বি জে পি বৰবৰুৱা মণ্ডলৰ ৯৮নং বুথত প্ৰধানমন্ত্ৰীৰ “১৩৭”তম মন কি বাত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
চাইন অন ডেস্ক,৩১আগষ্ট:
ডিব্ৰুগড়ৰ খোৱাং সমষ্টিৰ বি জে পিৰ বৰবৰুৱা মণ্ডলৰ ৯৮নং বুথত দেশৰ প্ৰধানমন্ত্ৰীৰ ১৩৭তম “মন কি বাত” শীৰ্ষক অনুষ্ঠানত ডিব্ৰুগড় লোকসভাৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শ্ৰৱণ কৰে।উল্লেখযোগ্য যে খোৱাং সমষ্টিৰ জকাই নতুন বৰবিল প্ৰাথমিক বিদ্যালয়ত বি জে পিৰ বৰবৰুৱা মণ্ডলৰ উদ্যোগত প্ৰধানমন্ত্ৰীৰ ১৩৭তম “মন কি বাত ” খণ্ডটো শ্ৰৱণ কৰি উক্ত অনুষ্ঠানত উপস্থিত ডিব্ৰুগড়ৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বুদ্ধ হলো বুলি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীৰ মন কি বাত শীৰ্ষক বাৰ্তাৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে দেশৰ বিভিন্ন প্ৰান্তৰ নাগৰিক তথা জনসাধাৰণৰ বাবে ইতিবাচক দিশত
আগুৱাই যোৱাৰ সন্দৰ্ভত প্ৰতিফলিত কৰাৰ প্ৰয়াসেৰে সমগ্ৰ দেশৰ উন্নয়ন তথা বিকাশৰ ক্ষেত্ৰত তেখেতে আমাক অনুপ্ৰাণিত কৰিলে আৰু তেখেতৰ সৃষ্টিশীল চিন্তা
সমাজৰ প্ৰতি সমৰ্পিত সেৱা ,উদ্ভাৱনীমূলক প্ৰচেষ্টাৰ পদক্ষেপে এখন আত্মনিৰ্ভৰ আৰু বিকশিত ভাৰত গঢ়াৰ পথ প্ৰশস্ত কৰিছে বুলি মন কি বাত অনুষ্ঠানত উপস্থিত বি জে পিৰ দলীয় নেতৃত্ব,কৰ্মকৰ্তা আৰু ৰাইজক উদ্দেশ্যি মননশীল বক্তব্য প্রদান কৰে।অনুষ্ঠানটোত অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা,সোনোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ সোনোৱাল, ডিব্ৰুগড় উপ মেয়ৰ উজ্জ্বল ফুকন, বি জে পি বৰবৰুৱা মণ্ডলৰ জনজাতি মৰ্চাৰ সভাপতি পদ্মধৰ সোনোৱাল, জকাই গাঁও পঞ্চায়তৰ সভানেত্ৰী দীপশিখা সোনোৱাল, জকাই বৰবিল, ঘিটিৰা পথাৰ গাঁৱৰ ৰাইজ, মহিলাকে বি জে পিৰ বুথ সমিতিৰ বিষয় ববীয়া সকল উপস্থিত থাকে।