...

নেপালত নিহতৰ সংখ্যা ৯০৩লৈ বৃদ্ধি আৰু বৃদ্ধিৰ শংকা

নেপালত নিহতৰ সংখ্যা ৯০৩লৈ বৃদ্ধি আৰু বৃদ্ধিৰ শংকা

এতিয়াও নিখোজ ৪,২৪৭

কাঠমাণ্ডু,১চেপ্তেম্বৰ:

মহাপ্ৰলয়ত নেপালৰ তিনিখন জিলা বিধ্বস্ত হোৱাৰ পিচত সমগ্র নেপালত এতিয়া হাহাকাৰ পৰিস্থিতি। আত্মীয়-স্বজনক বিচাৰি চিকিৎসালয়, মর্গ, সহায় কেন্দ্ৰসমূহত হেজাৰ হেজাৰ লোকে ভিৰ কৰিছে। যিসকল নিহতক চিনাক্ত কৰা হৈছে, যিসকল নিখোজ হৈ আছে আৰু উদ্ধাৰ হোৱাসকলৰ তথ্যৰ তালিকা প্রশাসনসমূহে প্রকাশ কৰি ঠায়ে ঠায়ে প্রকাশ কৰিছে।এই পর্যন্ত ৯০৩ গৰাকীৰ মৃত্যু নিশ্চিত কৰা হৈছে। নেপালৰ ৰাষ্ট্ৰীয় দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে চৰকাৰীভাৱে কালি এই কথা প্ৰকাশ কৰি লগতে ৪,২৪৭ গৰাকী নিখোজ বুলি তথ্য প্রকাশ কৰে। ৰছুৱা জিলাৰ লগতে নোৱাকোট আৰু ধাদিং জিলাৰ পৰা সৰ্বাধিক প্রায় চাৰি হেজাৰ লোক সন্ধানহীন হৈ আছে। চৰকাৰী তথ্যমতে নেপালৰ জলবিদ্যুৎ প্রকল্পসমূহত দুৰ্যোগৰ সময়ত সহস্রাধিক লোকে বিভিন্নধৰণৰ কামত ব্যস্ত আছিল। ইয়াৰে ৯০০ লোক এতিয়াও সন্ধানহীন হৈ
আছে। প্রায় ৫০০ লোক সুৰংগৰ ভিতৰত আবদ্ধ হৈ আছে বুলি ঠাৱৰ কৰা হৈছে। এই সংখ্যা দুগুণ হ’ব পাৰে বুলিও সন্দেহ কৰা হৈছে। ইফালে তিব্বতত নিহতৰ সংখ্যা আজি ১৬ গৰাকী হয়গৈ আৰু ৫৪৬ গৰাকী সন্ধানহীন হৈ আছে। নিখোজ হৈ থকাসকলৰ মাজৰ ২৬১ গৰাকী বিদেশী নাগৰিক। আনহাতে বেইজিং প্রশাসনে তিৰ্বতৰ দুৰ্যোগৰ ছবি ঢাকি ৰাখিব বিচাৰিছে। সেয়ে দেশখনৰ যিসকল লোকে প্রলয়ংকৰী বানৰ ফটো, ভিডিঅ’ আদি প্রকাশ কৰিছে তেওঁলোকৰ বিৰুদ্ধে চীনা প্রশাসনে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছে। তিব্বতীৰ অধিকাৰ ৰক্ষা সংস্থাৰ টেনচো গ্যিয়াৎ ছোৱে সাংবাদিকক জানিবলৈ দিয়ামতে ছালে, ছেৰচোং, লবি আৰু ৰিজি নামৰ চাৰিখন স্থান বিধ্বস্ত হ’ল যদিও চীনা প্রশাসনে তথ্য গাপ দি ৰাখিবলৈ চেষ্টা কৰিছে। এই ঠাইসমূহত ৯০০ ভৱন ধ্বংস হয় বুলি টেনচোৱে প্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *