লোক্ৰাত বীৰ শ্বহীদ দুৰ্গা মল্লৰ প্ৰতিমূৰ্ত্তি উন্মোচন
উন্মোচন কৰে নদুৱাৰ বিধায়ক পদ্ম হাজৰিকাই
বালিপৰা,২৫আগষ্ট:
শোণিতপুৰৰ ৬৯ নং নদুৱাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত লোক্ৰাৰ লবৰঘাৰীত কালি গোৰ্খা জনগোষ্ঠীয় বীৰ শ্বহীদ দুৰ্গা মল্লৰ এক সুবিশাল প্ৰতিমূৰ্ত্তি উন্মোচন কৰে নদুৱাৰ বিধায়ক পদ্ম হাজৰিকাই । তেখেতক সংগ দিয়ে গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাঙে । ২০২২-২৩ বৰ্ষৰ গোৰ্খা উন্নয়ন পৰিষদৰ আঁচনিৰ ৮ লাখ টকা ব্যয়সাপেক্ষে লবৰঘাৰীৰ দুৰ্গা মল্ল চ’কত নিৰ্মাণ হোৱা প্ৰতিমূৰ্ত্তিটো উন্মোচন কৰি বিধায়কগৰাকীয়ে কয় যে 
