...

ডিব্ৰুগড়ত নিউ গ্ৰীণ এক্সপ’ আমব্ৰেলা ফেষ্টিভেলৰ শুভাৰম্ভ

ডিব্ৰুগড়ত নিউ গ্ৰীণ এক্সপ’ আমব্ৰেলা ফেষ্টিভেলৰ শুভাৰম্ভ

এই ফেষ্টিভেলে এক অৰ্থনৈতিক আন্দোলনৰ সূচনা কৰিবঃ মনজিৎ বৰা

চাইন অন ডেস্ক,৩১আগষ্টঃ

ডিব্ৰুগড়ৰ চৌকিডিঙ্গী খেলপথাৰত কালিৰে পৰা ১৭ ছেপ্তেম্বৰলৈকে সুদীৰ্ঘ কাৰ্যসূচীৰে আৰম্ভ হৈছে সম্ভাৱনাৰ উদ্যোগত আয়োজিত নিউ গ্ৰীণ এক্সপ’ আমব্ৰেলা ফেষ্টিভেল। প্ৰকৃতি সুৰক্ষাৰ বাবে সেউজীকৰণৰ ধাৰণাক মূলধন হিচাপে লৈ আয়োজন কৰা এই অনন্য মেলাখন আজি ফিটা কাটি আনুষ্ঠানিকভাৱে মুকলি কৰে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সভাপতি তথা ‘অসম আদিত্য’ৰ সম্পাদক মনজিৎ বৰাই। মনজিৎ বৰাই এই ফেষ্টিভেলক কেৱল এক বাণিজ্য মেলা নহয়, বৰঞ্চ এক সেউজ আন্দোলন হিচাপে উল্লেখ কৰে। সমগ্ৰ পৃথিৱীজুৰি বৰ্তমান গ্ৰহণ কৰা পৰিবেশ সুৰক্ষা আৰু সেউজীকৰণৰ লক্ষ্যৰ সৈতে সংগতি ৰাখি আয়োজকসকলে ‘গ্ৰীণ ফেষ্টিভেল’ৰ এই যোগাত্মক চিন্তা-চৰ্চা হাতত লোৱাটোক তেওঁ বিশেষভাৱে প্ৰশংসা কৰে। ইয়াৰ উপৰিও স্থানীয় অৰ্থনৈতিক উন্নয়নৰ দিশটো স্পষ্ট কৰি তেওঁ কয় যে বহিঃৰাজ্য তথা বিভিন্ন প্ৰান্তৰ পৰা অহা নানাধৰণৰ সুকীয়া সামগ্ৰী আৰু খাদ্য সম্ভাৰৰ বিপনীসমূহে স্থানীয় ক্ৰেতাৰ সমাদৰ লাভ কৰিব। ইয়াৰ দ্বাৰা অঞ্চলটোৰ অৰ্থনৈতিক ক্ষেত্ৰখনত এক যোগাত্মক প্ৰভাৱ পৰাৰ লগতে কাৰ্যতঃ এক অৰ্থনৈতিক আন্দোলনৰ সূচনা হ’ব। খাদ্য-ৰসিকসকলৰ বাবে বিভিন্ন সুস্বাদু ব্যঞ্জনৰ উপৰিও নিত্য-ব্যৱহাৰ্য নানাধৰণৰ মনোগ্ৰাহী সামগ্ৰীৰে ভৰি পৰা এই এক্সপ’লৈ ডিব্ৰুগড়বাসীক আদৰণি জনাই মনজিৎ বৰাই এই উদ্যোগৰ পূৰ্ণ সফলতা কামনা কৰে। উল্লেখ্য যে, ডিগবৈত সফলতাৰে প্ৰথমখন আমব্ৰেলা ফেষ্টিভেল সম্পন্ন কৰাৰ পাছত এইবাৰ দ্বিতীয়বাৰৰ বাবে আয়োজকসকলে ডিব্ৰুগড়ত এই বিশেষ আয়োজন কৰিছে। অসমৰ প্ৰাকৃতিক পৰিৱেশ তথা বতৰৰ কথা মনত ৰাখিয়েই বিশেষভাৱে এই মেলাৰ পৰিকল্পনা কৰা হৈছে। এই উপলক্ষে আয়োজক যুৱ ব্যৱসায়ী বিকাশ গগৈয়ে কয় যে, বাণিজ্য মেলাখনত অসমৰ লগতে দেশৰ বিভিন্ন ৰাজ্যৰ স্বনামধন্য ব্যৱসায়ীসকলে অংশগ্ৰহণ কৰিছে। মেলাখনত মুঠ ৯০ খনতকৈও অধিক বিপণী স্থাপন কৰা হৈছে। এই বিপণিসমূহৰ জৰিয়তে গ্ৰাহকসকলৰ বাবে উপলব্ধ কৰোৱা হৈছে উত্তৰ প্ৰদেশৰ বিখ্যাত কাৰ্পেট, গুজৰাটৰ বিচনা চাদৰ, কলকাতাৰ মেলামাইনৰ সামগ্ৰী, আচাৰ আৰু আকৰ্ষণীয় জুৱেলাৰী। ইয়াৰ উপৰিও গোৱাৰ পৰা অনা পৰম্পৰাগত মণি-মুকুতাৰ সংগ্ৰহে গ্ৰাহকসকলক বিশেষভাৱে আকৰ্ষিত কৰিব বুলি আশা কৰা হৈছে। কেৱল বহিঃৰাজ্যৰে নহয়, থলুৱা শিল্প আৰু লোককলাক উৎসাহিত কৰাৰ উদ্দেশ্যৰে মেলাখনত স্থান পাইছে অসমৰ বিভিন্ন প্ৰান্তৰ খ্যাতিসম্পন্ন সামগ্ৰীয়ে। ধেমাজি আৰু লখিমপুৰৰ গুণগত মানৰ মুগাৰ মেখেলা-চাদৰ, কৰঙাৰ দা-কটাৰী, টিহু, নলবাৰী আৰু বৰপেটাৰ বাঁহ-বেতৰ সামগ্ৰীৰ লগতে খাটি অসমীয়া গহনাৰ বৃহৎ সংগ্ৰহে মেলাখনৰ শোভা বৰ্ধন কৰিছে। মেলাখনৰ জৰিয়তে থলুৱা তথা বহিঃৰাজ্যৰ ব্যৱসায়ীসকলক সঠিক মঞ্চ প্ৰদানৰ লগতে উৎসাহিত কৰাৰ লক্ষ্য ৰখা হৈছে। আয়োজক বিকাশ গগৈয়ে ডিব্ৰুগড়বাসী তথা সমীপৱৰ্তী অঞ্চলৰ সমূহ ৰাইজক পৰিয়ালসহ মেলালৈ আহি এই প্ৰচেষ্টাক সফল কৰি তুলিবলৈ বিনম্ৰ অনুৰোধ জনায়। সাংস্কৃতিক কৰ্মী বিবিজান দত্তই আঁত ধৰা এই অনুষ্ঠানৰ শুভাৰম্ভণি মুহূৰ্তত মঙ্গল প্ৰদীপ প্ৰজ্বলন কৰে বিশিষ্ট নিবন্ধকাৰ তথা সাংবাদিক চন্দন ফুকন আৰু মনজিৎ বৰাই। ইয়াৰ পিছতেই মাংগলিক ৰীতি-নীতিৰে নাৰিকল ভাঙি কাৰ্যসূচীৰ আনুষ্ঠানিক উদ্বোধন কৰে সু-লেখক, সাংবাদিক তথা বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক ৰাতুল বুঢ়াগোঁহাইয়ে। অঞ্চলটোৰ বহুকেইগৰাকী গণ্য-মান্য ব্যক্তিয়ে নিজৰ উপস্থিতিৰে অনুষ্ঠানটোৰ শোভা বৰ্ধন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *