...

ডিব্ৰুগড় “এ” ডিভিজন ফুটবল লীগ–২০২৬-২৭ৰ চূড়ান্ত খেলত টিমনা ফুটবল প্ৰশিক্ষণ কেন্দ্ৰ চেম্পিয়ন

ডিব্ৰুগড় “এ” ডিভিজন ফুটবল লীগ–২০২৬-২৭ৰ চূড়ান্ত খেলত টিমনা ফুটবল প্ৰশিক্ষণ কেন্দ্ৰ চেম্পিয়ন

চাইন অন ডেস্ক,২৬আগষ্ট:

ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু জকাই ৰূপজ্যোতি সংঘৰ সহযোগত, স্বৰ্গীয় মনোজ কুমাৰ পাত্ৰ আৰু স্বৰ্গীয় বগা দাসৰ পৱিত্ৰ সোঁৱৰণত অনুষ্ঠিত “এ” ডিভিজন ফুটবল লীগ–২০২৬-২৭ৰ চূড়ান্ত খেল তথা সামৰণি অনুষ্ঠান আজি জকাই ৰূপজ্যোতি সংঘৰ খেলপথাৰত অনুষ্ঠিত হয়।

চূড়ান্ত খেলখনত টিমনা ফুটবল প্ৰশিক্ষণ কেন্দ্ৰই মিলনজ্যোতি সংঘক ২–১ গ’লৰ ব্যৱধানত পৰাস্ত কৰি ২০২৬ বৰ্ষৰ চূড়ান্ত বিজয়ীৰ সন্মান অৰ্জন কৰে।

টিমনাৰ হৈ আকাশ লোহাৰে ২০ মিনিটত আৰু অমন গড়ে ৮৫ মিনিটত গ’ল কৰে। আনহাতে, মিলনজ্যোতি সংঘৰ হৈ উজ্জ্বলিত ফুকনে ৪৩ মিনিটত একমাত্ৰ গ’লটো কৰে।

ডিব্ৰুগড় জিলাত ফুটবলৰ উন্নয়ন, খেলুৱৈসকলক উৎসাহিত কৰা আৰু ক্ৰীড়া ক্ষেত্ৰখনক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে অনুষ্ঠিত এই লীগখনত জিলাখনৰ বিভিন্ন আগশাৰীৰ ফুটবল দলে অংশগ্ৰহণ কৰে।

সামৰণি অনুষ্ঠানত ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সভাপতি নিৰঞ্জন শইকীয়া, জিলা ক্ৰীড়া বিষয়া চেমি শইকীয়া, ডিব্ৰুগড় পৌৰনিগমৰ মেয়ৰ তথা প্ৰয়াত প্ৰাক্তন ৰাজ্যিক খেলুৱৈ মনোজ কুমাৰ পাত্ৰৰ জ্যেষ্ঠ পুত্ৰ ডাঃ সৈকত পাত্ৰ, প্ৰয়াত প্ৰাক্তন ৰাজ্যিক খেলুৱৈ বগা দাসৰ জ্যেষ্ঠ পুত্ৰ প্ৰদীপ দাস, জকাই ৰূপজ্যোতি সংঘৰ সভাপতি ধৰ্মেন্দ্ৰ সোনোৱাল, সম্পাদক প্ৰাণকৃষ্ণ সোনোৱাল, জকাই পঞ্চায়তৰ সভানেত্ৰী দ্বীপশিক্ষা সোনোৱাল, জকাই গাঁও প্ৰধান শুভকান্ত সোনোৱাল, বৰবৰুৱা উন্নয়ন খণ্ডৰ সভাপতি তথা প্ৰাক্তন খেলুৱৈ ভাস্কৰ সোনোৱালসহ বিশিষ্ট ব্যক্তিসকলে উপস্থিত থাকি বিজয়ী আৰু শ্ৰেষ্ঠত্ব অৰ্জন কৰা খেলুৱৈসকলক বঁটা প্ৰদান কৰে।

বঁটা প্ৰাপকসকল

🏆 চেম্পিয়ন: টিমনা ফুটবল প্ৰশিক্ষণ কেন্দ্ৰ
বঁটা প্ৰদান: নিৰঞ্জন শইকীয়া, ডাঃ সৈকত পাত্ৰ

🥈 ৰানাৰ্ছ-আপ: মিলনজ্যোতি সংঘ
বঁটা প্ৰদান: মানসজ্যোতি দত্ত, কুকিল বৰগোঁহাই

🏆 Fair Play Trophy: জকাই ৰূপজ্যোতি সংঘ
বঁটা প্ৰদান: সন্দীপ গাংগুলি, শংকৰ দাস

🏅 Best Player of the Tournament: মানস প্ৰতিম গগৈ — টিমনা ফুটবল
বঁটা প্ৰদান: ক্ষীৰুদ সোনোৱাল, প্ৰাণকৃষ্ণ সোনোৱাল

⚽ Highest Scorer: মঞ্জিত ওৰাং — ৬টা গ’ল, টিমনা ফুটবল
বঁটা প্ৰদান: গোপী দত্ত, বিৰাজ চেতিয়া

⭐ Hero of the Final Match: উজ্জ্বলিত ফুকন — মিলনজ্যোতি সংঘ
বঁটা প্ৰদান: ধৰ্মেন্দ্ৰ সোনোৱাল, দ্বীপশিক্ষা সোনোৱাল

🧤 Best Goalkeeper: প্ৰমোদ এক্কা — টিমনা ফুটবল প্ৰশিক্ষণ কেন্দ্ৰ
বঁটা প্ৰদান: জিতু বৰা, মনোবিজন খাৰঘৰীয়া

ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাই প্ৰতিযোগিতাখন সফলভাৱে অনুষ্ঠিত কৰাত সহযোগিতা আগবঢ়োৱা জকাই ৰূপজ্যোতি সংঘ, অংশগ্ৰহণকাৰী দলসমূহ, খেলুৱৈ, প্ৰশিক্ষক, ৰেফাৰী, বিষয়ববীয়া আৰু ক্ৰীড়াপ্ৰেমী ৰাইজলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *