰতাৰে অৱতীৰ্ণ হ’বলৈ সকলোৱে ঐক্যমত পোষণ কৰে আৰু এই সম্পর্কত প্রয়োজনীয় ব্যৱস্থা ল’বলৈ সভাই অগপ দলৰ সভাপতি অতুল বৰাক অনুৰোধ জনাই প্রস্তাব গ্রহণ কৰে। সকলো ৰাজনৈতিক দলেই এই নির্বাচনৰ বাবে ৰাজনৈতিক কুচকাৱাজ জোৰদাৰ কৰি তোলাৰ সময়ত এই নির্বাচন দলীয় প্রতীকত অনুষ্ঠিত হ’বনে ৰাজনৈতিক দলীয় প্রতীকবিহীনভাৱে অনুষ্ঠিত হ’ব তাক লৈ সকলো দোমোজাত আছে। এই গুৰুত্বপূৰ্ণ সভাখনত অগপ দলৰ অন্যতম সম্পাদক তোলন কোঁৱৰ, সুনীল ৰাজকোঁৱৰ, জ্যোতিমণি মৰাণ, পৰাগজ্যোতি বৰুৱা, অগপ তিনিচুকীয়া জিলাৰ সভাপতি প্রবীণ দত্ত, ধেমাজি জিলাৰ সভাপতি লখিধৰ শেনচোৱা, যোৰহাট জিলাৰ সভাপতি সৌৰভ প্রাণ বৰা, চৰাইদেউ জিলাৰ সভাপতি নাৰায়ণ লাহন, অসম চাহ পৰিষদৰ সভাপতি প্রমোদ ভেংৰা আদিয়ে সভাত অংশগ্ৰহণ কৰি বক্তব্য ৰাখে।

Leave a Reply

Your email address will not be published. Required fields are marked *