বিধস্ত চীনৰ ইমিগ্ৰেচন চেন্টাৰ
নেপালত অহা ৭২ ঘণ্টাৰ ভিতৰত পুনৰ জলবোমা !
প্ৰায় ৫৩ কোটি গেলন সদৃশ পানী জমা !
চাইন অন ডেস্ক,২৮আগষ্ট:
তীব্বত(চীন) নেপাল সীমান্তৰ ইমিগ্ৰেচন চেন্টাৰৰ এতিয়াৰ দৃশ্য দেখিলে হয়তো, আপোনাৰো বুকু কপি উঠিব। চীনৰ ফালৰ পৰা গিয়ৰং বন্দৰ আৰু নেপালৰ ফালে ৰাসুৱা গাধি।ইয়াৰ মাজেৰেই দুয়োখন দেশৰ লগতে অনান্য পৰ্যটক পাৰাপাৰ হয়।কিন্তু এতিয়া মহাপ্ৰলয়ৰ পিছত সকলো চিন-ছাব নাইকিয়া হৈ গৈছে।
গিয়ৰং উপত্যকাৰ প্ৰায় প্ৰতিটো পথ আৰু প্ৰকাণ্ড অট্টালিকা সকলো ধূলিসাৎ হৈ মাটিৰ লগত মিহলি গৈছে।কাষ্টমছ(শুল্ক বিভাগ) বিল্ডিংটোৱেই হৈছে একমাত্ৰ ঘৰ, যিটো হয়তো এতিয়াও কোনোৰূপে বৰ্ত্তি আছে।
২০১৫ চনৰ ভূমিকম্পই জাংমুৰ পুৰণি পথটো ধ্বংস কৰাৰ পিছত চীনে এই ক্ৰছিংটো নিৰ্মাণ কৰিছিল। বেল্ট এণ্ড ৰোড কৰিডৰৰ অংশ হিচাপে বছৰি এক বিলিয়ন
চীনৰ জলসম্পদ মন্ত্ৰালয়ে বৃহস্পতিবাৰে সকীয়াই দিয়ে যে অহা ৭২ ঘণ্টাৰ ভিতৰত সীমান্তৰ সমীপৰ এটা বাধাগ্ৰস্ত হ্ৰদ ভংগ হ’ব পাৰে।ইয়াত প্ৰায় ৫৩ কোটি গেলন সদৃশ পানী জমা হৈছে আৰু ইতিমধ্যে ওফন্দি উঠিছে, আৰু ৭৯ কোটি গেলন জমা হোৱাৰ আশা কৰা হৈছে।সেয়ে চীন, ইয়াৰ বাবে সাজু হ’বলৈ সকলো প্ৰস্তুতি চলাই আছে।
১৬০ জনতকৈ অধিক লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত।প্ৰায় ৫০০ জন এতিয়াও সন্ধানহীন। কেৱল বৃহস্পতিবাৰে পুৱা নেপাল সেনাৰ হেলিকপ্টাৰে ১২৩ জনক বাহিৰলৈ উলিয়াই নিয়ে, য’ত হাকুৰ জলবিদ্যুৎ সুৰংগত আবদ্ধ হৈ থকা ২১ জন ভাৰতীয় পৰ্যটক আৰু আন ৭ জন লোক আছিল।
সূত্ৰঃ চিচিটিভি, পিপলছ ডেইলী, ছিনহুয়া, নেপাল সেনা