...

এক সতৰ্কবাণী ! আৰু এটা তাৎক্ষণিক সিদ্ধান্ত!

এক সতৰ্কবাণী !
আৰু এটা তাৎক্ষণিক সিদ্ধান্ত!

১৬৪৩ শিশুৰ জীৱন ৰক্ষা

কোন এই ৰাজেন্দ্ৰ দাৱাদী ?

কি হৈছিল নেপালৰ মহাপ্ৰলয়ত?

চাইন অন ডেস্ক,৩০আগষ্ট:

এক সতৰ্কবাণী !আৰু এটা তাৎক্ষণিক সিদ্ধান্ত!১৬৪৩ শিশুৰ জীৱন ৰক্ষা।কোন এই ৰাজেন্দ্ৰ দাৱাদী ?
নেপালৰ এগৰাকী বিদ্যালয়ৰ অধ্যক্ষই তেওঁলোকৰ বিদ্যালয় ধ্বংস হোৱাৰ মাত্ৰ কেইমিনিটমান আগতেই ১৬৪৩টা শিশুক ৰক্ষা কৰিছিল। তেওঁৰ নাম ৰাজেন্দ্ৰ দাৱাদী।
২৬ আগষ্টৰ পুৱা তেওঁ সতৰ্কবাণী লাভ কৰিছিল যে বিপৰ্যয়জনক বানপানীৰ পানীয়ে ত্ৰিশূলী উপত্যকাৰ দিশে অগ্ৰসৰ হৈছে।
প্ৰথমতে বিদ্যালয়খন নদীৰ ওপৰত যথেষ্ট ওপৰত যেন লাগিছিল সেয়ে নিৰাপদ হ’ব বুলি অনুমান কৰিছিল।তাৰ পাছতে আন এটা সতৰ্কবাণী আহিল।যে, পানী অতি খৰকৈ আৰু তীব্ৰ গতিত বহু ডাঙৰ হৈ আগবাঢ়ি আহিছে।
লগে লগে ৰাজেন্দ্ৰই স্কুলৰ ঘণ্টা বজাই সকলোকে স্কুল খালী কৰিবলৈ নিৰ্দেশ দিলে।
ইতিমধ্যে স্কুলৰ ভিতৰত আছিল প্ৰায় ৯০০ শিশু।আনহাতে তেতিয়াও আৰু শ শ ছাত্ৰ-ছাত্ৰী বাছেৰে বা খোজকাঢ়ি আহি আছিল।ৰাজেন্দ্ৰই, তৎক্ষণাত বাছ চালকৰ লগত যোগাযোগ কৰি ঘূৰি যাবলৈও ক’লে।
তাৰ পিছত ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীসকলে পাহাৰৰ ওখ ঠাইৰ ফালে ওপৰলৈ লৰালৰিকৈ আগবাঢ়িল।কিছু মিনিট পিছতে বানপানীয়ে সমগ্ৰ অঞ্চলটো বুৰাই পেলায়।লগতে বিদ্যালয়খন উটুৱাই নি ভয়াৱহভাৱে ধ্বংস কৰে।কিন্তু ১৬৪৩ জন ছাত্ৰ-ছাত্ৰীৰ প্ৰতিজনৰ কেৱল অধ্যক্ষ ৰাজেন্দ্ৰৰ বাবেই জীৱন ৰক্ষা পৰিছিল। পৰৱৰ্তীকালত ১৬৪৩ টা শিশুক ঘৰলৈ যোৱাৰ ব্যৱস্থা কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *