...

ভূমি অধিকাৰ প্ৰদানৰ দাৱীত বিশাল গণসমাৰোহ

ভূমি অধিকাৰ প্ৰদানৰ দাৱীত বিশাল গণসমাৰোহ

ধেমাজিৰ চিচিটঙানীৰ মেৰ চাপৰিত

চাইন অন ডেস্ক,৬ছেপ্তম্বৰ:

ধেমাজিৰ চিচিটঙানীৰ মেৰ চাপৰিত ভূমি অধিকাৰ প্ৰদানৰ দাৱীত বিশাল গণসমাৰোহ।কেইবা সহস্ৰাধিক জনতাৰ শ্লোগানত কপিল মেৰ চাপৰি খেলপথাৰ৷টিএমপিকে, এম এম কে আৰু টিএমএম কেৰ মধ্য চিচিটঙানী আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত এই সমাৰোহ ৷
বসুন্ধৰা 3.0 জৰিয়তে জলডোবা ভূমিত ভোগ দখল কৰি অহা
খিলঞ্জীয়াক পট্টা প্ৰদান কৰা, পূৰ্বৰ গ্ৰাম সভাৰ জৰিয়তে দিয়া পেৰডিক পট্টাৰ পৰ্যালোচনা কৰাকে ধৰি কেইবাটাও দাৱীত বিশাল গণ সমৰোহলৈ ওলাই আহিল হাজাৰ হাজাৰ জনতা।ভূমি অধিকাৰৰ দাৱীত অনুষ্ঠিত কৰা গন সমাৰোহত উপস্থিত জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগু, যুৱ নেতা জহান দলে,যজ্ঞেশ্বৰ কুটুমকে ধৰি মিছিং জাতীয় দল সংগঠন নেতৃত্ব।বিশাল গণসমাৰোহত অংশগ্ৰহণ কৰি বিধায়ক

ভূৱন পেগুৱে চৰকাৰলৈ আহ্বান জনালে ভূমি নীতি সংশোধনী কৰি ভূমিপুত্ৰ সকলক ভূমিৰ অধিকাৰ দিবলৈ।

Leave a Reply

Your email address will not be published. Required fields are marked *