...

‘খেলো ইণ্ডিয়া সম্বাদ- খেল কি বাত পিএম কে সাথ’

‘খেলো ইণ্ডিয়া সম্বাদ- খেল কি বাত পিএম কে সাথ’

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সতে মত বিনিময় কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ

চাইন অন ডেস্ক,২৭আগষ্ট:

‘খেলো ইণ্ডিয়া সম্বাদ — খেল কি বাত পিএম কে সাথ’ কাৰ্যসূচীৰ অংশ হিচাপে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
• শিক্ষার্থীয়ে ক্রীড়া আন্তঃগাঁথনিৰ ক্ষেত্ৰত আগবঢ়োৱা পৰামৰ্শৰ প্ৰতি সঁহাৰি জনাই বিশ্ববিদ্যালয় চৌহদত এটা অত্যাধুনিক ছুইমিং পুল নিৰ্মাণৰ কথা ঘোষণা কৰে সোণোৱালে
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শীৰ্ষস্থানীয় ক্রীড়াবিদসকলৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্রীড়ামূলক ভ্ৰমণৰ ঘোষণা সোণোৱালৰ
দেশৰ প্ৰায় ৮ লাখ যুৱক যুৱতীক একেলগে সম্বোধন প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ; ক্রীড়াক সুস্থ, সবল আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ শক্তিশালী মাধ্যম হিচাপে গঢ়ি তোলাৰ আহ্বান
“ক্রীড়াৰ পৰা সফলতাৰ শিখৰলৈ — নতুন ভাৰতৰ যুৱসমাজৰ নতুন সংকল্প’: কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘ফিট ইণ্ডিয়া’ ৰ সপোনক বাস্তৱায়িত কৰি ক্ৰীড়াক জীৱনশৈলীৰ অবিচ্ছেদ্য অংশ হিচাপে গঢ়ি তোলাৰ আহ্বান জনায় সোণোৱালে
‘খেলো ইণ্ডিয়া সম্বাদ’ৰ জৰিয়তে যুৱসমাজক একত্ৰিত কৰি ক্ৰীড়াৰ শক্তিৰে এখন সুস্থ সবল, আত্মবিশ্বাসী আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সংকল্পক অধিক শক্তিশালী কৰা হৈছে: সোণোৱাল
ভাৰতীয় ফুটবলৰ জীৱন্ত কিংবদন্তি বাইচুং ভূটীয়াৰ সৈতে কেন্দ্ৰীয় মন্ত্রী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালৰ অংশগ্রহণ
ডিব্ৰুগড়, ২৭ আগষ্ট: দেশৰ যুৱশক্তিক ক্ৰীড়াৰ সৈতে অধিক নিবিড়ভাৱে সংযুক্ত কৰি এখন সুস্থ, সবল আৰু আত্মবিশ্বাসী ভাৰত গঢ়াৰ লক্ষ্যৰে সমাগত ৰাষ্ট্ৰীয় ক্রীড়া দিৱসৰ সৈতে সংগতি ৰাখি আজি অনুষ্ঠিত “খেলো ইণ্ডিয়া সম্বাদ ’ কাৰ্যসূচীৰ অংশ হিচাপে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত বিশেষ কার্যসূচীত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ শ্ৰী সৰ্বানন্দ সোণোৱালে৷ এই উপলক্ষে প্রধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ ৮ লাখৰো অধিক যুৱক-যুৱতীক উদ্দেশ্যি প্ৰদান কৰা প্ৰেৰণাদায়ক ভাষণ উৎসাহী শিক্ষাৰ্থীসকলৰ সৈতে শুনি উদ্বুদ্ধ হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে৷ প্রধানমন্ত্ৰীগৰাকীয়ে ক্ৰীড়াৰ জৰিয়তে ব্যক্তি আৰু সমাজৰ শাৰীৰিক-মানসিক উৎকৰ্ষ সাধন, যুৱপ্ৰজন্মক অনুশাসিত আৰু আত্মবিশ্বাসী কৰি তোলা তথা এখন শক্তিশালী ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত ক্ৰীড়াৰ গুৰুত্বৰ ওপৰত আলোকপাত
কৰে৷
বিশ্ব ক্ৰীড়াৰ বিভিন্ন শাখাত ভাৰতৰ অংশগ্ৰহণ আৰু সফলতা অধিক বিস্তৃত কৰাৰ আহ্বান জনাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয়, “আন দেশসমূহে এনে বহু ক্রীড়াত পদক অৰ্জন কৰিছে, যিবোৰত ভাৰতৰ অংশগ্রহণেই নাই৷ আমিও এই ক্রীড়াসমূহত পাৰদৰ্শিতা অৰ্জন কৰিব লাগিব৷”
তেওঁ লগতে কয়, “ভাৰতৰ পদকৰ সংখ্যা বৃদ্ধি কৰিবলৈ হ’লে এই ক্রীড়াসমূহত আমি নিখুঁত পাৰদৰ্শিতা অৰ্জন কৰাটো অতি প্ৰয়োজনীয়৷”
এই লক্ষ্য আগত ৰাখি প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০৩৬ চনৰ অলিম্পিকক কেন্দ্ৰ কৰি ভাৰতৰ দীৰ্ঘম্যাদী ক্রীড়া কৌশলৰ কথাও উল্লেখ কৰে৷ লক্ষ্য হৈছে– দেশৰ বৃহৎ সংখ্যক ক্রীড়াবিদক বিভিন্ন ক্রীড়া শাখাত এনেদৰে সুদক্ষ কৰি তোলা, যাতে তেওঁলোকে কেৱল অলিম্পিকলৈ যোগ্যতা অর্জন কৰাই নহয়, বিশ্বমঞ্চত উৎকৃষ্ট প্ৰদৰ্শন কৰি দেশৰ বাবে সন্মান আৰু অধিক পদক কঢ়িয়াই আনিব পাৰে৷
“খেলো ইণ্ডিয়া সম্বাদ – খেল কি বাত পিএম মোদী কে সাথ’ কাৰ্যসূচীৰ অংশ হিচাপে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে সোণোৱালে মত-বিনিময় কৰে আৰু শিক্ষার্থীয়ে ক্রীড়া আন্তঃগাঁথনিৰ ক্ষেত্ৰত আগবঢ়োৱা পৰামৰ্শৰ প্ৰতি সঁহাৰি জনাই বিশ্ববিদ্যালয় চৌহদত এটা অত্যাধুনিক ছুইমিং পুল নিৰ্মাণৰ কথা ঘোষণা কৰে সোণোৱালে তদুপৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শীর্ষস্থানীয় ক্রীড়াবিদসকলৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়ামূলক ভ্ৰমণৰ
কথাও ঘোষণা কৰে সোণোৱালে৷
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত অনুষ্ঠানত ভাৰতীয় ফুটবলৰ জীৱন্ত কিংবদন্তি তথা প্রাক্তন অধিনায়ক শ্ৰী বাইচুং ভূটীয়াৰ উপস্থিতিয়ে বিশেষ মাত্ৰা প্ৰদান কৰে৷ নিজৰ ক্ৰীড়া-জীৱনৰ অভিজ্ঞতা আৰু ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা অৰ্জনৰ বাবে এগৰাকী খেলুৱৈয়ে কৰিবলগীয়া কঠোৰ পৰিশ্ৰমৰ বিষয়ে তেখেতে আগবঢ়োৱা বক্তব্যই উপস্থিত শিক্ষার্থীসকলক গভীৰভাৱে অনুপ্ৰাণিত কৰে৷
অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ অনুভৱৰ উমান লয়৷
ভাষণ প্ৰদান কৰি শ্ৰী সোণোৱালে কয় যে ক্রীড়া কেৱল পদক অৰ্জনৰ মাধ্যম নহয়, ক্রীড়া হৈছে জীৱন গঢ়াৰ এক শক্তিশালী পথ৷ ক্রীড়াই এগৰাকী ব্যক্তিক সুস্থ-সবল কৰি তোলাৰ লগতে অনুশাসন, একাগ্রতা, দলীয় মনোভাৱ, নেতৃত্বৰ গুণ আৰু সফলতাৰ বাবে প্ৰয়োজনীয় মানসিক দৃঢ়তা গঢ়ি তোলে৷
তেওঁ কয় যে প্রধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে বিগত ১২ বছৰত দেশৰ ক্ৰীড়া ক্ষেত্ৰখনত আমূল পৰিৱৰ্তন সাধন কৰিছে৷ প্ৰতিভাৱান খেলুৱৈক চিনাক্ত কৰাৰ পৰা আৰম্ভ কৰি প্ৰশিক্ষণ, আন্তঃৰাষ্ট্ৰীয় মানৰ আন্তঃগাঁথনি, উন্নত ক্ৰীড়া সা-সুবিধা আৰু আৰ্থিক সহায়লৈকে বিভিন্ন ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপে ভাৰতীয় ক্রীড়াক এক নতুন উচ্চতালৈ লৈ গৈছে৷ আগন্তুক সময়ত ভাৰতে কমনৱেলথ গেমছ আয়োজন কৰিবলৈ আকৌ সাজু হৈছে, যি আমাৰ দেশৰ ক্ৰীড়া আন্তঃগাঁথনি আৰু বিশ্ব ক্রীড়া ক্ষেত্ৰত ভাৰতৰ বৰ্ধিত সামৰ্থ্যৰ এক গৌৰৱময় প্ৰতিফলন৷
সোণোৱালে স্মৰণ কৰি কয় যে কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয়ৰ দায়িত্বত স্বতন্ত্ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত তেওঁ দেশৰ আগশাৰীৰ খেলুৱৈসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সমস্যা আৰু প্ৰয়োজনীয়তাৰ বিষয়ে বুজ লোৱাৰ সুযোগ লাভ কৰিছিল৷ সেই সময়ত বহু খেলুৱৈয়ে উন্নত প্ৰশিক্ষণ, আন্তঃৰাষ্ট্ৰীয় মানৰ সা-সুবিধা আৰু আৰ্থিক সহায়ৰ অভাৱৰ কথা অৱগত কৰিছিল৷
এই অভিজ্ঞতাৰ ভিত্তিত সৰ্বানন্দ সোণোৱালে বিষয়সমূহ প্রধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীৰ দৃষ্টিগোচৰ কৰাত প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰতিভাৱান খেলুৱৈসকলক চিনাক্ত কৰি তেওঁলোকক প্ৰয়োজনীয় সকলোধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ বাবে পৰিকল্পনা গ্ৰহণৰ নিৰ্দেশ দিছিল৷ ইয়াৰ ফলস্বৰূপে ‘টার্গেট অলিম্পিক প’ডিয়াম’ৰ দৰে গুৰুত্বপূৰ্ণ পদক্ষেপৰ জৰিয়তে দেশৰ শীৰ্ষ খেলুৱৈসকলক উন্নত প্ৰশিক্ষণ, প্ৰস্তুতি আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ এক শক্তিশালী ব্যৱস্থা গঢ় লৈ উঠে৷
তেওঁ লগতে কয় যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বহু ছাত্ৰ-ছাত্ৰীয়ে ইতিমধ্যে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ প্ৰতিভাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে৷ এনে এখন ঐতিহ্যমণ্ডিত শৈক্ষিক প্ৰতিষ্ঠানৰ চৌহদত ‘খেলো ইণ্ডিয়া সম্বাদ’ অনুষ্ঠিত হোৱাটো অত্যন্ত তাৎপর্যপূর্ণ৷ এই কাৰ্যসূচীয়ে বিশ্ববিদ্যালয়ৰ যুৱসমাজক ক্ৰীড়াৰ প্ৰতি অধিক উৎসাহিত কৰাৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা লাভ কৰাৰ বাবে নতুন প্ৰেৰণা যোগাব বুলি তেওঁ আশা প্ৰকাশ কৰে৷
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘ফিট ইণ্ডিয়া’ৰ সপোনক বাস্তৱায়িত কৰি ক্রীড়াক জীৱনশৈলীৰ অবিচ্ছেদ্য অংশ হিচাপে গঢ়ি তোলাৰ আহ্বান জনাই শ্ৰী সোণোৱালে কয় যে এখন সুস্থ আৰু শক্তিশালী ভাৰত গঢ়াৰ বাবে যুৱসমাজৰ সক্ৰিয় অংশগ্রহণ অপৰিহাৰ্য৷ ক্রীড়াক্ষেত্ৰত প্ৰতিভা বিকাশৰ লগতে প্ৰতিগৰাকী যুৱক-যুৱতীৰ জীৱনত ক্ৰীড়াক এক ইতিবাচক অভ্যাস হিচাপে গঢ়ি তোলাৰ প্ৰয়োজনীয়তা আছে৷
আজিৰ অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচার্য ড. জিতেন হাজৰিকা, পঞ্জীয়ক ড° পৰমানন্দ সোণোৱাল, ড° সুৰজিৎ বৰকটকী, অসম পেট্ৰ’কেমিকেলছ লিমিটেডৰ অধ্যক্ষ শ্রী বিকুল ডেকা, ডিব্ৰুগড় পৌৰ নিগমৰ উপ-মেয়ৰ শ্ৰী উজ্জ্বল ফুকনসহ বিশ্ববিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰী আৰু বৃহৎসংখ্যক উৎসাহী ছাত্র-ছাত্রী উপস্থিত থাকে৷
‘খেলো ইণ্ডিয়া সম্বাদ’ৰ জৰিয়তে দেশৰ বিভিন্ন প্ৰান্তৰ যুৱসমাজক একত্ৰিত কৰি ক্ৰীড়াৰ শক্তিৰে এখন সুস্থ-সবল, আত্মবিশ্বাসী আৰু
আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সংকল্পক অধিক শক্তিশালী কৰা হৈছে বুলি সোণোৱালে উল্লেখ কৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *