...

৭ দফীয়া দাবীৰে মুখ্যমন্ত্ৰীলৈ উপায়ুক্তৰ জৰিয়তে স্মাৰক

৭ দফীয়া দাবীৰে মুখ্যমন্ত্ৰীলৈ উপায়ুক্তৰ জৰিয়তে স্মাৰক

ডিব্ৰুগড়ত সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ

চাইন অন ডেস্ক,২৬আগষ্ট:

ডিব্ৰুগড়ত সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত মৰ্মে আজি ডিব্ৰুগড় জিলা সমিতিয়ে কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক ৰুবুল আলী , জিলাৰ সভাপতি ৰহিমুল হুছেইন, জিলাৰ সাধাৰণ সম্পাদক ইয়াকুব আলীৰ (ৰিকি)আদিৰ নেতৃত্বত দহ জনীয়া এটি সঁজাতি দলে পৰিষদৰ সাত দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ ডিব্ৰুগড় জিলা উপায়ুক্তৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে। স্মাৰক পত্ৰত উল্লেখ কৰা মতে অসম চৰকাৰে যি ভূমি নীতি নিৰ্ধাৰণ কৰিছে সেই ভূমি নীতিক সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে আদৰণি জনাইছে। এই ভূমি নীতিয়ে যি দৰে অসমৰ খিলঞ্জীয়া জনগোষ্ঠীয় লোকে মৰ্যদা পাব লাগে , ঠিক তেনেদৰে একেই মৰ্যদা সদৌ অসম গৰিয়া মৰিয়া দেশী জনগোষ্ঠী সকলকো সমমৰ্যদা দিবৰ বাবে চৰকাৰক দাবী জনোৱা হয়। এই স্মাৰক পত্ৰ প্ৰদান অনুষ্ঠানত ডিব্ৰুগড় জিলা সমিতিৰ উপ-সভাপতি কমৰুজ জামান, ছফিউল বৰা, সহকাৰী সম্পাদক আব্দুল হাদি, কাৰ্যনিৰ্বাহক সদস্য নবাব আজিজুল হক, নুৰুজ জামান, চৰিফুল হুছেইন আদি উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *