ডিব্ৰুগড়ত এইচ.আই.ভি. আৰু যৌন সংক্ৰমিত ৰোগ সন্দৰ্ভত সজাগতা
৬০ দিনীয়া বিস্তৃত আই ই চি অভিযানৰ শুভাৰম্ভণি মন্ত্ৰী অশোক সিংহালৰ
চাইন অন ডেস্ক,২৬আগষ্ট:
সাধাৰণ জনতাৰ জ্ঞানৰ স্তৰ বৃদ্ধি কৰাৰ লগতে সমগ্ৰ অসমত এইচ.আই.ভি. আৰু যৌন সংক্ৰমিত ৰোগ সন্দৰ্ভত প্ৰয়োজনীয় তথ্যৰে জনসাধাৰণক সজাগ আৰু সচেতন কৰাৰ উদ্দেশ্যে অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত আৰম্ভ কৰিবলৈ লোৱা ৬০ দিনীয়া বিস্তৃত তথ্য, শিক্ষা আৰু যোগাযোগ আই ই চি অভিযানৰ ৰাজ্যিক পৰ্যায়ৰ শুভাৰম্ভণি অনুষ্ঠান আজি ডিব্ৰুগড় জিলা পুথিভঁৰালত অনুষ্ঠিত হয়। অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহালে এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে । শুভাৰম্ভণি অনুষ্ঠানত ৰাজ্য সভাৰ সাংসদ যোগেন মহন, চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যাণ ইত্যাদি বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলী , খোৱাং বিধানসভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰী, অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অতিৰিক্ত সচিব মুনীন্দ্ৰ নাথঙাটে, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ড° সৈকত পাত্ৰ, ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ উপ সভাপতি অশোক ভট্ট ৰায়, ডিব্ৰুগড় জিলা পৰিষদৰ অধ্যক্ষা পুষ্পাঞ্জলি সোণোৱাল, স্বাস্থ্য সেৱা সঞ্চালক (পৰিয়াল কল্যাণ) ড° কমলজিৎ তালুকদাৰ, অসম
ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ প্ৰকল্প সঞ্চালক ড° ইন্দ্ৰনুশী দাস,অসম চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতি, ডিব্ৰুগড় জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডা: তৃষ্ণা বড়া, যুৱ আইকন আৰু ৰাষ্ট্ৰীয় টেনিছ খেলুৱৈ অগ্নিভ ভাস্কৰ গোহাঁই, ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰ সৌষ্ঠভ ভূঞাকে প্ৰমুখ্য কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ আৰু অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ বিষয়ববীয়াসকল, ডিব্ৰুগড় জিলা প্ৰশাসনৰ বিষয়া সকল,অসম চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ আই.চি.টি.চি. বিভাগ আৰু এ.আৰ.টি. চেণ্টাৰৰ কৰ্মচাৰী, সহযোগী বেচৰকাৰী সংস্থা , বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা অহা ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক- শিক্ষয়িত্ৰীসকলো উপস্থিত থাকে।এইচ.আই.ভি. সংক্ৰমণৰ বিভিন্ন পথ সন্দৰ্ভে সজাগতা বৃদ্ধি কৰা, এইচ.আই.ভি./এইডছত আক্ৰান্ত আৰু প্ৰভাৱিত লোকসকলৰ প্ৰতি বৈষম্য দূৰ কৰাৰ উদ্দেশ্যে এইচ. আই.ভি. আৰু এইডছ (প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ) আইন, ২০১৭ সন্দৰ্ভত জ্ঞান আৰু সজাগতা বৃদ্ধি কৰা, গৰ্ভৱতী মহিলা তথা এ.এন.চি. সেৱা গ্ৰহণ কৰা মহিলাসকলৰ মাজত এইচ.আই.ভি. আৰু চিফিলিছ সম্পৰ্কে সজাগতা বৃদ্ধি কৰা, এইচ.আই.ভি. পৰীক্ষা, কণ্ডম, যৌন সংক্ৰমিত ৰোগ আদি সেৱাৰ বাবে জনসাধাৰণৰ মাজত চাহিদা সৃষ্টি কৰা আৰু ৰাষ্ট্ৰীয় এইডছ নিয়ন্ত্ৰণ কাৰ্যসূচীৰ অধীনস্থ অন্যান্য সেৱাসমূহৰ লগতে ৰাষ্ট্ৰীয়
এইডছ টোল-ফ্ৰী হেল্পলাইন নম্বৰ ১০৯৭-ৰ ব্যৱহাৰক উৎসাহিত কৰা, এইচ.আই.ভি. সন্দৰ্ভত সজাগতা বৃদ্ধিৰ বাবে ৰাজ্য, জিলা, খণ্ড আৰু গাঁও পঞ্চায়তৰ বিভিন্ন চৰকাৰী বিভাগ আৰু প্ৰশাসনৰ মাজত সমন্বয় আৰু সহযোগিতা শক্তিশালী কৰাই এই অভিযানৰ প্ৰধান উদ্দেশ্য বুলি মন্ত্ৰী সিংহলে উল্লেখ কৰে। আজিৰ এই অনুষ্ঠানত বিস্তৃত আই.ই.চি. অভিযান সন্দৰ্ভত এখনি চমু তথ্যচিত্ৰ প্ৰদৰ্শন কৰাৰ লগতে সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত কৰা হয়। উল্লেখ্য যে, এই ৬০ দিনীয়া বিস্তৃত সজাগতা অভিযানৰ অধীনত অসমৰ ৩৫ খন জিলাৰ ৩৯০০ খন গাঁও আৰু ৫০০ বস্তি অঞ্চল সামৰি লোৱা হ’ব। গাঁওসমূহত স্থানীয় জনসাধাৰণ, গাঁওবুঢ়া, পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকল আদি অংশীদাৰসকলৰ সৈতে সজাগতা আৰু সংবেদনশীলতা বৃদ্ধিৰ সভা অনুষ্ঠিত কৰা হ’ব। বিদ্যালয় আৰু মহাবিদ্যালয়তো সজাগতা সভা অনুষ্ঠিত কৰা হ’ব। অসমৰ বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত ৰেড ৰিবন ক্লাৱৰ জৰিয়তে এইচ. আই.ভি. আৰু যৌন সংক্ৰমিত ৰোগ সন্দৰ্ভে সজাগতা অধিৱেশন অনুষ্ঠিত কৰা হ’ব। এই সজাগতা অধিৱেশনসমূহত বক্তৃতা, আন্তঃ
ক্ৰিয়ামূলক কৰ্মশালা, তথ্য, শিক্ষা আৰু যোগাযোগ সামগ্ৰী বিতৰণ, পোষ্টাৰ নিৰ্মাণ প্ৰতিযোগিতা, কুইজ, তাৎক্ষণিক বক্তৃতা, মানৱ শৃংখল গঠন, এইচ. আই.ভি. সম্পৰ্কীয় ৰীল আৰু চুটি ছবি নিৰ্মাণ আদি বিভিন্ন কাৰ্যসূচী অন্তৰ্ভুক্ত কৰা হৈছে। এই অভিযানৰ সময়ছোৱাত ৫০০ খন বিদ্যালয় আৰু ২০০ খন মহাবিদ্যালয় সামৰি লোৱা হ’ব। ইয়াৰ উপৰিও চৰকাৰী চিকিৎসালয়ত মুঠ ১০০ টা বিশেষ শিবিৰ অনুষ্ঠিত কৰি বিনামূলীয়াকৈ এইচ.আই.ভি./যৌন সংক্ৰমিত ৰোগৰ পৰীক্ষা, পৰামৰ্শদান আৰু চিকিৎসা সেৱা প্ৰদান কৰাৰ পৰিকল্পনা কৰা হৈছে। এই ৬০ দিনত সমগ্ৰ ৰাজ্যজুৰি গণমাধ্যম যেনে ৰেডিঅ’, টেলিভিছন, বাতৰি কাকত; লোকমাধ্যম যেনে নাটিকা; বাহ্যিক মাধ্যম যেনে হৰ্ডিং, কিয়স্ক, বাছ ব্ৰেণ্ডিং, তথ্য, শিক্ষা আৰু যোগাযোগ সমলৰে সজ্জিত বাহনৰ জৰিয়তে মাইকিং, সমদল আদিৰ জৰিয়তে এইচ.আই.ভি. সম্পৰ্কীয় বাৰ্তা ব্যাপকভাৱে প্ৰচাৰ কৰা হ’ব। লগতে এই ৬০ দিনীয়া বিস্তৃত আই.ই.চি. অভিযানত সামাজিক মাধ্যমৰ ব্যাপক ব্যৱহাৰৰ জৰিয়তেও এইচ.আই.ভি. আৰু যৌন সংক্ৰমিত ৰোগ সন্দৰ্ভত ব্যাপক জনসজাগতা সৃষ্টি কৰা হ’ব বুলি অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ তৰফৰ পৰা জানিবলৈ দিয়া হয়।