...

ডিব্ৰুগড়ত ব্যক্তিগত হাস্পতালৰ ভয়ংকৰ কাণ্ড

ডিব্ৰুগড়ত ব্যক্তিগত হাস্পতালৰ ভয়ংকৰ কাণ্ড

সুৰাসক্ত লোকৰ তেজ সংগ্ৰহৰ গুৰুতৰ অভিযোগ

চাইন অন ডেস্ক,৩চেপ্তেম্বৰ:

ডিব্ৰুগড়ৰ এখন প্ৰতিস্থিত ব্যক্তিগত হাস্পতালৰ এক ভয়ংকৰ কাণ্ডই সকলোৰে চকু কপালত তুলিছে।মানৱ সেৱাৰ নামত স্বাস্থ্য আৰু চিকিৎসা সেৱাক বৃদ্ধাঙ্গুষ্ঠ দেখুৱাই ডিব্ৰুগড়ৰ এখন ব্যক্তিগত খণ্ডৰ হাস্পতালত ৰক্ত সংগ্ৰহৰ নামত এক ভয়ংকৰ ব্যৱসায় গঢ়ি উঠাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। চহৰখনৰ ডামানিজ নাৰ্চিং হোমৰ ব্লাড বেংকত নীতি-নিয়ম সম্পূৰ্ণৰূপে আওকান কৰি এজন সুৰাসক্ত তথা নিচাসক্ত ব্যক্তিৰ পৰা একেৰাহে তেজ সংগ্ৰহ কৰাৰ তথ্য পোহৰলৈ অহাত সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।অভিযোগ অনুসৰি, মহানগৰ খনৰ গ্ৰাহাম বজাৰ এলেকাত সুৰাপান কৰি থকা কেইজনমান লোকে টকাৰ অভাৱত পৰি এক চক্ৰান্ত ৰচে। টকা উপাৰ্জনৰ উদ্দেশ্যে তেওঁলোকৰ মাজৰ এজন নিচাগ্ৰস্ত ব্যক্তিক ডামানিজ হাস্পতাললৈ লৈ যোৱা হয় আৰু ব্লাড বেংকত তেজ বিক্ৰী কৰা হয়। চিকিৎসা বিজ্ঞানৰ নিয়ম অনুসৰি প্ৰতি তিনি মাহৰ অন্তৰালতহে এজন ব্যক্তিয়ে তেজ দান কৰিব পাৰে। কিন্তু সেই সকলো নিয়ম উলংঘা কৰি উক্ত লোকজনৰ পৰা সোমবাৰ আৰু মঙলবাৰে একেৰাহে দুদিন তেজ সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে।তথ্য অনুসৰি তেজ সংগ্ৰহৰ সময়ত লোকজনৰ ৰক্তচাপ, এইচ.আই.ভি. বা অন্য কোনো মাৰাত্মক ৰোগৰ প্ৰাথমিক পৰীক্ষা সম্পন্ন কৰা হোৱা নাছিল। আনকি তেজৰ বেগটোত কোনো প্ৰয়োজনীয় তথ্য বা নাম উল্লেখ নকৰাকৈ আৰু বহিঃবিভাগত কোনো পঞ্জীয়ন নকৰাকৈয়ে এই কাৰ্য সম্পাদন কৰা হয়। তেজৰ বিনিময়ত দিয়া ৮০০ টকাৰ পৰা মধ্যভোগীয়ে ২০০ টকা কৰ্তন কৰাৰো এক ভয়ংকৰ তথ্য প্ৰকাশ পাইছে।
ডিব্ৰুগড়ৰ যুৱ নেতা উজ্জ্বল কাশ্যপে এই ঘটনা পোহৰলৈ আনি প্ৰশাসনৰ ওচৰত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। তেওঁ অভিযোগ কৰে যে এনেদৰে সংগ্ৰহ কৰা অপৰীক্ষিত আৰু সুৰাসক্তৰ তেজ চিকিৎসাধীন ৰোগীৰ দেহত প্ৰয়োগ কৰিলে মুহূৰ্তৰ ভিতৰতে ৰোগীৰ মৃত্যু ঘটিব পাৰে।সেয়ে,ঘটনাৰ উচিত তদন্ত চলাই হাস্পতালখনৰ ব্লাড বেংকটো শীঘ্ৰেই চীল কৰিবলৈ তেওঁ দাবী জনায়।
ইফালে, উত্থাপিত গুৰুতৰ অভিযোগৰ সন্দৰ্ভত ডামানিজ হাস্পতাল কৰ্তৃপক্ষৰ প্রতিক্রিয়া জানিব বিচৰাত তেওঁলোকে সংবাদ মাধ্যমৰ সন্মুখত কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰে।তেওঁলোকে অভিযোগসমূহ পোনচাতে খণ্ডন কৰি জানিবলৈ দিয়ে যে তেওঁলোকে কেৱল ঔষধ পৰিদৰ্শকৰ সন্মুখতহে এই বিষয়ত নিজৰ আনুষ্ঠানিক স্পষ্টীকৰণ দাখিল কৰিব।স্বাভাৱিকতে যদিহে উক্ত হাস্পতালখনে এনে গুৰুতৰ অনিয়মৰ আশ্ৰয় লৈছে,তেনেহ’লে সংশ্লিষ্ট বিভাগীয় কতৃপক্ষ আৰু জিলা প্ৰশাসনে শ্ৰীঘে উচিত তদন্ত কৰি যথাবিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিজেপিৰ যুৱ নেতা উজ্জ্বল কাশ্যপে দাবী জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *