...

ডাঃ নিৰ্মল চাহেৱালাক সুশীল কুমাৰ গগৈ সোঁৱৰণী সাহিত্য বঁটা প্ৰদান

মোক সাহিত্য জগতলৈ আনিছিল হোমেন বৰগোহাঞিয়ে

ডাঃ নিৰ্মল চাহেৱালাক সুশীল কুমাৰ গগৈ সোঁৱৰণী সাহিত্য বঁটা প্ৰদান

চাইন অন ডেস্ক,৩০আগষ্ট:

বঁটা প্ৰদানৰ বাবে মই সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ সকলো বিষয়ববীয়া, সদস্য আৰু বিশেষভাৱে নিৰ্বাচন সমিতিৰ সদস্যসকললৈ মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ৷ পূৰ্বে মই কেইবাজনো ব্যক্তিৰ নামৰ সোঁৱৰণী বঁটা লাভ কৰিছোঁ যদিও তেওঁলোকক ব্যক্তিগতভাৱে লগ পোৱা নাছিলোঁ৷ কিন্তু সুশীল কুমাৰ গগৈ মোৰ এজন সুহৃদ বন্ধু আছিল৷ তেওঁৰ সৈতে বহুবাৰ সাক্ষাৎ হৈছিল আৰু সাহিত্য সম্পৰ্কীয় বিভিন্ন আলোচনাও হৈছিল৷ গতিকে নিজৰ এজন বন্ধুৰ সোঁৱৰণী বঁটা লাভ কৰি মই সঁচাকৈয়ে অত্যন্ত আনন্দিত আৰু কৃতজ্ঞ৷ সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানত সুশীল কুমাৰ গগৈ সোঁৱৰণী সাহিত্য বঁটা গ্ৰহণ কৰি এইদৰে অসম আদিত্যৰ মুখ্য সম্পাদক, বিশিষ্ট সাহিত্যিক তথা সু-চিকিৎসক ডাঃ নিৰ্মল চাহেৱালা৷ ডিব্ৰnগড় জিলা মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত, বৰবৰুৱা আঞ্চলিক সমিতি আৰু গৰুধৰীয়া শাখা সমিতিৰ সহযোগত তথা গৰুধৰীয়া-মধুপুৰ অঞ্চলবাসীৰ আতিথ্যত অনুষ্ঠিত সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ পঞ্চদশ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰা বঁটা গ্ৰহণ কৰি ডাঃ চাহেৱালাই তেওঁৰ সাহিত্যৰ যাত্ৰা আৰু ব্যক্তিগত অভিজ্ঞতাৰ কথা উল্লেখ কৰে৷ স্বৰ্গীয় সুশীল কুমাৰ গগৈৰ কথা উল্লেখ কৰি তেওঁ কয় যে গগৈ কেৱল এজন ভাল কবিয়েই নাছিল, পৰৱৰ্তী সময়ত তেওঁ মটক বুৰঞ্জীৰ দৰে এখন অতি প্ৰশংসনীয় গ্ৰন্থ উপহাৰ দি অসমীয়া সাহিত্য আৰn ইতিহাসলৈ বিশেষ অৱদান আগবঢ়াই গৈছে৷ ভাষণত নিজৰ সাহিত্যিক জীৱনৰ আৰম্ভণিৰ স্মৃতি ৰোমন্থন কৰি বিশিষ্ট লেখকগৰাকীয়ে প্ৰয়াত হোমেন বৰগোহাঞিৰ অৱদানৰ কথা বিশেষভাৱে উল্লেখ কৰে৷ তেওঁ কয়– মই মূলতঃ সাহিত্যিক নাছিলোঁ, কিন্তু মনটোৱে সদায় কিবা নহয় কিবা চিন্তা কৰিছিল৷ মোক সাহিত্যৰ পৃথিৱীখনলৈ নমাই আনিছিল হোমেন বৰগোহাঞি ছাৰে৷ গাঁৱৰ শৈশৱৰ তামোল খোৱাৰ স্মৃতিৰে বৰগোহাঞিলৈ লিখা এখন চিঠিৰ কথা উল্লেখ কৰি ডাঃ চাহেৱালাই কয় যে গাঁৱৰ অভিজ্ঞতাৰে পুষ্ট সেই চিঠিখন পঢ়ি বৰগোহাঞি ছাৰ ইমানেই অভিভূত হৈছিল যে তেওঁ আলোচনীখনত সেয়া ছপা কৰাৰ উপৰি ডাঃ নিৰ্মল চাহেৱালাক এজন প্ৰতিভাৱান লেখক হিচাপে গঢ়ি তোলাৰ সংকল্প প্ৰকাশ কৰিছিল৷ তাৰ পিছৰে পৰা হোমেন বৰগোহাঞিৰ প্ৰেৰণাতে তেওঁ লিখা-মেলা আৰম্ভ কৰে বুলি প্ৰকাশ কৰে৷ গাঁৱলীয়া জীৱনৰ অতি প্ৰাত্যহিক আৰু সাধাৰণ বিষয় যেনে– বিৰিয়া, গৰু খেদোৱা এচাৰি আদিৰ ওপৰত তেওঁ লিখা প্ৰবন্ধসমূহত গ্ৰাম্য সমাজে নিজৰ ছাঁ বিচাৰি পাইছিল আৰু সেইখিনিক আদৰি লৈছিল৷ এনেদৰেই গ্ৰাম্য জীৱনৰ মাটিৰ গোন্ধ থকা বিষয়বস্তুক লৈ সাহিত্য চৰ্চা কৰি তেওঁ সাহিত্যৰ পথত ভৰি দিয়ে৷ ইফালে, ডিব্ৰnগড়ৰ গৰুধৰীয়াত অনুষ্ঠিত এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদে ডাঃ নিৰ্মল চাহেৱালাক এই বঁটা প্ৰদান কৰাৰ বাবে তেওঁ পুনৰবাৰ পৰিষদৰ সকলো বিষয়ববীয়া আৰু নিৰ্বাচক মণ্ডলীক ধন্যবাদ জ্ঞাপন কৰে৷ উক্ত মুকলি সভাত বিধায়ক বলীন চেতিয়াক বীৰপুৰুষ মতা টুকুৰা বৰুৱা সমন্বয় বঁটাৰে সন্মানিত কৰে৷ অনুষ্ঠানত লেখক সাহিত্যিক শশীকান্ত শইকীয়া, বিধায়ক সঞ্জয় কিষাণ, পুলক গোহাঁই, বিশিষ্ট সাংবাদিক ৰাজদীপ বাইলুং বৰুৱা, ছান্দ গোহাঁই, জ্যোতিপ্ৰসাদ কানৈকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত আছিল৷

Leave a Reply

Your email address will not be published. Required fields are marked *